1. অন্যান্য

Tokyo Olympic Latest Update: টকিঅ' অলিম্পিকত বর্তমানলৈ ২১ টা স্বৰ্ণ পদকেৰে শীৰ্ষ স্থান দখল কৰিছে চীনে, ভাৰতৰ স্থান ৬১

KJ Staff
KJ Staff
Tokyo Olympic 2020 latest Medal Update (Photo Credit: Google)
Tokyo Olympic 2020 latest Medal Update (Photo Credit: Google)

জাপানৰ টকিঅ' চহৰত পূর্ণগতিত চলি আছে ৩২ সংখ্যক অলিম্পিক গেমছ। বিশ্বৰ সবশ্ৰেষ্ঠ ক্ৰীড়া মহাৰণখনৰ আজি নৱম দিনালৈ পদক অৰ্জনৰ তালিকাৰ শীৰ্ষ স্থানত আছে চীন। পদক তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে আয়োজক ৰাষ্ট্র জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।

 অলিম্পিক গেমছত আজি পর্য্যন্ত সৰু ডাঙৰ ৭০ খন দেশৰ ক্রীড়াবিদে পদক পাবলৈ সক্ষম হৈছে।

ইফালে ভাৰতে মীৰাবাই চানুই পোৱা ৰূপৰ পদকেৰে তালিকাৰ ৬১ নম্বৰ স্থানত আছে। অলিম্পিক গেমছৰ প্ৰথম দিনাৰ পৰাই শীৰ্ষ স্থানত থকা চীনে এই পৰ্যন্ত ২১টা স্বৰ্ণ, ১৩ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ মুঠ ৪৬ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

দ্বিতীয় স্থানত আয়োজক দেশ জাপানে ১৭টা স্বৰ্ণ, ৫টা ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ মুঠ ৩০টা পদক লাভ কৰিছে। এইফালে আমেৰিকা যুক্তৰাষ্ট্ৰই ১৬ টা স্বৰ্ণ, ১৭টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জ মুঠ ৪৬ টা পদকেৰে তালিকাৰ তৃতীয় স্থানত আছে।

পদক তালিকাৰ চতুৰ্থ স্থানত থকা ৰিফুজি অৱ অলিম্পিক দলে আজি ৰাতি পর্য্যন্ত ১১টা স্বৰ্ণ, ১৫টা ৰূপ আৰু ১১টা ব্ৰঞ্জৰ মুঠ ৩৭টা পদক অৰ্জন কৰিছে। পদক তালিকাৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম স্থানত আছে ক্ৰমে অষ্ট্ৰেলিয়া, গ্ৰেট বৃটেইন আৰু দক্ষিণ কোৰিয়া।

ফ্ৰান্স, নেডাৰলেণ্ড আৰু নিউজিলেণ্ড তালিকাত ক্রমে অষ্টম, নৱম আৰু দশম স্থানত আছে। বিশ্বৰ ৪৯ খন দেশে এইপৰ্যন্ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মেক্সকো, ভাৰত, ডেনমাৰ্ক, বেলজিয়াম, কিউবা, কাজাখস্তান, তুৰ্কী, আৰ্জেণ্টিনা পৰ্তুগাল, ইণ্ডোনেছিয়া আৰু কলম্বিয়াই এই পৰ্যন্ত স্বৰ্ণপদক লাভ কৰা নাই যদিও চেষ্টা আৰু আশা আছে।

উল্লেখযোগ্য যে, এইবাৰ অলিম্পিকত বিশ্বৰ ২০৬ খন দেশে অংশগ্ৰহণ কৰিছে। ২০০৮ চনৰ বেইজিং অলিম্পিকত শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ জৰিয়তে অলিম্পিকৰ ব্যক্তিগত শাখাত এটা মাত্ৰ স্বৰ্ণপদক পোৱা ভাৰতে এইপৰ্যন্ত স্বৰ্ণপদকৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাই। সমগ্র বিশ্বজুৰি চলি থকা ক'ৰণা মহামাৰীৰ আতংকৰ বাবে চলি থকা টকিঅ' অলিম্পিকত আয়োজক দেশ আৰু অলিম্পিক সংস্থাই বিদেশী দৰ্শকৰ প্রৱেশ নিষেধাজ্ঞা কৰিছে৷

 

English Summary: Tokyo Olympic latest medal updates chaina top of the list

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.