1. শিক্ষা

শিক্ষানীতিত বৃহৎ পৰিবৰ্তন, ১ জানুৱাৰীৰ পৰা নতুন শিক্ষা গাঁথনি

KJ Staff
KJ Staff
new education policy in Assam under NEP
new education policy in Assam under NEP

ৰাজ্যৰ শিক্ষানীতিত বৃহৎ পৰিবৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ১ জানুৱাৰীৰ পৰা সম্পূৰ্ণ সলনি হ’ব পূৰ্বৰ শিক্ষা গাঁঠনি । ২০২৩ চনৰ ভিতৰত অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (National Education Policy) ৰ অধীনত অসমত এক নতুন শিক্ষা নীতি ব্যৱস্হাত অনুমোদন জনাইছে ।

নতুন শিক্ষানীতি অনুসৰি পূৰ্বৰ শিক্ষা গাঠনি ১০+২ ৰ শিক্ষা ব্যৱস্হা সম্পূৰ্ণ সলনি কৰা হ’ব  । বিদ্যালয়শিক্ষাৰ গাঁথনি বৰ্তমানৰ ১০+২ ৰ পৰা ৫+৩+৩+৪ লৈ সলনি কৰা হ’ব । বুধবাৰে বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

new education policy
new education policy

নতুন শিক্ষা গাঁঠনিত পঞ্চম শ্ৰেণী পৰ্যন্ত অন্তৰ্গত হ’ব প্ৰথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত । ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৩বছৰ (শ্ৰেণী ৬,৭ আৰু ৮) আৰু ৪ বছৰ ( শ্ৰেণী ৯,১০,১১ আৰু ১২) শিক্ষা সঞ্চালকালয়ৰ (Directorate Of Education)ৰ অন্তৰ্গত হ’ব ।  অংগনবাড়ী আৰু প্ৰাথমিক শিক্ষাৰ বাবে গঠন কৰা হ’ব বিশেষ সমিতি । এই পৰিবৰ্তন ২০২৩ চনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

লগতে পঢ়কঃৰাজ্যৰ ২২ হাজাৰ নিৱনুৱাক নিয়োগ কৰিব, প্ৰতিমাহে ৬,৫০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে

English Summary: new education policy in assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.