Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 May, 2024 3:19 PM IST

৪০ বছৰ পূৰ্বে জন্ম হোৱা মহিন্দ্ৰা টেক্টৰছ আধুনিক কৃষকৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ব্যৱহাৰিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিৰ সমাহাৰেৰে কৃষকৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে কোম্পানীটোৱে। অতিশেহতীয়াকৈ চলিত মাহটোৰ আৰম্ভণিতে ৪০ লাখ গ্ৰাহকৰ অন্তভূক্তিয়ে বিশ্বৰ সৰ্ববৃহৎ ট্ৰেক্টৰ নিৰ্মাতা কোম্পানী হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে।

প্ৰায় ৬ দশক ধৰি এই অপ্ৰতিদ্বন্দ্বী কৃতিত্ব অৰ্জন কৰা মহিন্দ্ৰা ট্ৰেক্টৰৰ মূল উপাদান কৃষি অৰ্থনীতিৰ পৰিচালক কৃষকসকল। আৰু কৃষকসকলৰ দাবীৰ প্ৰতি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ আন্তৰিক সহাৰি। মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ কৃষি সঁজুলি খণ্ডৰ সভাপতি হেমন্ত ছিক্কা (President, Farm Equipment Sector)ই কোৱাৰ দৰে, “কৃষিক ৰূপান্তৰিত কৰা আৰু জীৱন সমৃদ্ধ কৰাৰ আমাৰ উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হৈ আমি মহিন্দ্ৰা ট্ৰেক্টৰৰ আমাৰ নেতৃত্বত ৪০ লাখ ইউনিট বিক্ৰী কৰি অতি গৌৰৱ অনুভৱ কৰোঁ।  এই মাইলৰ খুঁটিসমূহৰ জৰিয়তে মই আমাৰ গ্ৰাহকক, প্ৰতিদিনে আমাক অনুপ্ৰাণিত কৰা কৃষকসকলৰ লগতে আমাৰ অংশীদাৰ আৰু আমাৰ দলসমূহলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিহেতু আমি একেলগে পৰিৱৰ্তনৰ যাত্ৰাত নামিছো।”

লগতে পঢ়ক- 

৮ বছৰ পূৰ্বে খেতি পথাৰত নমা লক্ষ্য দাবাছৰ বৰ্তমান ৮ কোটি টকাৰ ব্যৱসায়

১৯৬৩ চনত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই প্ৰথমখন ট্ৰেক্টৰ মহিন্দ্ৰা বি-২৭৫ লৈ কৃষি খণ্ডত প্ৰৱেশ কৰে। তেতিয়াৰ পৰাই বিকশিত ভাৰতীয় কৃষক আৰু মহিন্দ্ৰা ট্ৰেক্টৰছে হাত হাত ধৰি আগবঢ়ি পাৰস্পৰিকভাৱে লাভান্বিত হৈছে আৰু আজি বিশ্বক নেতৃত্ব দিব পৰা হৈছে।। মহিন্দ্ৰা ট্ৰেক্টৰছে এই দিঘলীয়া সময়ছোৱাত ৩৯০ টাতকৈও অধিক ট্ৰেক্টৰ মডেল মুকলি কৰিছে আৰু সমগ্ৰ ভাৰততে ১২০০ ৰো অধিক ডিলাৰ অংশীদাৰৰ এক শক্তিশালী নেটৱৰ্ক স্থাপন কৰিছে, যিয়ে সমগ্ৰ দেশতে বিভিন্ন ধৰণৰ কৃষি প্ৰয়োজনীয়তাক দূৰ কৰিছে।

মহিন্দ্ৰা ট্ৰেক্টৰৰ যি সম্প্ৰাসাৰণ দ্ৰুতগতিত আগবাঢ়িছে। ২০০৪, ২০১৩, ২০১৯, আৰু এই বছৰ ক্ৰমে ১০, ২০, ৩০, আৰু ৪০ লাখ গ্ৰাহকে আমাৰ সেৱা লাভ কৰিবলৈ সক্ষম হৈছে। মহিন্দ্ৰা ট্ৰেক্টৰছৰ মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰম ৱাগে প্ৰকাশ কৰে যে, “এয়া আমাৰ সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। আমাৰ উদ্দেশ্য, ভাৰতীয় কৃষিৰ গভীৰ বুজাবুজি, আৰু আমাৰ বিশ্বব্যাপী প্ৰসাৰতাৰ ওপৰত নিৰ্মিত আমাৰ ব্ৰেণ্ডৰ ওপৰত গ্ৰাহকে যি আস্থা ৰাখিছে তাৰ এক শক্তিশালী প্ৰমাণ ৪০ লাখ ট্ৰেক্টৰ ডেলিভাৰী।”

৬০ টা দশক গৰকি অহা মহিন্দ্ৰা ট্ৰেক্টৰে বৰ্তমান আৰু অদূৰ ভৱিষ্যতে ভাৰতীয় মূল ভূখণ্ডৰ সীমাৰ বহু ওপৰেৰে কৃষি সীমাৰেখাত ভৰি দিছে। বিশ্বৰ ৫০খনতকৈও অধিক দেশৰ সত্তাসমূহৰ সৈতে অংশীদাৰিত্ব, সহযোগিতা আৰু উদ্ভাৱন কৰি নিজৰ বাবে এক বিশ্বব্যাপী স্থান স্থাপন কৰি মহিন্দ্ৰা ট্ৰেক্টৰছে এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ সামগ্ৰীৰ বিস্তৃত তালিকা মুকলি কৰিবলৈ সাজু হৈছে। বৰ্তমান মহিন্দ্ৰা ট্ৰেক্টৰৰ বাবে ভাৰতৰ বাহিৰত আমেৰিকাই সৰ্ববৃহৎ বজাৰ যদিও আছিয়ান আৰু ইউৰোপীয় বজাৰত বজাৰ সম্প্ৰসাৰণ ক্ৰমে এই বছৰ আৰু পৰৱৰ্তী বছৰৰ বাবে প্ৰকল্প লোৱা হৈছে। মহিন্দ্ৰা ট্ৰেক্টৰছৰ মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰম ৱাগে লগতে কয় যে, "যদিও যোৱা ৫ বছৰটো কল্পনাতীত আছিল, য'ত আমি আমাৰ দ্ৰুতগতিত মিলিয়ন গ্ৰাহকক ঘড়ীত উপনীত হৈছিলো, আমি ভৱিষ্যতেও আগতকৈ বেছি উৎসাৰে আমাৰ গ্ৰাহকৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তাক ট্ৰেক্টৰৰ বহল পৰ্টফলিঅ'ৰে সঁহাৰি জনাই যাম আৰু লগতে আমাৰ দৰে বিশ্বমানৰ প্ৰযুক্তি আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰিম কৃষকক।" we enable the farmer to Rise."

লগতে পঢ়ক- 

Drip Irrigation : ড্ৰিপ ইৰিগেশ্যন কি! ই কেনেদৰে সহায় কৰিব কৃষকক

English Summary: Mahindra Tractors’ Continued Endeavour To Help Every Indian Farmer Flourish
Published on: 04 May 2024, 02:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now