1. পশুপালন

সৰভোগ বিলত মীন পালন:

KJ Staff
KJ Staff

অসমৰ মীন সম্পদৰ অন্যতম সম্ভাৱনাময় ক্ষেত্ৰ হ’ল বিলসমূহ। অনন্য জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ অসমৰ বিলসমূহৰ মৎস্য উৎপাদিকা শক্তি তুলনাহীন। অসমত উপলভ্য ২১৬টা মৎস্য প্ৰজাতিৰ বেছিভাগৰে সন্তোষজনক আবাদী হ’ল আমাৰ বিলসমূহ। বিলৰ মাছৰ স্বাদ, চাহিদা আৰু পৰিপুষ্টি সম্পৰ্কে অত্যুক্তি নিষ্প্ৰয়োজন। মুঠ ১,১৯৭খন বিলৰে সমৃদ্ধ আমাৰ মীন উৎস ১,০০,৮১৭ হেক্টৰ জৰকালি বিশিষ্ট। এই বিশাল জলৰাশিৰ মৎস্য উৎপাদন ক্ষমতা বৰ্ণনাতীত যদিও সেই অনুযায়ী মুনাফা আহৰণ সম্ভৱপৰ হোৱা নাই। এই দিশত আমি সকলোৱে গুৰুত্ব দি মীন উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো সময়ৰ আহ্বান। ৰাজ্যখনৰ আৰ্থ-সামাজিক ক্ষেত্ৰৰ ইতিবাচক পৰিৱৰ্তনৰ দিশটো ৰাজ্যখনৰ বিলসমূহৰ উন্নয়নৰ লগত অংগাংগীভাৱে জড়িত। অসমৰ বিলসমূহৰ প্ৰসংগত নিৰৱিচ্ছিন্ন গৱেষণাত ব্ৰতী কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ-পূৱ শাখাৰ মুৰব্বী তথা ভাৰতীয় কৃষি গৱেষণা সেৱাৰ প্ৰথম অসমীয়া বিজ্ঞানী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এই প্ৰতিবেদকক জানিবলৈ দিয়া মৰ্মে ন্যূনতম পৰিচালনাজনিত কামখিনি কৰি অসমৰ বিলসমূহৰপৰা বছৰেকত অনায়াসে হেক্টৰে প্ৰতি ২,৫০০ কিলোগ্ৰাম মৎস্য উৎপাদন পাব পাৰি। বৰ্তমান আমাৰ বিলসমূহৰ বছৰেকত হেক্টৰে প্ৰতি উৎপাদন ২০০ কিলোগ্ৰামৰ ওচৰা-উচৰি। ইয়ে কি সূচায়? বিজ্ঞানীগৰাকীয়ে লগতে জনোৱা মৰ্মে, কেৱল জলজ অপতৃণখিনি পৰিষ্কাৰ কৰি পাৰবোৰ কিছু মেৰামতি আৰু নিৰ্দিষ্ট নিৰিখ মৰ্মে গুণগত মানৰ পোনা মেলিলেই এইখিনি সফলতা সম্ভৱ। বিজ্ঞানীগৰাকীৰ সুৰত সুৰ মিলাই মীন বিভাগৰ যুটীয়া মীন সঞ্চালক তথা এসময়ত কেন্দ্ৰীয় প্ৰতিষ্ঠানটোৰ লগত জড়িত থকাৰ অভিজ্ঞতাৰে সমৃদ্ধ সত্যজিত শৰ্মাই(৯৪৩৫১৬০৪১৪) জনায় যে অসমৰ বিলসমূহৰ জলভাগৰ ভৌত-ৰাসায়নিক গুণাগুণ আৰু প্ৰাকৃতিক খাদ্যৰ উপলভ্যতাৰ প্ৰাচুৰ্যই আন কোনো মূলধনী বিনিয়োগ বা