1. অন্যান্য

Coconut-Battle : কেৰ্কেটুৱাৰ পৰা তামোল-নাৰিকল ৰক্ষা কৰাৰ সহজ উপায়

PANKAJ KHANIKAR
PANKAJ KHANIKAR
How can protect Coconut-Battle nut from Squirrel
How can protect Coconut-Battle nut from Squirrel

কেৰ্কেটুৱা থকা অঞ্চলত তামোল, নাৰিকলৰ খেতি কৰিব বিচৰা কৃষকসকলে ১০ ভাবিব লগা হয়। তামোল-নাৰিকল ৰুলে কেৰ্কেটুৱাৰ বাবেহে ৰুৱাৰ হয়। গতিকে কেৰ্কেটুৱা থকা অঞ্চলত কৃষকসকলে তামোল, নাৰিকল ৰুৱাৰ পৰা দূৰত থাকে। যিসকলে ৰুৱে তেওঁলোকে কেৰ্কেটুৱাৰ লগত যুঁজিব লগা হয়। তামোল-নাৰিকল আদিৰ খেতিৰ কৰি বৰঞ্চ পৰৱৰ্তী সময়ত প্ৰস্তাই থাকে।

বহু সময়ত এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি আমাৰ লগত বহু কৃষকে যোগাযোগ কৰিছিল। কিন্তু শেহতীয়াই এজন কৃষক মৃদুল বৰুৱাই কেৰ্কেটুৱা পৰা তামোল-নাৰিকল বচোৱাৰ এটা উপায় উদ্ভাৱন কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, এই উপায় অৱলম্বণ কৰি কৃষকজন ১০০ শতাংশ সফল হৈছে ।

লগতে পঢ়ক- 

Assam Vs Israel-Palestine war : অসম বনাম ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ

কৃষকজনে বাৰীৰ তামোল গছত প্লেনশ্বিট ব্যৱহাৰ কৰিছে। ফটোত আপোনালোকে দেখিছে কিদৰে তামোল আৰু নাৰিকল গছত কৃষকজনে প্লেনশ্বিট ব্যৱহাৰ কৰিছে। এনেদৰে প্লেনশ্বিট ব্যৱহাৰ কৰিলে কেৰ্কেটুৱাবোৰ ওপৰলৈ উঠিব নোৱাৰে পিছলি পৰে। কাৰণ কেৰ্কেটুৱাৰ নখবোৰে প্লেনশ্বিটত খামুচি ওপৰলৈ আগবাঢ়ি যাব নোৱাৰে। কৃষক মৃদুল বৰৱাই জানিবলৈ দিয়া মতে, তেওঁ এই পদ্ধতি অৱলম্বন কৰি ১০০ শতাংশ সফলতা লাভ কৰিছে।

এই পদ্ধতি অৱলম্বণ কৰি সফলতা পাবলৈ কৃষকজনে কেইটামান কথাত মন দিব লাগিব। প্লেনশ্বিত লগোৱা তামোল বা নাৰিকল গছজোপাৰ  কাষৰ গছবোৰ কাটিব লাগিব। যাতে প্লেনশ্বিট লগোৱা গছবোৰত অন্য এজোপা গছৰ পৰা জঁপিয়াই প্লেনশ্বিট লগোৱা গছবোৰত পৰিব নোৱাৰে।

লগতে পঢ়ক- 

সাগৰ পাৰৰ অৰ্ধ নঙঠা মানুহ, সোৱণশিৰিৰ মাছ, ৰাঘৱ আৰু অন্যান্য

English Summary: How can protect Coconut-Battle nut from Squirrel

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.