বিশ্বনাথ জিলাৰ Pabhoi Greens কৃষিপামে কঢ়িয়াই আনিছে আশাৰ বতৰা । যুৱকৃষক নীলম দত্তৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই Pabhoi Greens কৃষিপামখন।
কৃষিপামখনত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পাচলিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ৮০ বিঘাৰ পামখনত আছে ১৪০ প্ৰজাতিৰ বিলাহী, ৫২ প্ৰজাতি কবি,৮০টা প্ৰজাতিৰ জলকীয়া
কৃষিৰ সমান্তৰালভাৱে নীলিমদত্তই কেঁচুসাৰ উৎপাদন, মতস্য মাছ পালন কৰে। ২০ টা মাছৰ পোনা উতপাদন কৰাৰ পুখুৰীৰ লগতে কৃষিফাৰ্মখনত আছে ৩০ জনী উন্নতজাতৰ গৰু।
প্ৰায় ৮০ বিঘা মাটিৰে আগুৰি থকা পাভৈ গ্ৰীন কৃষিফাৰ্মক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াৰো প্ৰচেষ্টা অব্যাহত ৰাখিছে নীলম দত্তই। পৰ্যটক থাকিব পৰাকৈ সাজি উলিয়াইছে কেইবাটাও আলহীগৃহ।
টকৌ পাত, বাঁহ আদিৰে সাজি উলিয়াইছে অৰুণাচল প্ৰদেশৰ ঘৰৰ আৰ্হিৰ এটা চাংঘৰো। ইফালে, কৃষি পামখনত আছে এটা থকা প্ৰশিক্ষণ কেন্দ্ৰ, য'ত কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহী বহু লোকক প্ৰশিক্ষণ প্ৰদান কৰা হয়।
চাকৰি নকৰাকৈ অৰ্থনৈততিকভাৱে সৱল হৈ পৰা নীলম দত্তই নিজৰ লগতে কৃষি ফাৰ্মখনত দৈনিক ২০-২৫ জনকৈ দিছে সংস্থাপন।
লগতে পঢ়ক-
Share your comments