জীৱনত আচলতে অসম্ভৱ বুলি একোৱে নাই। প্ৰায়ে আমি আমাৰ যোগ্যতাক লৈ সন্দিহান হওঁ। নিজে সাজি লোৱা মানসিক গণ্ডীৰপৰা ওলাই আহি, নিজৰ সুবিধাজনক স্থিতিৰপৰা আঁতৰি আমি নতুন কাম এটাত হাত দিবলৈ ইতঃস্ততবোধ কৰোঁ। এনে নীচাত্মিকাৰপৰা মুক্ত হৈ যিসকল লোক আগুৱাব পাৰিছে, তেওঁলোককেই ফুলৰ মালাৰে আদৰিছে সফলতাই। বিমানসেৱা ব্যৱসায়ী জিআৰ গোপীনাথো তেনে এজন ব্যক্তি।
সেনাৰ চাকৰি এৰি ব্যৱসায়ত হাত দিয়া গোপীনাথৰ জীৱন এটা সময়ত ভাৰসাম্যহীন হৈ পৰিছিল। বহু ব্যৱসায়ত সম্পৰীক্ষা চলাই বিফল হৈছিল গোপীনাথ। টানত পৰি গাখীৰৰ ব্যৱসায়, মুৰ্গীৰ ফাৰ্ম, পাট পলুৰ ফাৰ্ম আদি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল গোপীনাথে। এই ব্যৱসায়সমূহে তেওঁক যথেষ্ট সকাহ দিলে। এই ক্ষুদ্ৰ ব্যৱসায়সমূহে সাজি দিয়া ভেটিতে তেওঁ আৰম্ভ কৰিলে কেৰিয়াৰৰ দ্বিতীয় ইনিংছ। তেওঁ বাইকৰ ডিলাৰ খুলিলে, ষ্টক ব্ৰকিং আৰম্ভ কৰিলে, জলসিঞ্চনৰ সামগ্ৰী বিক্ৰী কৰিলে, কৃষি পৰামৰ্শদাতা হিচাপে কাম কৰিলে আৰু শেষত এভিয়েচন উদ্যোগী হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিলে। জীৱনৰ সকলো সংঘৰ্ষ বৰ্ণনা কৰি গোপীনাথে লিখি উলিয়াইছে তেওঁৰ আত্মজীৱনী- ‘ছিম্পলী ফ্লায়িং’। সৈনিক স্কুলৰপৰা এভিয়েচন ব্যৱসায়ী আমৰু তাৰ পাছত ৰাজনীতিলৈ গোপীনাথৰ দীঘলীয়া যাত্ৰাত এক আলোকপাত-
১৯৫১ চনৰ ১৩ নৱেম্বৰত জন্মগ্ৰহণ কৰা গৰুৰ ৰামাস্বামী আয়েংগাৰ গোপীনাথ কৰ্ণাটকৰ গোৰুৰ নামৰ এখন সৰু গাঁৱত ডাঙৰ দীঘল হৈছিল। গোপীনাথে তেওঁৰ শৈশৱ আঠজন ভাই-ভনীৰ সৈতে অতিবাহিত কৰিছিল। তেওঁ তেওঁৰ পিতৃ-মাতৃৰ আঠটি সন্তানৰ ভিতৰত দ্বিতীয় আছিল। তেওঁৰ দেউতাক এজন বিদ্যালয়ৰ শিক্ষক আৰু কানাড়া ঔপন্যাসিক আছিল। গোপীনাথৰ দেউতাকে বিশ্বাস কৰিছিল যে বিদ্যালয় এক অনুশাসনৰ ব্যৱস্থা। সেয়েহে প্ৰাৰম্ভিক দিনবোৰত তেওঁ তেওঁৰ পুত্ৰক ঘৰতে পাঠদান কৰাৰ সিদ্ধান্ত লৈছিল। কেইবছৰমান ঘৰতে শিক্ষা গ্ৰহণৰ পাছত গোপীনাথক এখন কানাড়া মাধ্যমৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীত নামভৰ্তি কৰা হৈছিল।
1962 চনত, তেওঁক সৈনিক স্কুল বিজাপুৰত ভৰ্তি কৰোৱা হয় আৰু ইয়াৰ পৰা গোপীনাথে সেনাত যোগদান কৰিবলৈ চেষ্টা আৰম্ভ কৰে। স্কুলীয়া শিক্ষাৰ পিছত গোপীনাথ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীত নিৰ্বাচিত হয়। ইয়াত তেওঁ ৮ বছৰ সেৱা আগবঢ়াইছিল আৰু ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধতো যুঁজিছিল। কিন্তু ২৮ বছৰ বয়সত গোপীনাথে সেনাৰ চাকৰি বাদ দিয়ে। ইয়াৰ পাছত বিভিন্ন ব্যৱসায় কৰিবলৈ ধৰে গোপীনাথে। এইসূহত পোৱা সফলতা-বিফলতাৰ অভিজ্ঞতা সামৰি তেওঁ ১৯৯৭ চনত ডেক্কান এভিয়েশ্যন নামৰ এটা কোম্পানী গঢ়ি তোলে। কোম্পানীটোৱে ভিআইপি লোকসকলৰ বাবে হেলিকপ্তাৰ সেৱা আগবঢ়াইছিল। কোম্পানীটোৰ সহ প্ৰতিষ্ঠাপক হিচাপে কিছু সফলতাৰ পাছত তেওঁ ২০০৩ চনত মধ্যবিত্তসকলৰ সুবিধা হোৱাকৈ কম ভাড়া মূল্যত আৰম্ভ কৰে এয়াৰ ডেক্কান এয়াৰলাইনছ। জীৱনৰ সকলো উপাৰ্জনৰ জমা টকা এই এয়াৰলাইনছত বিনিয়োগ কৰাৰ পাছত দুৰ্ভাগ্যজনকভাৱে গোপীনাথৰ এয়াৰ ডেক্কান এয়াৰলাইনছ ব্যৱসায়িকভাৱে বিফল হয়। ২০১৩ত এই এয়াৰলাইন সেৱা বন্ধ কৰিবলগীয়া হয় গোপীনাথে। ইয়াৰ পাছত ২০০৯ আৰু ২০১৪ত তেওঁ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় যদিও সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল। বিভিন্ন ঘাত-প্ৰতিঘাতেৰে ভৰা গোপীনাথৰ জীৱন কাহিনী এই কাৰণেই অনুপ্ৰেৰণাৰ কাৰণ কিয়নো বাৰে বাৰে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পাছতো তেওঁ থমকি নৰ’ল। সফলতা নামৰ মৰীচিকা খেদি তেওঁ এতিয়াও জীৱন যুঁজত এজন বীৰ সৈনিকৰ দৰেই যুঁজ দি আছে।
লগতে পঢ়কঃ নতুন প্ৰযুক্তিৰে এৰী সুতা উৎপাদনেৰে উজলিছে বাক্সাৰ ১০ গৰাকী বড়ো মহিলা