1. পশুপালন

Government schemes for fish farming : মীন পালকসকলে গ্ৰহণ কৰক এই চৰকাৰী আঁচনিসমূহৰ সুবিধা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Government schemes for fish farming
Government schemes for fish farming

ভাৰত চৰকাৰৰ মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ মীন পালন বিভাগে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা ৰূপায়ণ কৰি আছে – মীন পালনৰ কল্যাণকে ধৰি মীন খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে আনুমানিক 20050 কোটি টকাৰ বিনিয়োগত ভাৰতত মীন পালন খণ্ডৰ বহনক্ষম আৰু দায়িত্বশীল বিকাশৰ জৰিয়তে নীল বিপ্লৱ অনাৰ এক আঁচনি। ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ ৫ বছৰৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত PMMSY পিএমএমএছৱাই কাৰ্যকৰী কৰা হৈছে।

মাছ উৎপাদন, উৎপাদনশীলতা আৰু মানদণ্ডৰ পৰা প্ৰযুক্তি, শস্য চপোৱাৰ পিছত আন্তঃগাঁথনি আৰু বিপণনলৈকে মীন পালনমূল্য শৃংখলাৰ গুৰুত্বপূৰ্ণ ব্যৱধানবোৰ সমাধান কৰাৰ বাবে পিএমএমএছৱাই প্ৰস্তুত কৰা হৈছে।

আমাৰ মীন পালক সকলৰ সুবিধাৰ্থে PMMSY প্ৰকল্পৰ কেতবোৰ আঁচনিৰ বিষয়ে উল্লেখ কৰা হল:

  1. নতুন পুখুৰী নিৰ্মাণ, প্ৰতি হেক্টৰ 8.4 লাখ টকা
  2. নতুন হেটচাৰী নিৰ্মাণ, 25 লাখ
  3. ইনপুট খৰচ যেনে খাদ্য, 4 লাখ প্ৰতি হেক্টৰ
  4. ডাঙৰ RAS প্ৰকল্প, 50 লাখ, সৰু 25 লাখ
  5. কেজ কালচাৰ প্ৰকল্প 5 লাখ টকা
  6. মাছৰ মধ্যম আকাৰৰ খাদ্য প্ৰস্তুত কৰা কাৰখানা, 30 লাখ, ডাঙৰ আকাৰৰ 1-6.5 কোটি
  1. আলংকাৰিক মাছৰ হেটচাৰী 25 লাখ
  2. বায়োফ্লক প্ৰকল্প, 25 লাখ
  3. বৰফ তৈয়াৰ কাৰখানা, 40 লাখ, ডাঙৰ প্ৰকল্প 1.5 কোটি
  4. ৰেফ্ৰিজেৰেটেড গাড়ী, 25 লাখ
  5. মটৰ চাইকেল, বৰফ বাকচৰ সৈতে, 75 হাজাৰ
  6. বাইচাইকেল বৰফ বাকচ সৈতে 10 হাজাৰ
  7. তিনিচকীয়া বাহন, বৰফ বাকচ সৈতে, 3 লাখ টকা
  8. মাছ বিক্ৰী কৰা বজাৰ, 20 লাখ
  9. জল পৰ্য্যটন কেন্দ্ৰ স্থাপন, 50 লাখ টকা প্ৰকল্প ইত্যাদি

ইয়াৰ ওপৰিও PMMSY প্ৰকল্পত অন্যান্য বহুত আঁচনি আছে।

মনত ৰাখিব PMMSY আঁচনিৰ ক্ষেত্ৰত হিতাধিকাৰীয়ে ধন বিনিয়োগ কৰাটো অপৰিহাৰ্য্য। এই PMMSY আঁচনিৰ প্ৰতিটো প্ৰকল্পৰ মুঠ ব্যয়ৰ ওপৰত সাধাৰণ শ্ৰেণীৰ লোকে 40% আৰু ST,SC বা মহিলা হিতাধিকাৰীয়ে 60% ৰাজসাহায্য পাব।

এই আঁচনি পাবলৈ আমাৰ মীন পালক সকলে নিজৰ জিলা মীন বিষয়াক লগ কৰিব পাৰে আৰু আঁচনিৰ বাবে আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে জিলা মীন বিভাগৰ বিষয়াক লগ কৰি নিজৰ পুখুৰী পৰিদৰ্শন কৰাবলৈ চেষ্টা কৰক।

লেখক : অনুপ শৰ্মা

মহাবাহু ফিছাৰিজ, গহপুৰ

লগতে পঢ়ক- 

Rainy season : বৰষূণৰ বতৰত পুখুৰীত মীনপালকে লবলগীয়া সাৱধানতা

English Summary: Government schemes for fish farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.