1. সফল কাহিনী

কৃষিৰ প্ৰতি যুৱ-প্ৰজন্মৰ আকৰ্ষণ বৃদ্ধি লক্ষ্যৰে হেলিকপ্টাৰ কিনিলে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ কৃষকজনে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Amazing benefit Black pepper farming
Amazing benefit Black pepper farming

শেহতীয়াকৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰা মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ডত দেশৰ আটাইতকৈ ধনী কৃষকৰ সন্মান লাভ কৰা ৰাজাৰাম ত্ৰিপাঠীয়ে ভাৰত চৰকাৰৰ কৃষি আৰু খাদ্য পৰিষদ আৰু কৃষি মন্ত্ৰালয়ৰ পৰা তিনিবাৰকৈ দেশৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিছে। ৰাজাৰাম ত্ৰিপাঠীৰ ককাক এজন কৃষক আৰু দেউতাক শিক্ষক আছিল। শিক্ষকতাৰ সমান্তৰালভাৱে ৰাজাৰাম ত্ৰিপাঠীৰ দেউতাকে বহু বিঘা মাটিত শাক-পাচলিৰ খেতিও কৰিছিল। গতিকে শৈশৱৰ পৰাই কৃষি, খেতি পথাৰ আদিৰ লগত চিনাকী আছিল ৰাজাৰাম ত্ৰিপাঠীৰ। যদিও তেওঁ কৰ্মজীৱন আৰম্ভ কৰিলে বেংকৰ কৰ্মচাৰীৰূপে। বেংকত কিছুদিন কাম কৰাৰ পাছতে চাকৰি ত্যাগ কৰি তেওঁ খেতি পথাৰত মনোনিৱেশ কৰিলে।

বৰ্তমান দেশৰ আটাইতকৈ ধনী কৃষকসকলৰ তালিকাৰ শীৰ্ষস্থানত থকা কৃষকসকলৰ ভিতৰত অন্যতম এজন ৰাজাৰাম ত্ৰিপাঠী। তেওঁ ছত্তীছগড়ৰ বাস্তাৰৰ বাসিন্দা। বৰ্তমান তেওঁৰ ৩খন কৃষিফাৰ্ম আছে। ৩ খন কৃষি ফাৰ্মৰ মুঠ মাটিকালি-১০০০ একৰ। বৰ্তমান তেওঁৰ কৃষি ফাৰ্মখনত ৪০০ টা পৰিয়ালে কাম কৰি আছে। তেওঁ বিশেষকৈ গুৰুত্ব দিয়ে ওষধি উদ্ভিদ শস্যৰ খেতি ওপৰত। তেওঁ উপাৰ্জনৰ প্ৰধান উতস- জালুকৰ খেতি। তেওঁৰ অধিকাংশ কৃষিভূমিতেই জালুকৰ খেতি কৰিছে। জালুকৰ খেতি কৰিবলৈ বা জালুক গছবোৰ বগাই যাবলৈ যিবিলাক গছ ৰোপন কৰিছে সেইবোৰ অতি মূল্যৱান গছ। যিবিলাক গছৰ কাঠৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত অতি বেছি। তেওঁ জালুক বগাবৰ বাবে অষ্টেলিয়ান চেগুণ নামৰ মূল্যবান গছবিধ ৰোপন কৰিছে। জালুকৰ সমান্তৰালভাৱে গছজোপাও বাঢ়ি যায়। এফালে জালুক পৰা প্ৰতিবছৰে উপাৰ্জন কৰি থাকে আৰু এসময়ত সেই মূল্যৱান গছজোপাৰ পৰাও তেওঁ এটা মোটা অংকৰ ধন লাভ কৰিব।

