1. সফল কাহিনী

গ্ৰীষ্মকালীন শাক-পাচলিৰ খেতিৰ পৰাই ২-৩ লাখ উপাৰ্জন চৰাইদেউৰ তনৱ গগৈৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গ্ৰীষ্মকালীন শাক-পাচলিৰ খেতিৰে লাখ টকা উপাৰ্জন
গ্ৰীষ্মকালীন শাক-পাচলিৰ খেতিৰে লাখ টকা উপাৰ্জন

চৰাইদেউ জিলাৰ এগৰাকী প্ৰগতিশীল কৃষকৰ উৎপাদনে এতিয়া সৃষ্টি কৰিছে এখন বজাৰৰ ৷ ধান, শাক-পাচলিৰ পৰা আৰম্ভ কৰি ছাগলী, কুকুৰা পালন কৰিয়ে তেঁও আৰম্ভ কৰিছে কৃষি বিল্পবৰ৷ কৃষি ভূমিৰ সঠিক ব্যৱহাৰ আৰু স্বাৱলম্বিতাৰ দিশত সফলতা লাভ কৰা এই প্ৰগতিশীল কৃষকগৰাকীয়ে হৈছে বৰহাট কৃষি চক্ৰৰ অন্তৰ্গত বৰপথাৰৰ গাঁৱৰ তনব গগৈ৷

কৃষি কৰ্মৰ প্ৰতি প্ৰবল হেঁপাহ থকা কৃষকগৰাকীয়ে প্ৰমাণ কৰি দেখুৱালে কৃষি কৰ্মৰ জৰিয়তেও সপোন দেখিব পাৰি, সপোন পূৰণ কৰিব পাৰি৷ বৰপথাৰ অঞ্চলত থকা কৃষকগৰাকীয়ে প্ৰতি বছৰে প্ৰায় ১৫ বিঘা মাটিত শালি ধানৰ খেতি কৰি আহিছে ৷ প্ৰধানকৈ ধান খেতিৰ জৰিয়তে লাভাম্বিত হোৱা তনব গগৈয়ে বাৰিষা কালত শাক-পাচলিৰো খেতি কৰি বজাৰ দখল কৰিবলৈ সক্ষম হয়৷  

লগতে পঢ়ক- 

১০ বছৰ আগলৈ কৃষি আৰু কৃষক বুলিলে নাক কোচাইছিল অসমীয়া মানুহে

বাৰিষা কালত বিশেষকৈ ভেন্দি, জিকা, তৰৈ, ধুন্দুলি আদি শাক-পাচলি খেতিৰ জৰিয়তে যথেষ্ট লাভ আহৰণ কৰিছে কৃষকগৰাকীয়ে৷ তেখেতৰ মত, অনুসৰি শীতকালতকৈ বাৰিষা কালত উৎপাদন হোৱা শাক-পাচলিৰ পৰাই বছৰটোৰ সৰ্বাধিক আয় সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ কৃষক তনব গগৈয়ে প্ৰায় ২-৩ লাখ টকা বাৰ্ষিক লাভ আহৰণ কৰে বৰ্ষাকালত৷

ইয়াৰ বিপৰীতে শীতকালত হোৱা বিভিন্ন কবিজাতীয় পাচলি, বেঙেনা, ব্ৰক'লি আদিৰ পৰাও ২-৫ লাখ টকা বাৰ্ষিক লাভ আহৰণ কৰে৷ ইয়াৰ উপৰি কৃষি বিভাগৰ সহযোগতো তেখেতে মাকৈ, ঘেঁহু আদিৰ খেতি কৰিয়ো যথেষ্ট লাভাম্বিত হৈছে৷ বৰহাট অঞ্চলৰ কৃষকগৰাকীয়ে এতিয়া সেই অঞ্চলৰ লগতে জিলাখনৰো বিভিন্ন স্থানলৈ বজাৰতো তেখেতৰ ফচল বিক্ৰীৰ বাবে প্ৰেৰণ কৰি আহিছে৷ তদুপৰি এইবাৰ তেওঁ পৰীক্ষামূলকভাৱে ঘেঁহ খেতি কৰিছিল।

লগতে পঢ়ক- 

কৃষিমেলাত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু শালিধানৰ বীজ বিতৰণ কৃষি বিভাগৰ

English Summary: 2-3 lakh income from summer vegetable cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.