1. উদ্য়ানশস্য়

কেতবোৰ উল্লেখযোগ্য মচলাজাতীয় শস্যৰ উন্নত কৃষি পদ্ধতি

KJ Staff
KJ Staff
Advance Propagation Techniques
Advance Propagation Techniques

জালুক

জাত: কাৰিমুণ্ডা, পেনিউৰ-১, পেনিউৰ-২

মাটি: পানী ওলাই যোৱাৰ সুবিধা থকা প্ৰচুৰ জৈৱ পদাৰ্থ প্ৰায় সকলো ধৰণৰ মাটিয়েই জালুক খেতিৰ বাবে উপযোগী। অসমৰ মাটি আৰু জলবায়ু জালুক খেতিৰ বাবে অতি উপযোগী।

ৰোৱা সময়

পুলি তৈয়াৰ কৰিবলৈ জালুকৰ গা-গছৰ কটা অংশ ৰোৱা সময় মার্চ মাহ। শিপাযুক্ত পুলি ৰোৱাৰ সময় মে/জুন মাহ।

বগোৱাৰ বাবে

অসমত তামোল আৰু মদাৰ গছ জালুক বগাবলৈ সহায়ক গছ হিচাবে ব্যৱহাৰ কৰা হয়। নাৰিকল নাইবা যিকোনো ধৰণৰ আপেক্ষিকভাৱে খহটা গছ জালুক বগাবলৈ সহায়ক গছ জালুক বগাবলৈ সহায়ক গছ হিচাবে  ব্যৱহাৰ কৰিব পাৰি।

ৰোপন পদ্ধতি

জালুক গছ বগাবলৈ ব্যৱহাৰ কৰা সহায়ক গছডালৰ পৰা ১-১.৫ ফুট আঁতৰত ১.৫ ফুট দীঘল, ১.৫ ফুট বহল আৰু ১.৫ ফুট গভীৰতাৰ গাঁত খান্দি ৫ কিলোগ্রাম পচন সাৰ আৰু সাৰুৱা মাটিৰে গাঁতটো পূৰ কৰি সহায়ক গছৰ পৰা ১ ফুট আতৰত পুলি ৰুব লাগে।  পুলি সদায় গা-গছৰ উত্তৰফালে ৰুব লাগে আৰু পুলিৰ গুৰিত বেছিকৈ মাটি দিব লাগে যাতে পানী জমা নহয়।

প্রতিপালন

পুলিবোৰ সহায়ক গছত বগাবলৈ সুবিধা হোৱাকৈ বাঁহৰ কামিৰে বান্ধি দিব লাগে। গৰম কালিৰ ছাঁ আৰু খৰাং বতৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। জালুক গছৰ গুৰিত জীপ থকাৰ সুবিধা হোৱাকৈ গছৰ পাত, শুকান খেৰ আদি মাটি ঢাকনি হিচাপে দিব লাগে।

সাৰ প্রয়োগ

প্রতিজোপা জালুক গছৰ বাবে পচন সাৰ ১০ কিলোগ্ৰাম ইউৰিয়া, ৩০০ গ্ৰাম চুপাৰ ফচফেট ৩৪০ গ্ৰাম আৰু মিউৰিয়েট অৱ পটাচ সাৰ ৪৫০ গ্ৰামৰ প্ৰয়োজন। এবছৰীয়া পুলিৰ বাবে মুঠ অনুমোদিত সাৰৰ তিনি ভাগৰ এভাগ চেপ্তেমৰ মাহত প্ৰয়োগ কৰিব লাগে। দুবছৰীয়া পুলিৰ বাবে মুঠ অনুমোদিত সাৰৰ তিনিভাগৰ দুভাগ আৰু তিনি বছৰীয়া আৰু ইয়াতকৈ ওপৰ বয়সৰ গছৰ বাবে মুঠ অনুমোদিত সাৰৰ আটাইখিনি দুভাগ কৰি এভাগ মে-জুন মাহত আৰু আনভাগ আগষ্ট-চেপ্তেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকপৈ জালুক খেতিত প্ৰতিজোপা গছৰ বাবে বাৰিষা কালৰ আগেয়ে এবাৰ আৰু শেষত এবাৰ বছৰত দুবাৰকৈ ১০ কিলোগ্ৰাম পচন সাৰ আৰু ১ কিলোগ্ৰাম ফুটছাই প্ৰয়োগ কৰিলেও ভাল উৎপাদন পোৱা যায়।

