1. এগ্ৰিপেডিয়া

Arohi & Bishala : বিশালা-আৰোহীৰ খেতি কৰক বিঘাত ৮-১০ টনকৈ উৎপাদন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

Watermelon New variety

বিগত বৰ্ষত বিশালা-আৰোহীৰ খেতিৰে ভাল উপাৰ্জন কৰিলে তেজপুৰ জামুগুৰিহাটৰ কৃষক শৰত বৰুৱাই। ৪ বিঘা মাটিত কৃষকগৰাকীয়ে কৰিছিল বিশালা আৰু আৰোহীৰ খেতি। এইবাৰ কৃষকগৰাকীয়ে ৩৫ বিঘা মাটিত বিশালা আৰু আৰোহীৰ খেতি কৰিবলৈ সাজু কৰিছে। বিগত বৰ্ষত লাভৰ মুখ দেখাৰ পাছতেই বিশালা আৰোহী খেতিৰ বাবে ন উদ্যমেৰে কৃষি পথাৰত নামিছে কৃষকগৰাকীয়ে।

আমাৰ কৃষকসকলে বিশালা-আৰোহী কি বস্তু বুলি হয়তো ভাবিছে! হয়তো ছবি দেখাৰ পাছতে দুই এজনে হয়তো অনুমান কৰিছে- বিশালা আৰু আৰোহী তৰমূজেই হ’ব। হয় থিকেই- বিশালা আৰু আৰোহী তৰমূজেই। তৰমূজৰ দুটা নতুন প্ৰকাৰ।

এই জাত দুটাৰ বৈশিষ্ট্য এনেধৰণৰ ( Character of New watermelon variety)

১। বিশালা জাতটোৰ তৰমূজৰ ওপৰৰ ৰঙটো হালধীয়া ভিতৰ ৰঙটো সাধাৰণ তৰমূজৰ দৰেই ৰঙা।

২। আৰোহীৰ আকৌ ওপৰৰ ৰঙটো সাধাৰণ তৰমূজৰ দৰেই কিন্তু ভিতৰৰ ৰঙটো হালধীয়া

৩। কৃষক শৰত বৰুৱাই জানিবলৈ দিয়া মতে, এই জাত দুটাৰ তৰমূজৰ দাম বজাৰত আন সাধাৰণ তৰমূজৰ দুগুণ।

৪। ভালকৈ কৰিলে এই তৰমূজৰ খেতিৰ পৰা এবিঘা মাটিত ৮-১০ টন উতপাদন কৰিব পাৰে।

৫। খাবলৈ আন তৰমূজতকৈ সুস্বাদু

তৰমূজৰ খেতিৰ সময় ( Watermelon Farming time) Known You (I) Seed PVT Ltd

জানুৱাৰীৰ পৰা ফ্ৰেব্ৰুৱাৰী-মাৰ্চলৈকে কৃষকসকলে ইয়াৰ খেতি কৰিব পাৰে। ৰোপনৰ ৩ মাহৰ পাছৰ পৰাই তৰমূজ গছজোপাত ফল লাগিবলৈ ধৰে। কৃষকসকলে, গোৱৰ পৰ্যাপ্ত পৰিমানে প্ৰয়োগ কৰিলে অধিক লাভান্বিত হব বুলি জানিবলৈ দিছে কৃষক শৰত বৰুৱাই। কৃষক শৰত বৰুৱাই মালচিং পেপাৰ ব্যৱহাৰ কৰি এই খেতি কৰিছিল।

বিশালা আৰু আৰোহী বীজ ক’ত পাব

কৃষকসকলে Known You (I) Seed PVT Ltd ৰ লগত যোগাযোগ কৰিব। Making life Prosper নামৰ এপছটোত গৈ Watermelon Arohi বা Watermelon bishala বুলি মাৰি দিলেই আহিব। তাৰপাছতেই অৰ্ডাৰ কৰিলে ঘৰতে ইয়াৰ বীজ পাব। নাইবা কোনো আগ্ৰহী কৃষকে শৰত বৰুৱাৰ লগত যোগাযোগ কৰিব। শৰত বৰুৱাৰ লগত যোগাযোগ কৰিবলৈ আমাক কমেন্ট বক্সত মেচেজ কৰিব।

Known You (I) Seed PVT Ltd
Known You (I) Seed PVT Ltd

বিক্ৰি কৰিব ক’ত?

তৰমূজৰ বজাৰ খনটো ইনেই আছেই। যদি কোনো কৃষকে আৰোহী-বিশালা জাতৰ তৰমূজ বিক্ৰি কৰিব বিচাৰে তেতিয়া তেওঁলোকক তাৰো ব্যৱস্থা কৰাই দিব কৃষক শৰত বৰুৱাই।

লগতে পঢ়ক- 

Profitable Farming : ৩-৪ মাহতে লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি!

 

English Summary: Watermelon New Variety : Its farming Methods & Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.