1. এগ্ৰিপেডিয়া

Early cultivation : দূৰদৰ্শী মন এটা লৈ আগতীয়াকৈ কৰক নুমলী ধানৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
নুমলী ধান
নুমলী ধান

খেতিত লাভ উঠাবলৈ দীৰ্ঘদিনীয়া পৰিকল্পনা লাগিবই। কিবা এটা এটা দেখি হঠাতে আৰম্ভ কৰিলে আপুনি ভৱাৰ ধৰণে বহু সময়ত হৈ নুঠিবও পাৰে। আৰু তাৰ পৰা লোকচানৰ সন্মখীন হোৱাৰ সম্ভাৱনাই অধিক। গতিকে কৰাৰ পূৰ্বে আগৰ-পাছৰ কিছুমান কথা কৃষক ভৱাটো অত্যন্ত প্ৰয়োজনীয়। আজি আমি আপোনাক এই আলোচনাত বাৰিষা ধান ৰুই কাতি মাহত ধান কাটি সেই ঠাইত পুনৰ সৰিয়হ, শীতকালীন মাটিমাহ লগতে আগতীয়া ৰবিশস্য কৰিব পৰা পদ্ধতিটোৰ বিষয়ে আলোচনা কৰিম।

যিসকল কৃষকৰ মাটি কম তেনে কৃষকে এই পদ্ধতিৰে খেতি কৰিব পাৰে। তাৰ বাবে কৃষকজনক প্ৰথমেই প্ৰয়োজন হ’ব- আগতীয়া ধান। কাৰণ সচৰাচৰ ধানসমূহ কাটিব পৰা হয় আঘোণ-পুহ মাহত। কিন্তু এনে কিছুমান ধান আছে যিবোৰ কম দিনত মানে সৰিয়হ, মাটিমাহ সিঁচিব পৰাতে হয়। তেনে এবিধ উন্নত জাতৰ ধান হল- নুমলী ধান। শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে ধানবিধৰ।

লগতে পঢ়ক- 

Drought tolerant : খৰাং পথাৰত কৰক এই ২ বিধ উন্নতজাতৰ ধানৰ খেতি

অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে, বছৰত দুটা খেতি কৰিবৰ বাবে আগতীয়াকৈ চপাবৰ পৰা মধ্যমীয়া কৃষিকালৰ শালি ধানৰ অধিক উৎপাদনক্ষম জাত। বিঘাই প্রতি ১৬-১৮ মোন গড় উৎপাদনক্ষম এই জাত কৃষিকাল হৈছে ১৩০-১৩৫ দিন। এই জাতৰ ধান চপোৱাৰ পিছত কৃষকসকলে ৰবি শস্য যেনেঃ সৰিয়হ আলু, মটৰ বা অন্যান্য শীতকালিন শাক-পাচলিৰ খেতি কৰিব পাৰে। উল্লেখ্য যে উল্লিখিত ধানসমূহৰ বীজ ৪০ টকা দৰত কৃষকসকলে কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাটৰ লগত যোগাযোগ (ৰাতুল চন্দ্ৰ নেওগ, ৬০০৩৬-৪২১৭৩) কৰি কৃষকসকলে ক্ৰয় কৰিব পাৰিব।

দূৰদৰ্শী মন এটা লৈ কম মাটি থকা কৃষকসকলে এনেধৰণৰ আগতীয়া ধানৰ খেতি কৰিলে একেডোখৰ মাটিতে দুবাৰ খেতি কৰিব পাৰিব। এনেদৰে বহু কৃষকে আগতীয়া ধানৰ খেতি কৰি সেই ঠাইত আগতীয়াকৈ ৰবিশস্যৰ খেতিৰে উপাৰ্জন কৰি আহিছে। লাভ হ’বই কাৰণ- আগতীয়াকৈ বজাৰত ৰৱিশস্যসমূহ উলিয়াব পাৰিলে অধিক দাম পায়।

লগতে পঢ়ক- 

Flood tolerant Paddy : এই ধানবোৰৰ বীজৰ বাবে যোগাযোগ কৰক উল্লিখিত নম্বৰত

English Summary: Agri business for rural life

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.