শস্য ৰক্ষা

গা-গছ মৰহি যোৱা ৰোগৰ পৰা ৰক্ষা পাবলৈ ১ শতাংশ বৰডো মিশ্রণ জুন আৰু ছেপ্তেম্বৰ মাহত দুবাৰ স্ত্ৰে কৰিব লাগে। ইণ্ডোফিল এম–8 ৫ নামৰ দৰৱ প্রতিলিটাৰ পানীত ২ গ্রাম মিহলাই স্ত্ৰে কৰিলেও এই ৰোগৰ পৰা  ৰক্ষা কৰিব পাৰি। এই মিশ্রণ পাতত চটিওৱাৰ উপৰিও গছৰ গুৰিৰ মাটি তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে। পল্লু বিটল্‌ নামৰ পোকবিধৰ আক্রমণৰ পৰা গছজোপা ৰক্ষা কৰিবলৈ জুন-জুলাই মাহত এণ্ডোচালফান নাইবা কুইনলফছ নামৰ দৰৱ মিলিমিটাৰ বা এচামুচ ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

শস্য চপোৱা

পুলি ৰোৱাৰ ৩-৪ বছৰৰ পাছৰ পৰা জালুক গছজোপাই গুটি দিবলৈ আৰম্ভ কৰে। গুটিবোৰ পূৰঠ হৈ দুই এটা কমলা বৰণীয়া হোৱাৰ লগে লগে শস্য চপাব লাগে। ঠাৰিৰে সৈতে জালুকৰ থোপাটো চিঙি আনি উতলা পানীত এক ৫-৬ মিনিট সময় ৰ’দত দিন শুকুৱাই ঠাৰিবোৰ গুচাব লাগে।

উৎপাদন

ভালকৈ প্রতিপালন কৰ এজোপা গছৰ পৰা ২ কিলোগ্রামলৈকে শুকান জালুক পোৱা যায়।

জালুকৰ ক্ষীপ্র গতিত পুলি তৈয়াৰ কৰা পদ্ধতি

জালুকৰ বংশ বিস্তাৰ সাধাৰণতে ডালৰ পৰা হয়। এটা জালুকৰ পুলি ৰোপণ কৰি কম সময়ৰ ভিতৰতে কেনেকৈ অধিক উৎপাদনক্ষম পুলি পাব পাৰি তাৰে নতুন বৈজ্ঞানিক পদ্ধতিতো এনেধৰণৰ:

এডোখৰ পাতলীয়া ছাঁ পৰা সাৰুৱা মাটি বাছনি কৰি লৈ এটা ৭৫ ছেঃমিঃ (আঢ়ৈ ফুট) দ আৰু ৩০ ছেঃমিঃ

(১ ফুট) বহলকৈ সুবিধাজনক দৈঘ্যৰ এটা নলা খান্দিব লাগে। এই নলাটোত সাৰুৱা মাটি, বালি আৰু পচন সাৰ ১:১:১ অনুপাতত মিহলাই পূর্ণ কৰিব লাগে। নলাটোৰ ৬০ ছেঃমিঃ আঁতৰত এডাল দীঘল বাঁহ নলাটোৰ দৈর্ঘ্যৰ দুয়োটা মূৰে দুটা সৰু সৰু খুটা ৩ ফুট ওখকৈ পুতি তাত আওজাই দিব লাগে। এতিয়া মধ্যম আকাৰৰ জাতি বাঁহ এডাল দুফাল কৰি ১.২৫-১.৫ মিঃ অর্থাৎ ৪-৫ ফুট দীঘলকৈ টুকুৰা কৰি এটা মূল নলাটোত গোজ মাৰি আৰু আনটো মূৰ ৪৫ ডিগ্রী হেলনীয়া হোৱাকৈ পথালিকৈ বান্ধি ৰখা গোটা বাঁহডালৰ ওপৰত আওজাই দিব লাগে।

কৰিব লাগে। এতিয়া নিৰোগী সবল একোটাহঁত জালুকৰ পুলি প্রতিটো টুকুৰা বাহৰ ফালৰ গুৰিত অর্থাৎ নলাটোত ৰোপণ কৰিব লাগে।