প্ৰয়োগ সামগ্ৰীৰ ব্যতিৰেকেও ঈস্পিত প্ৰাপ্তি নিশ্চিত কৰিবলৈ যথেষ্ট। তেওঁ আৰু অধিক বিৱৰণ বা বিশদ তথ্যৰ বাবে ইচ্ছুকসকলৰ যোগাযোগ বাঞ্চা কৰে প্ৰসংগৰে। এনে এক প্ৰেক্ষাপটৰ পটভূমিতেই সৰভোগৰ দুই যুৱ বন্ধু সঞ্জীৱ বৰ্মণ(৯৯৫৪৩৮৮০৩৬) দেখুৱাইছে আদৰ্শনীয় চানেকী। বন্ধুদ্বয়ে অসম মীন উন্নয়ন নিগমৰ অন্তৰ্গত মৃতপ্ৰায় হৈ পৰা ৫০ হেক্টৰ জলকালি বিশিষ্ট সৰভোগ বিলখন বন্দোবস্তিত লৈ কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ-পূব আঞ্চলিক শাখাৰ সহযোগত এক আদৰ্শ মীন পামলৈ পৰ্যবসিত কৰি ৰাজ্যৰ মীন মানচিত্ৰত এক আদৰ্শ মীন মানচিত্ৰত এক অনুকৰণীয় চানেকী দেখুৱাবলৈ সক্ষম হৈছে। ২০১২ চনত প্ৰায় অৱহেলিত বিলখন বছৰি ৫ লাখ টকা বন্দোবস্তিত ৭ বছৰৰ বাবে সঞ্জীৱে চমজি লওঁতে বন্ধু-বান্ধৱ তথা পৰিয়ালৰ বেছিভাগেই উদগনি যোগোৱা নাছিল। সকলোৰে ধাৰণা আছিল যে সকলো খৰচ আৰু বন্দোবস্তিৰ ধন আদায় দি বিলখনৰ মাছ বিক্ৰীৰপৰা লাভৰ ঘৰত একোৱেই নাথাকিব। সেই সময়ৰ বিলখনত স্থিতি চাই কেৱল মাছ ধৰি বিক্ৰী কৰি এই ধন আদায় দিয়াটো প্ৰকৃতাৰ্থত এটা নিমিলা অংকই আছিল। দুই বন্ধুৰ কিন্তু অন্তৰ্নিহিত উদ্দেশ্য আছিল বেলেগ। তেওঁলোকৰ উদ্দেশ্য আছিল বিলত থকা মাছ ধৰাৰ উপৰি মাছ পালন কৰি উৎপাদন কৰা। শিক্ষিত দুই বন্ধুৱে কাকত-আলোচনী, পুথি-পাঁজিৰপৰা ইতিমধ্যে অসমৰ বিলসমূহৰ মৎস্য উৎপাদন সম্ভাৱনীয়তা সম্পৰ্কে অৱগত হৈছিল। সেয়ে তেওঁলোকে বিলখনক ন ৰূপত সজাই এক উৎপাদনমুখী মীন পামলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যেটো আগত ৰাখিছিল। এই উদেশ্যক সৰোগত কৰি দুয়োৱে ন উদ্যমেৰে বিলখন চমজি লয়। সঞ্জীৱ আৰু দেৱানন্দৰ বন্ধুত্বৰ যোগসূত্ৰৰ আৰম্ভণিও মীনক্ষেত্ৰৰে জড়িত। সঞ্জীৱৰ বৰপেটাৰ শিমলাগুৰিত আছিল পোনো বিপণন ব্যৱসায় আৰু দেবাই সঞ্জীৱৰপৰা ভ্ৰূণ পোনো আনি আঙুলি জোখৰ পৰ্যায়লৈ প্ৰতিপালন কৰি ব্যৱসায় কৰিছিল। ক্ৰমাৎ এনেদৰেই দুই বন্ধুৰ সম্পৰ্ক গাঢ় গৈছিল। মাটি-পানী আৰু মীন পালনৰ প্ৰতি থকা দুয়োৰে দুৰ্বলতা বা