1. সফল কাহিনী

ভোটজলকীয়াৰ খেতি, গাহৰি পালন, জৈৱিক সাৰ প্ৰস্তুতেৰে স্বাৱলম্বী ৰমেশ টাইডে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Earning source of rural people
Earning source of rural people

ওচৰৰ পুঠি খলিহনা, দূৰৰ ৰৌ-বৰালী বুলি অসমীয়াত এষাৰ কথা আছে। ওচৰৰ পুঠি-খলিহনা এৰি বহুলোকে দূৰৰ ৰৌ-বৰালী সন্ধানত যায়। সেয়া বেয়া কথা নহয়। কিন্তু কোনোৱে হাতৰটো এৰি বাটৰটোলৈ দৌৰ নামাৰে। হাতৰ কাষতে থকাখিনিক সজাই-মেলি পৰিকল্পনাৰে জীৱনটো আগবঢ়াই নিয়ে। তেনে এজন ব্যক্তি ধেমাজি চিলাপথাৰৰ ৰমেশ টাইড।

বহুমুখী কৃষিৰে জড়িত ৰমেছ টাইডে নিজৰ হাতে ঢুকি পোৱা ঠাইখিনিতে বিচাৰি লৈছে কৰ্মসংস্থাপনৰ পথ। বিগত ৩ বছৰ টাইডে ঘৰৰ কাষতে ভোট জলকীয়া খেতি কৰি আহিছে। বিজ্ঞানসন্মত পদ্ধতিৰে কৰা জলকীয়া খেতিত টাইডে প্ৰতিবছৰে ভাল উপাৰ্জন কৰিছে। কেৱল জলকীয়া খেতিয়েই নহয়। টাইডে গোপালন কৰে, জৈৱিক সাৰ প্ৰস্তুত কৰে, গাহৰি পোহে। এই কামবোৰ কৰিয়েই তেওঁ মাহেলী এটা ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু অসুবিধা নোহোৱাকৈ নিজৰ পৰিয়ালটো চলাই নিছে।

লগতে পঢ়ক- 

কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰিলে কি কি দিশত লাভান্বিত হ’ব আপুনি

ৰমেশ টাইডৰ ভোট জলকীয়া খেতি
ৰমেশ টাইডৰ ভোট জলকীয়া খেতি

টাইডৰ এই মিশ্ৰিত কৃষি পদ্ধতিয়ে প্ৰমাণ কৰি দেখুৱাইছে যে নিজৰ ঘৰখনৰ পৰাই মন কৰিলে বহু কাম কৰিব পাৰে। ইয়াৰ বাবে কেৱল অকণমান সুপৰিকল্পনা, সাহস, ধৈৰ্য আৰু কষ্ট কৰিবলৈ ভয় নকৰা এটা মন। এইবোৰ নথকাৰ বাবেই বহু যুৱক বাহিৰলৈ কাম কৰিব যায়।

গাহৰি ফাৰ্ম
গাহৰি ফাৰ্ম
গো-পালন আৰু গোৱৰ পৰা জৈৱিক সাৰ প্ৰস্তুত
গো-পালন আৰু গোৱৰ পৰা জৈৱিক সাৰ প্ৰস্তুত

বাহিৰত কাম কৰিবলৈ গলে দুপইচা বেছি পালে কি হ’ব- খোৱা-বোৱা খৰচ, থকা, কেৱল সেই কামটোহে হ’ব  ঘৰৰ কাম একো নহয়, দৰমহা বেছি পোৱা কাম পালে বাৰু একো নাই, আনহাতে বাহিৰৰ বহু কামত ১২ ঘন্টা ডিউটি, সপ্তাহৰ ৭ দিনেই ডিউটি-এনেদৰে ঘৰত কাম কৰিলে বহু ইনকাম কৰিব পাৰিব।

লগতে পঢ়ক- 

Rural business ideas : হাতৰটো এৰি বাটৰটোলৈ আৰু কিমান দিন ৰ'ব

English Summary: Agri business for rural life

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.