আওজাই ৰখা বাঁহৰ ফালটোত থকা প্রতিটো গাঠিকে গইনা হিচাপে লৈ ১:১ অনুপাতত মিহলি কৰি লোৱা সাৰুৱা মাটি আৰু পচন সাৰ মিশ্রণ একোটা ৰাখিব লাগে। ইয়াৰ বাবে ২৫০ লিটাৰ পানীত এক কিলোগ্রাম ইউৰিয়া, ৭৫০ গ্রাম একক চুপাৰ ফচফেট, ৫০০ গ্রাম মিউৰেট অৱ পটাছ আৰু ২৫০ গ্ৰাম মেগনেচিয়াম চালফেট মিহলাই ঘোল তৈয়াৰ কৰি প্রতিজোপা জালুকৰ পুলিত ২৫০ মিলিলিটাৰ (এপোৱা)কৈ সাৰৰ মিশ্রণ পুলিৰ ৰিত সাৱধানে প্রয়োগ কৰিব লাগে। পানীৰ পৰিমাণ কম হলে অর্থাৎ যদি ৫০ লিট ৰিয়া সাৰ ২০০ গ্রাম, চুপাৰ ফচফেট ১৫০ গ্রাম, পটাছ সাৰ ১০০ গ্রাম, মেগনেছিয়াম চালফেট ৫০ গ্রাম কৰিব লাগে। এতিয়া ক্রমান্বয়ে বাঢ়ি অহা জালুকৰ পুলিটো যেতিয়া বাঁহৰ গাঁঠিৰ ওচৰত ৰখা মাটি আৰু পচন সাৰৰ মিশ্রণত স্পর্শ কৰিব তেতিয়া স্পর্শ কৰা লতাডালৰ গাঁঠিটোত মিশ্রণটো হেঁচা দি বান্ধি দিব লাগে বা মাটি জাপি পানী ছটিয়াই কোমল কৰি দিব লাগে। গাঁঠিটোৱে কোমল মাটি স্পর্শ কৰাৰ লগে লগে গাঁঠিৰ পৰা শিপাই ওলাই আহি খামুচি ধৰিব।

তিনি, চাৰি মাহৰ পিছত যেতিয়া জালুকজোপা বাঁহৰ ফালটো বগাই বগাই মূৰ পাবগৈ তেতিয়া লতাডালৰ আগটো চিঙি  দিব লাগে আৰু গুৰিৰ ফালে মাটিৰ পৰা তিনিটা গাঁঠিৰ ওপৰত জালুকৰ লতাডাল থেতেলি দিব। এনে কৰিলে লতাডালৰ প্ৰতিখিলা পাতৰ গুৰিত থকা কলিটো বাঢ়িবলৈ বল পায়। ইয়াৰ ১০ দিনৰ পিছতে থেতেলি দিয়া অংশ লতাডাল প্রতিটো গাঁঠিৰ তলত কাটি দিব লাগে আৰু বাঁহৰ ফালটোত বগাই থকা লতাডাল প্রতিটো গাঁঠিত থকা পাতখিলা আৰু কলিটোৰ সৈতে একোটা নতুন পুলি হব। এই পুলিবিলাক এতিয়া মাটি, বালি আৰু পচন সাৰৰ মিশ্রণেৰে ভর্তি কৰি লোৱা পলিথিন বেগত নিয়মীয়াকৈ পানীৰ ব্যৱস্থা কৰিলে প্রায় তিনি সপ্তাহৰ পিছত পুলিৰ কলিবিলাক বাঢ়িবলৈ ধৰিব। এই পদ্ধতিত থকা সুবিধাসমূহ হৈছে -

কম সময়তে অর্থাৎ ৩-৪ মাহৰ ভিতৰত এটা পুলিৰ পৰা ৪০ টা মান পুলি পাব পাৰি। লতাডালৰ গাঁঠিৰ পৰা ওলোৱা শিপাবিলাক স্বাস্থ্যবান আৰু ক্ষীপ্র গতিত বাঢ়ে। গতিকে মূল লতাজোপাৰ পৰা পৃথক কৰি অনাৰ পিছত প্রতিটাে পুলি পথাৰত ৰোপণ কৰিলে দ্রুত গতিত বাঢ়ে।

হালধি

বীজৰ পৰিমাণ: প্রতি বিঘাত ৩.৩. কুইন্টল।

ৰোৱা সময়: এপ্রিল মাহ।

দূৰত্ব: দুটা শাৰীৰ মাজৰ ৪৫ ছেন্টিমিটাৰ আৰু দুজোপা গছৰ মাজত ২৩ ছেন্টিমিটাৰ।

বীজ শোধন

ৰোৱাৰ বাবে বাচনি কৰা ৰাইজমবোৰ ১ লিটাৰ পানীত ৩ গ্রাম ইন্দোফিল এম-৪৫ নামৰ দৰৱ মিহলাই প্রস্তুত কৰা মিশ্রণত আধাঘন্টা সময় দুবাই ৰাখি শোধন কৰি ল’ব লাগে। পিচত এই ৰাইজমবোৰ ছাঁত শুকুৱাই ভেটিত ৰুব লাগে। এনেদৰে শোধন কৰিলে খেতিডৰা ৰাইজম ৰট নামৰ বেমাৰৰ পৰা মুক্ত হয়।