আকৰ্ষণে দুয়োকে মীন উন্নয়নৰ পণ লৈ হৃদয়ৰ তাগিদাৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। বিলখন বন্দোবস্তিত লোৱাৰ পিছদিনাই সচৰাচৰ মহলদাৰে কৰাৰ দৰে সকলো মাছ-পুঠি ষোল্লঅনাই উছন কৰাৰ মানসিকতাৰ বিপৰীতে দুয়ো তদানীন্তন বিল পৰিচালক কল্পজিৎ কলিতা(৯৮৫৪০৬১৯২০) আৰু অসম মীন উন্নয়ন নিগমৰ অভিযন্তা বিৰিঞ্চি অধিকাৰীৰ(৯৮৬৪০৪৮৩০৩) সহযোগত বিলখনৰ সংবৰ্দ্ধন আৰু পৰিবৰ্দ্ধনৰ বাবে কাৰিকৰী সহযোগিতা বিচাৰি গুৱাহাটীৰ দিছপুৰস্থিত কেন্দ্ৰীয় অৰ্ন্তদেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ(চিফৰি) মুৰব্বী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক লগ কৰে। ড° ভট্টাচাৰ্য আৰু বিজ্ঞানীদ্বয় ড° দীপেছ দেৱনাথ(৯৫০৮৫৯০৯৩১) আৰু ড° প্ৰণৱ দাসে(৮৪৭৩০০১৯৭০) সুযোগটিৰ সদ্ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগে। তেওঁলোকৰ নেতৃত্বত ‘চিফৰি’ৰ বিষয়া কৰ্মচাৰীৰ দলে বিলখন চৰজমিন অধ্যয়ন আৰু মাটি-পানী পৰীক্ষা কৰি যাৱতীয় দিহা-পৰামৰ্শ আৰু নিদান আগবঢ়ায়। এইখিনি বাস্বৱায়িত কৰিবলৈ দুয়ো বন্ধু লাগি গ’ল পূৰ্ণোদ্যমে। নেৰানেপেৰা চেষ্টাৰ অন্তত এবছৰৰ ভিতৰত অপতৃণ, পিটনি আদি সকলোখিনি চাফা হৈ বিলখনে মীনপামৰ ৰূপ ল’লে। সকলোখিনি তদাৰক কৰিলে ড° ভট্টাচাৰ্যৰ(৯৪৩৫৫৫৩২৭৪/৭০০২৪৬১৪৯৭) নেতৃত্বত বিজ্ঞানীদ্বয় আৰু অসম মীন উন্নয়ন নিগমৰ বিষয়াদ্বয় কল্পজিৎ কলিতা আৰু বিৰিঞ্চি দেৱ অধিকাৰীয়ে। ‘চিফৰি’ৰ কাৰিকৰী দিহামৰ্মে বিলখনৰ পাৰসমূহ মেৰামতি কৰাৰ লগতে আন্ত:গাঁঠনি উন্নয়নো কৰা হ’ল বিজ্ঞানসন্মতভাৱে। প্ৰথম বছৰ মাছ ধৰা সম্পূৰ্ণ বন্ধ ৰাখি কেৱল বিলখন উন্নয়নৰ কামহে কৰা হ’ল। বন্দোবস্তিৰ ধন আদায় দি এইখিনি কৰোতে খৰচ পৰিল প্ৰায় দহ লাখ। অৰ্থাৎ প্ৰথম বছৰত কেৱল বিনিয়োগ। দ্বিতীয় বছৰতো মাছ ধৰাৰ পৰিৱৰ্তে ‘চিফৰি’ৰ দিহা মৰ্মে ১০০ গ্ৰাম গড় ওজন বিশিষ্ট বিভিন্ন প্ৰজাতিৰ পোনা মেলে প্ৰায় ৭ লাখ টকাৰ। বিলত সচৰাচৰ পুখুৰীত মেলা জোখতকৈ ডাঙৰ জোখৰ পোনা মেলা বাঞ্ছনীয়। পৰৱৰ্তী