1. অন্যান্য

A to Z হিচাপ কৰিলে খেতিত লাভতকৈ লোকচানহে হয়! কথাষাৰ কিমান সঁচা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Benefit Of Cultivation
Benefit Of Cultivation

সম্প্ৰতি অসমৰ একাংশ গ্ৰাম্য কৃষকৰ মাজত খেতি নকৰাৰ এটা প্ৰৱণতাই গাঢ় কৰি উঠিছে। খেতি বুলি কওঁতে এই মানুহখিনিয়ে বছৰত এবাৰ কৰা ধান খেতিৰ কথাই বুজে। এইখিনি মানুহে বছৰৰ বাৰিষা ধান খেতি কৰে আৰু আঘোণমহীয়া ধান দায় চপায়। তেওঁলোকৰ খেতিৰ ধাৰণাটো সিমানতে সীমাৱদ্ধ।

আজিকালি তেওঁলোকে টেক্টৰ লগায় । বৰ বেছি কষ্ট নকৰে। কেতিয়াবা বানপানীৰ কাৰণে ধান ভাল নহয় কেতিয়াবা খৰাঙৰ বাবে ধান ভাল নহয়। আনফালে, ধান সিঁচাৰ পৰা ধানকাটি দোকালনৈ বা বজাৰলৈ পঠিওৱালৈকে সকলো হিচাপ কৰিলে ধান খেতি কৰাতকৈ কিনি খোৱাই ভাল বুলি তেওঁলোকে ভাবি আৰম্ভ কৰিছে। তাতে আজিকালি বহু গ্ৰামাঞ্চলৰ লোকে চৰকাৰী চাউল পায় আৰু পত্নীয়ে পায় অৰুণোদয়ৰ ধন। মাজতে ঘৰৰ মালিকজনে দুই এটা আনৰ ঘৰত হাজিৰা কৰিলেই ঘৰৰ লেঠা মৰে। গতিকে খেতি কৰি লোকচানৰ সন্মুখীন হোৱাতকৈ নকৰাই ভাল বুলি ভাবিবলৈ ধৰিছে।

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডৰ উন্নয়নত প্ৰাচীৰ হৈ থিয় দিছে!

কিন্তু সঁচাকৈ জানো খেতি কৰিলে লোকচানৰ সন্মুখীন হয় কৃষকসকল! আমি বহু সময়ত গ্ৰামাঞ্চলসমূহত দেখিছো প্ৰতিবাৰে বানে আহি ধান খেতি নষ্ট কৰাৰ পাছতো বহু কৃষকে তাত ধান খেতিকেই কৰি থাকে। বাৰিষা একেখিনি মাটিকে বানে মৰাৰ বাবে ৩/৪ বাৰলৈকে ৰুৱে। আনফালে, খৰাং পথাৰসমূহতো ধান ভাল নহয়েই তথাপি বাৰে ধান খেতিকে কৰে। গতিকে বানপানীৰ বাবে ভাল নোহোৱা পথাৰবোৰত ধান খেতি নকৰি শীতকালত সৰিয়হ, মাটিমাহ, বৰোধান বা অন্যান্য ৰবিশস্যৰ খেতি কৰিব পাৰে। তেনে নকৰে তেওঁলোকে। ধান খেতিয়েই কৰিব। লাগিলে বানে মৰক। আনফালে, বাম খৰাং মাটিসমহূত বাৰিষা কালত কৃষকসকলে ধান খেতিৰ সলনি জিকা, ভেণ্ডি, ডাংবড়ি, জাতিলাও, কোমোৰা আদি শস্যৰ লগতে অনাৰস. ড্ৰেগন আদিৰ খেতি কৰিব পাৰে। কিন্তু তেনে নকৰে। গতিকে লোকচানৰ সন্মুখীন হ’বই।

সময় সলনি হ’ল। আধুনিক কাপোৰ কানি পিন্ধিবলৈ ধৰিলে, মবাইল আহিল, ৰাষ্ট্ৰা-পদুলি হ’ল। কিন্তু এইসকল কৃষিৰ লগত জড়িত মানুহে নিজৰ খেতি কৰা পদ্ধতি, খেতিৰ ধাৰণাটো আজিলৈকে সলনি কৰিব নোৱাৰিলে। তাৰ সলনি তেওঁলোকে ক’বলৈ আৰম্ভ কৰিলে খেতি কৰিলে লাভতকৈ লোকচানৰ সন্মুখীন হয়। সকলো হিচাপ কৰিলে খেতিত লাভতকৈ লোকচানৰ সন্মুখীন হয়- কথাষাৰ সম্পূৰ্ণ মিথ্যা বুলি প্ৰমাণ কৰে দেশৰ প্ৰগতিশীল কৃষকসকলে। অসমৰ ধনীৰাম চেতিয়া, ভৱেন শালৈ, আকবৰ আলি, উমাশংকৰ শৰ্মা, বিগেশ্বৰ বাগলাৰী আদি কৃষকসকলে প্ৰগতিশীল চিন্তাৰে অৰ্থাত আধুনিক চিন্তাৰে খেতি কৰি বছৰি ১০ লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক- 

Special Article : ভৱিষ্যতে ভাত এমুঠিৰ বাবে চাউল পামনে!

English Summary: Benefit Of Cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.