ৰোৱা পদ্ধতি

হালধি ৰুবলৈ ব্যৱহাৰ কৰা ৰাইজম বা মঙহাল আলু ব্যৱহাৰ কৰা হয়। এই ৰাজমবোৰ গড় ওজন ৫০-৬০ গ্রাম হোৱাৰ লগতে মধ্যমীয়া আকাৰৰ পৰা নিৰোগী হ’ব লাগে। মাটিডৰা দকৈ হাল বায় মৈয়াই সমান কৰি ১ মিটাৰ বহল, ১৫ ছেঃমিঃ ওখ আৰু ইচ্ছা অনুযায়ী দীঘল কৰি সৰু সৰু ভেটি তৈয়াৰ কৰি লব লাগে। ভেটিবোৰত সীৰলু টানি ১০ ছেঃমিঃ গভীৰতাত হালধিবোৰ ৰুব লাগে।

সাৰ প্রয়োগ

হালধি খেতিৰ বাবে বিঘাই প্রতি ১.৩ টন পচন সাৰ, ৮ কিঃগ্ৰাঃ ইউৰিয়া, ৪০ কিঃগ্ৰাঃ একক চুপাৰ ফচফেট আৰু ১৩ কিঃগ্ৰাঃ মিউৰিয়েট অৱ পটাছ সাৰ প্রয়োগ কৰাৰ বাবে অনুমোদন পচন সাৰ আৰু একক চুপাৰ ফচফেট সাৰৰ লগত মুঠ অনুমোদিত পৰিমাণৰ আধাভাগ ইউৰিয়া আৰু আধাভাগ পটাছ সাৰ মাটিত প্রয়োগ কৰিভ লাগে। বাকী থকা আধাভাগ পটাছ সাৰৰ লগত ইউৰিয়া সাৰৰ আধা অংশ হালধি ৰোৱাৰ তিনিমাহ পিছত প্রথমবাৰ মাটি চপোৱাৰ সময়ত প্রয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ অন্তিম ভাগ প্রথমবাৰ মাটি চপোৱাৰ এমাহৰ পিচত দুটা শাৰীৰ মাজত প্রয়োগ কৰিব লাগে।

পৰিচৰ্যা

হালধি ৰোৱাৰ ৪০-৪৫ দিন পিছত বনবাতবোৰ চিকুনাই দিব লাগে। ৰোৱাৰ পাছত মাটিৰ ওপৰত ধান, খেৰ, তুহ, শুকান গছৰ পাত আদিৰে মাটি ঢাকনিৰ ব্যৱস্থা কৰি দিব লাগে। ইয়ে মাটিত জীপ থকাত সহায় কৰে। দ্বিতীয়বাৰ মাটি চপোৱাৰ পাছতো এনেধৰণে জৈৱিক আৱৰণীৰ ব্যৱস্থা কৰিব লাগে।

শস্য ৰক্ষা

মজা খোৱা পোক, পাত পকোৱা পোক আৰু মাইট পোকৰ আক্রমণ প্রতিহত কৰিবলৈ ডাইক্রেমণ নামৰ ঔষধ এচামুচ (৫ মিঃলিঃ) ১ লিটাৰ পানীত মিহলাই স্ত্ৰে কৰিব লাগে। ৰাইজম ৰট’ নামৰ নহ’বলৈ বীজ শোধন কৰাৰ উপৰিও আক্রান্ত গছবোৰত ০.২ শতাংশ ইন্দোফিল এম ৪৫ বা ১ শতাংশ বৰডো মিশ্রণ স্তেপ্ৰ কৰিব লাগে। মাটি পাতত দাগ পৰা বেমাৰ নিবাৰণৰ বাবে এচামুচ ইন্দোফিল-৪৫ নামৰ দৰৱ ২ লিটাৰ পানীত মিহলাই বা ১ শতাংশ বৰডো মিশ্রণ পাতত স্প্রে কৰক।

শস্য চপোৱা: হালধি ৰোৱা ৮-৯ মাহ পিছত পাতবোৰ হালধীয়া পৰি শুকাই গ’লে হালধি চপাব লাগে।

উৎপাদন: প্রতিবিঘাত ৪০-৪৬ কুইন্টল।

উৎস: কৃষি বিভাগ। 

English Summary: Advance Propagation Techniques of some Important Spice Crops

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.