1. News

মঞ্চৰপৰা খেতিপথাৰলৈ দ্বিজেন কুমাৰ নাথৰ জয়যাত্ৰাৰ এক কাহিনী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
দ্বিজেন কুমাৰ নাথ
দ্বিজেন কুমাৰ নাথ

দৰং জিলাৰ গৰীয়া পাৰত চালে চকু ৰুৱাকৈ গঢ় লৈ উঠিছে পাঞ্চজন্য আদৰ্শ কৃষক গোট নামৰ এখন কৃষি ফাৰ্ম। থিয়েটাৰ অভিনেতা দ্বিজেন কুমাৰ নাথৰ নেতৃত্বত ৫ জন কৃষকৰে গঠিত এই পাঞ্চজন্য আদৰ্শ কৃষক গোট।

ক’ভিড মহামাৰীৰ সময়ত মঞ্চ অভিনয় জগতখন থমকি ৰোৱাৰ সময়ত চহৰৰ পৰা গাঁৱৰ ঘৰলৈ উভটি আহিছিল দ্বিজেন কুমাৰ । ঘৰলৈ আহি পূৰ্বৰে পৰা খেতি-পথাৰৰ লগত জড়িত কেইবাজনো কৃষকৰ লগত খেতিত মনোনিৱেশ কৰে অভিনেতা দ্বিজেন নাথে। পৰৱৰ্তী সময়তে দ্বিজেন নাথে ৫ জন মনে মিলা বন্ধুৰ লগত লগ হৈ পৰিকল্পিতভাৱে খেতি কৰাৰ মন মেলিলে।

লগতে পঢ়ক-

ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক

তাৰ ফলশ্ৰুতিতে ২০২০ চনত ৫ বন্ধুৱে মিলি স্থাপন কৰিলে পাঞ্চজন্য আদৰ্শ কৃষক গোট। প্ৰথমবাৰৰ বাবে তেওঁলোকে ২ বিঘাত মাটিত ৭ হাজাৰ ষ্টবেৰী পুলি ৰুৱে। আৰু ২ লাখ ৩০ হাজাৰ টকা উপাৰ্জন কৰে কৃষক গোটটোৱে। পৰৱৰ্তী সময়ত আৰু উভটি চাব লগা হোৱা নাই পাঞ্চজন্য আদৰ্শ কৃষক গোটে।

কভিড গ’ল কিন্তু খেতিপথাৰৰ পৰা মঞ্চলৈ উলটি নগ’ল অভিনেতা দ্বিজেন কুমাৰ নাথ, বৰঞ্চ ন উদ্যমেৰ কৃষিত মনোনিৱেশ কৰি গ’ল, বৰ্তমান পাঞ্চজন্য কৃষি ফাৰ্মত ষ্টবেৰীৰ লগতে কুঁহিয়া খেতি, মীন পালন, ছাগলী পালন, কলৰ খেতি, বগৰীৰ খেতি কৰি আহিছে কৃষকগোটটোৱে। প্ৰগতিশীল কৃষক হিচাপে এতিয়া বহুজনৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে পাঞ্চজন্যৰ সদস্যসকল।

লগতে পঢ়ক- 

ধান ভাল নোহোৱা বাম মাটি এবিঘাত এইবাৰ তিয়ঁহ খেতি কৰক

English Summary: A story of Dwijen Kumar Nath's journey from stage to field

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.