1. সফল কাহিনী

হাৰমতীত কৃষি বিপ্লৱৰ সূচনা কৰা অনন্তহঁতৰ সংগ্ৰামী ইতিহাস

KJ Staff
KJ Staff

লখিমপুৰ জিলাৰ লালুক কৃষি চক্ৰৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী হাৰমতী এক ব্যৱসায়িক কেন্দ্ৰস্থল। হাৰমতীৰ কাষতেই ডিক্ৰং নদীৰ পাৰৰ এখন গাঁও মেৰবিল। কৃষকেই জীৱনৰ সাৰথি কৰি এই মেৰবিলৰেই এচাম উদ্যমী যুৱক আগবাঢ়ি আহিছে নিজৰ ইংগিত সপোনক সাৰ্থক কৰি তুলিবলৈ। মেৰবিল গাঁওঅৰ অনন্ত বৰা, গোপাল বৰা, বংশী বৰা, অৰুণ বৰা, ভাইটি ফুকন, কুশৰাম বৰুৱা, শ্যাম বৰা, শশী বৰা, নিৰঞ্জন ভূঞা, মাধৱ বৰা-এওঁলোক প্ৰতিজনেই শিক্ষিত যুৱক। কোনোজন  স্নাতক, কোনোবাজন স্নাতকোত্তৰ। প্ৰথম অৱস্থাত চৰকাৰী চাকৰিৰ আশাত স্বপ্নাৱিষ্ট হৈ কেইটামান মূল্যৱান বছৰ অবাবত ব্যয় কৰাৰ পাছত জীৱনক যেন নতুনকৈ উপলব্ধি কৰিলে তেওঁলোকে। আৰু আজি নিজৰ ঈপসিত লক্ষ্যত উপনীত হোৱাৰ সময়ত এইসকল শিক্ষিত যুৱকেই সমগ্ৰ ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে এক নতুন বাৰ্তা-সেই বাৰ্তা স্ব-নিয়োজনৰ, সংগ্ৰামী পথেৰে ভৰা অৰ্থনৈতিক স্বাৱলম্বিতাৰ।

অনন্ত বৰাহঁতৰ জীৱনৰ সূঁতি সলনি কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা লোকজন হ’ল হাৰমতী এলেকাৰ কৃষি সম্প্ৰসাৰণ কৰ্মী লক্ষণ মাল্লা। লক্ষণ মাল্লাৰ উদগনিতেই অনন্ত বৰাহঁতৰ মন ঢাল খালে স্ব-নিয়োজনৰ অফুৰন্ত উৎস কৃষিকৰ্মলৈ। কিন্তু পথৰ কন্টক- নিজাববীয়া মাটিৰ অভাৱ। ডিক্ৰং নৈৰ পাৰৰ শ শ বিঘা পতিত ভূমি সেই সমস্যাৰ সমাধান বুলি চিহ্নিত হ’ল। ২০০৬ চনত নৈপৰীয়া সেই পলসুৱা মাটি বছৰি প্ৰতি বিঘাত ৫০০ টকাৰ চুক্তিত লৈ অনন্তহঁত আগবাঢ়িল সোণগুটি বুটলিবলৈ। অনন্তই ল’লে ৭ বিঘা মাটি। সেই বছৰৰে ৰবি শস্যৰ বতৰত বন্ধাকবি, ফুলকবি আৰু বিলাহীৰ খেতিৰে তেওঁ খোজ পেলালে কৃষিকৰ্মৰ সংগ্ৰামী পথাৰত। সেই বছৰটোত খেতিৰ পৰা অনন্তৰ লাভ হৈছিল মুঠ ৬০ হাজাৰ টকা। পৰৱৰ্তী বছৰত ১৪ বিঘা মাটি চুক্তিত লৈ খাৰিফ আৰু ৰবি শস্যৰ খেতিৰে অনন্তই লাভৰ পৰিমাণ বৃদ্ধি কৰিলে ১ লাখ ৫০ হাজাৰ টকালৈ। অকল সেয়াই নহয় খেতি কৰা এই আটাইখিনি মাটি তেওঁ নিজাববীয়াকৈ ক্ৰয় কৰিবলৈও সমৰ্থ হ’ল। বৰ্তমান নিজস্ব এই ১৪ বিঘা ভূমিৰ উপৰিও অতিৰিক্ত ৩০ বিঘা ভূমি বছৰি ১০০০ টকাৰ চুক্তিত লৈ অনন্তই আন এগৰাকী স্নাতকোত্তৰ যুৱক কুশৰাম বৰুৱাৰ সৈতে ব্যস্ত হৈ পৰিছে আলু, জলকীয়া, স্কোৱাচ, ভেণ্ডি, তিয়ঁহ, লেচেৰামাহকে ধৰি বিভিন্ন শাক-পাচলি আৰু অইন খেতিত। বিগত বছৰটোত তেওঁলোকে উপাৰ্জন কৰিছে খাৰিফ বতৰৰ খেতিৰ পৰা ৪ লাখ টকা আৰু ৰবি শস্যৰ খেতিৰ পৰা ৬ লাখ টকা। অনন্ত বৰাক আদৰ্শ হিচাপে লৈ বৰ্তমান অঞ্চলটোৰ অন্যান্য শিক্ষিত যুৱকসকলেও খোজ দিছে একেই পথেৰে।

এই পথ অৰ্থনৈতিক স্বাৱলম্বিতাৰ। অনন্ত বৰাৰ কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি সংস্থাপিত হৈছে অইন ১৫ টা পৰিয়াল। তেওঁৰ আছে দুখনকৈ ট্ৰেক্টৰ, ৪ টা অগভীৰ নলীনাদ , ৫ টাকৈ স্প্ৰেয়াৰ, এখন পিকআপ ভেন আৰু অন্যান্য সৰু-বৰ, কৃষি যন্ত্ৰপাতি। হাৰমতী বজাৰ অনন্তহঁতৰ উৎপাদিত শস্য বিপণনৰ প্ৰাণকেন্দ্ৰ। এটি শীতল ভঁৰালৰ বাবে অনন্তহঁতে বাট চাইছে আশাৰে। নিজৰ উত্থানৰ প্ৰতি মুহূৰ্তৰ সাক্ষী লখিমপুৰ জিলা কৃষি কাৰ্য্যালয়ৰ বিষয়া-কৰ্মীসকলৰ ঐকান্তিক সহযোগিতাক অকপটে স্বীকাৰ কৰি আহিছে অনন্ত বৰাহঁতে।

লিখকৰ নাম: ভাস্কৰজ্যোতি বৰঠাকুৰ

English Summary: Struggling Farmers Became Successful

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.