লগতে পঢ়ক- 

মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই

জালুকৰ খেতি সন্দৰ্ভত কৃষকগৰাকীয়ে কয়- ৪০ ফুট ওখ এজোপা অষ্টেলিয়ান চেগুন গছত বগাই থকা এজোপা জালুকে ৮ কেজি জালুক দিয়ে, ১ কেজিত ৫০০ টকা, সেই হিচাপত এজোপা গছে ৪ হাজাৰ টকা দিব প্ৰতিবছৰে, এজন কৃষকে এক একৰত  ৮০০-৯০০ জোপা অষ্টেলিয়ান চেগুণ গছ ৰোপন কৰিব পাৰে। ধৰি লওঁক ৮০০- ৯০০ ঠাইত ৫০০ জোপা বাচিলে সেই ৫০০ জোপাত কৰা জালুকৰ পৰা আপুনি বছৰি ২০-৪০ লাখ টকা উপাৰ্জন কৰিব পাৰিব। তেওঁ লগতে কয়- ‘এনেদৰে প্ৰতিজোপা জালুকে ৪০ বছৰলৈ ফল দি থাকিব।’’ আপোনালোকে অনুমান কৰক- ১০০০ একৰ কৃষিভূমিৰ জালুকৰ খেতিৰ পৰা ৰাজাৰাম ত্ৰিপাঠীয়ে বছৰি কিমান টকা উপাৰ্জন কৰিব। নিশ্চিতভাৱে কোটি টকা উপাৰ্জন কৰিব। বিশেষ মন কৰিবলগীয়া যে তেওঁ নিজৰ ইণ্ডাষ্টি আছে। সেই ইণ্ডাষ্টিৰ পৰাই তেওঁ পেকেজিং কৰে। তেওঁ সম্পূৰ্ণ জৈৱিকভাৱে এই খেতি। গতিকে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ চাহিদা আছে তেওঁলোকৰ প্ৰডাক্টৰ।

উল্লেখ্য যে এনেদৰে কৰা জালুকৰ লগতে অন্যান্য ওষধি উদ্ভিদৰ খেতিৰ পৰা উপাৰ্জন কৰা পইচাৰে এখন হেলিকপ্টাৰ ক্ৰয়ে কৰে। ৪ আসনযুক্ত, ৭ কোটি টকীয়া হেলিকপ্টাৰখন তেওঁ খেতি পথাৰত সাৰ আৰু মেডিচিন প্ৰয়োগত ব্যৱহাৰ কৰিব। কৃষক ৰাজাৰাম ত্ৰিপাঠীয়ে ইংলেণ্ড আৰু জাৰ্মানীত হেলিকপ্টাৰৰ জড়িয়তে ঔষধ আৰু সাৰ স্প্ৰে’ৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা দেখিছিল। ত্ৰিপাঠায়েও এই হেলিকপ্টাৰ খনৰ জড়িয়তে ১০০০ একৰ ফাৰ্মখনৰ ব্যৱহাৰ কৰিব।

কৃষি পথাৰত সাৰ-ঔষধৰ প্ৰয়োগৰ লগতে অন্য এটা কাৰণতো তেওঁ হেলিকপ্টাৰখন ক্ৰয় কৰিছে বুলি জানিবলৈ দি তেওঁ কয় যে যুৱ প্ৰজন্মৰ চিন্তাধাৰা সলনি কৰিবলৈ ৰাজাৰাম ত্ৰিপাঠীয়ে হেলিকপ্টাৰ ক্ৰয় কৰিছে। যাতে নৱপ্ৰজন্মৰ মাজত খেতিৰ প্ৰতি ইতিবাচক মনোভাৱ গঢ় লৈ উঠে। সম্প্ৰতি তেওঁ হেলিকপ্টাৰ উৰণৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছে।

ভাৰতৰ শ্ৰেষ্ঠ কৃষকজনে কয়- এজন দুখীয়া আৰু দুৰ্ভগীয়া কৃষকৰ প্ৰতিচ্ছবিয়ে যুৱক-যুৱতীসকলক খেতি কৰিবলৈ অনুপ্ৰাণিত কৰিব নোৱাৰে।

লগতে পঢ়ক- 

মেহগণি গছ ৰোপনৰ লাভালাভবোৰ জানেনে! সৱিশেষ জানিবলৈ এতিয়াই ফোন কৰক

English Summary: Amazing benefit Black pepper farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.