সময়ত পাৰ্শ্ববৰ্তী অঞ্চলত পোনা প্ৰতিপালন পুখুৰী প্ৰস্তুত কৰি নিজাকৈ গুণগত মানৰ নিৰ্দিষ্ট জোখৰ পোনা উৎপাদনৰ নিশ্চিত ব্যৱস্থা কৰিলে বন্ধুদ্বয়ে। ‘চিফৰি’ৰ তৰফৰপৰাও গুণগত মানৰ পোনা মেলাৰ ব্যৱস্থা কৰা হয়। তদুপৰি প্ৰয়োজন সাপেক্ষে চূণ আৰু বিভিন্ন প্ৰয়োগ সামগ্ৰীও মীন পালনত ব্যৱহাৰ কৰা হ’ল বিজ্ঞানীসকলৰ পৰামৰ্শমতে। ফলত আশাতীত মৎস উৎপাদন প্ৰশস্ত হয় ২০১৬ চনৰ শেষৰপৰা। মৃতপ্ৰায় বিলখনত আৰম্ভ্ হয় মৎস্যকেলি। সম্ভৱ হ’ল সন্তোষজনক মৎস্য উৎপাদন। অৱশ্যে বন্ধুদ্বয়ে দুখুৰে জানিবলৈ দিয়ে যে পাৰ্শ্ববৰ্তী খেতিপথাৰত ব্যৱহাৰ কৰা কীটনাশক আদি ৰাসায়নিক পদাৰ্থই মাজে-সময়ে মীন পালনত ব্যাপক ক্ষতি কৰে। চলিত বৰ্ষতে ২৫ কুইন্টলমান মাছ এনেদৰে মৰিছে। যুৱকদ্বয়ে সংশ্লিষ্ট সকলোকে এই দিশটো গুৰুত্বসহকাৰে অনুধাৱন কৰিবলৈ অনুৰোধ জনাইছে। অদূৰ ভৱিষ্যতে বিলখনক মীনভিত্তিক পৰিৱেশানুকূল পৰ্যটন ক্ষেত্ৰলৈ পৰ্যবসিত কৰাৰ পৰিকল্পনা কৰিছে সঞ্জীৱ-দেবাই। লগতে স্থানীয় উপলভ্য সামগ্ৰীৰে এটা মীন খাদ্য প্ৰস্তুতকৰণ গোট স্থাপনৰো ইচ্ছা তেওঁলোকৰ। উদ্যমী যুৱকদ্বয়ে এই প্ৰতিবেদকক জনোৱা মৰ্মে স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসেও তেওঁলোকক সততে দিহা-পৰামৰ্শৰে উদগনি আৰু যাৱতীয় সহযোগীতা আগবঢ়াই আহিছে। তেওঁলোকৰ আজিৰ উত্তৰণত বিধায়কগৰাকীৰ অৱদান কৃতজ্ঞতাৰে স্বীকাৰ কৰে সঞ্জীৱ-দেবাই। যুৱকদ্বয় আজিৰ পটভূমিত নিশ্চিতভাৱে আদৰ্শৰ প্ৰতিভু। আপুনিও সময় পালে সৰভোগ বিল এবাৰ প্ৰত্যক্ষ কৰি আনন্দ লাভ কৰিব পাৰে। যিকোনো বিশদ বিৱৰণ বা অধিক তথ্যৰ বাবে সঞ্জীৱ বৰ্মণ(৯৯৫৭২০৭৮৬০) আৰু দেবানন্দ ৰাজবংশীৰ(৯৯৫৪৩৮৮০৩৬) লগত বাৰ্তালাপ কৰিব পাৰে।

 

                                                                                              লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা

English Summary: Fish farming in Sorbhog

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.