1. সফল কাহিনী

১০০ বিঘা মাটিত সমন্বিত খেতি কৰা সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম গৌৰৱ সন্মান

KJ Staff
KJ Staff
sarbeswar basumatary
sarbeswar basumatary

কৃষি কৰ্মৰ জৰিয়তে বিপ্লৱ আনিবলৈ সক্ষম হোৱা আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে লাভ কৰিলে অসম চৰকাৰৰ স্বীকৃতি। কঠোৰ পৰিশ্ৰমেৰে সেউজীয়াৰ সপোন দেখা সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম চৰকাৰে আগবঢ়াইছে ''অসম গৌৰৱ বঁটা''। সন্মিলিত কৃষি পদ্ধতিৰে কৃষি কৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সৰ্বেশ্বৰ বসুমতাৰীয়ে।

একেদৰা মাটিতে কল, তামোল, কমলা, জলকীয়া, লিচু, নেমু আদি সন্মিলিতভাৱে ৰোপণ কৰি তেওঁ কৃষি কাৰ্যৰ ব্যয় সংকোচন কৰাৰ লগতে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। বছৰটোৰ অধিকাংশ সময় তেওঁ এই কৃষি কাৰ্য কৰিয়ে উপাৰ্জনৰ বাট মুকলি কৰিছে।

এজন প্ৰগতিশীল কৃষক হিচাপে পৰিচিত সৰ্বেশ্বৰ বসুমতাৰীয়ে বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি ১০০ বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধী, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰি আহিছে।

Farmer sarbeswar basumatary
Farmer sarbeswar basumatary

সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বহু লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে। নতুন নতুন উদ্ভাৱনী কৃষি পদ্ধতিৰে সফলতা লাভ কৰা কৃষকগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও সন্মান লাভ কৰিছে।

লগতে পঢ়কঃ BIRD FLU VACCINE কুকুৰা পালকৰ বাবে ভাল খবৰঃ এই বৰ্ষতে বজাৰলৈ আহিব ফ্লুৰ দেশী ভেকচিন

English Summary: Assam Gaurav awardee farmer Sarbeswar Basumatary

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.