তামিলনাডুৰ সমৃদ্ধিৰ প্ৰতীকস্বৰূপ অন্তহীন সেউজীয়া পথাৰবোৰৰ মাজত এক ৰোমাঞ্চকৰ বিপ্লৱৰ সূচনা হৈছে। অত্যাধুনিক প্ৰযুক্তিৰ মহিন্দ্ৰা ব্ৰেণ্ডৰ কৃষি বাহন, সঁজুলি, আৰু সঁজুলিৰ এক আকৰ্ষণীয় পৰিসৰেৰে সজ্জিত হৈ সমগ্ৰ ৰাজ্যৰ কৃষকসকলে ব্যক্তিগত আৰু সামূহিক লাভৰ এক লহৰ শুনিবলৈ পোৱা গৈছে কৃষকৰ মাজত। ইয়াৰ মূলতে মহিন্দ্ৰা টেক্টৰ। বৃহৎ কৃষিভূমিক পৰম্পৰাগতভাৱে সমগ্ৰ তামিলনাডুৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শ্ৰম- সময়-আৰু বিত্তীয়ৰ কেন্দৰ বিন্দু গণ্য কৰা হয়। এই কৃষিভূমিসমূহত কৃষিৰ প্ৰয়োজনীয়তা আৰু উদ্ভাৱনৰ জৰুৰী প্ৰয়োজনীয়তাক বাস্তবায়িত কৰিবলৈ মহিন্দ্ৰাই প্ৰযুক্তি আৰু স্মাৰ্ট কৃষি কৌশলৰ প্ৰতি লক্ষ্য ৰাখিছে।
নাৰিকল আৰু বাগিচাৰ খেতিৰ মালিক তামিলনাডুৰ সেনমপালায়মৰ খেতিয়ক ভিগনেশে মহিন্দ্ৰা বেণ্ডৰ কৃষি সঁজুলি ব্যৱহাৰ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়, “আমাৰ সকলো প্ৰক্ৰিয়াই যোৱা ৩০ বছৰ ধৰি জনশক্তিৰ ওপৰত নিৰ্ভৰশীল আছিল,” “কিন্তু তেতিয়া, সময়ৰ লগে লগে, শ্ৰমিকৰ নিত্য বৃদ্ধি পোৱা নাটনি আৰু বাগিছাৰ কামৰ বাবে অতিৰিক্ত ধন দিয়াৰ লগে লগে, ই ব্যৱহাৰিক আৰু ব্যয়বহুল আছিল।” কিন্তু এই সকলোবোৰৰ পৰা ৰেহাই প্ৰদান কৰিলে মহিন্দ্ৰা মিনি ট্ৰেক্টৰে।”
তামিলনাডুত ধান, চুপাৰি, নাৰিকল, কল আদি বহুতো শস্যৰে ভৰা। মাটি চহোৱাৰ পৰা আৰম্ভ কৰি ইয়াৰ পুডলিং, বীজ সিঁচা, স্প্ৰে কৰা, অপতৃণ কৰা, মাল্চিং আদিলৈকে, কৃষকৰ প্ৰক্ৰিয়াৰ প্ৰতিটো পদক্ষেপ এতিয়া মহিন্দ্ৰা ট্ৰেক্টৰৰ দ্বাৰা সম্ভৱ। পাটাকাউৰৰ পল্লেভালামৰ কল খেতিয়ক থিৰুমুৰ্টিয়ে কয়, “মই এতিয়া শ্ৰমৰ বাবে খৰচ কৰা ধনৰ এক তৃতীয়াংশই তাৰ পৰিৱৰ্তে মোৰ ট্ৰেক্টৰৰ ইন্ধনত খৰচ কৰো। সঞ্চয় বৃহৎ হৈছে, আৰু অত্যন্ত সহায়ক হৈছে।”
প্ৰতিখন মহিন্দ্ৰা ট্ৰেক্টৰে বহুমুখী কৰ্তব্যৰ ক্ষমতাই এতিয়া কৃষকৰ সকলো প্ৰয়োজনীয়তাক পূৰণ কৰিবলৈ সক্ষম হৈছে। কোম্পানী আৰু কৃষকৰ মাজত থকা ‘কৃষক প্ৰথম’ সমীকৰণে এই কোম্পানী আৰু কৃষকৰ সম্পৰ্কক স্বাস্থ্যকৰ কৰি তোলে। প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় কৃষক হৈ থকা বিগনেশে পূৰ্বতে এদিন কাম কৰাৰ পিছত শৰীৰৰ অপৰিসীম বিষত ভুগিছিল। কিন্তু এতিয়া মহিন্দ্ৰা ট্ৰেক্টৰ কৃষকৰ বাবে এক শাৰীৰিক আশীৰ্বাদ হৈ পৰিছে। " বৰ্তমান মহিন্দ্ৰাৰ কৃষি সঁজুলিৰ সহায়ত মই ১০ ঘণ্টাৰ শ্বিফটত কাম কৰাৰ পিছতো শৰীৰৰ বিষ অনুভৱ কৰা নাই।"
তামিলনাডুৰ কৃষকসকলে মহিন্দ্ৰা ট্ৰেক্টৰ আৰু ইয়াৰ বহুমুখী কৰ্ম সম্পাদন ক্ষমতাৰ সৈতে পৰিচিত হৈছে। কৃষকসকলৰ মাজত বিশেষভাৱে জনপ্ৰিয় হোৱা এটা বিশেষ বিষয় হৈছে মহিন্দ্ৰা ৰ’টাভেটৰ, যিটো মাটি চহোৱাৰ লগতে চপোৱাৰ পিছত পথাৰখন পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। মেট্টুপালয়ামৰ কৃষক ধনৰাজৰ দৃঢ় আত্মবিশ্বাসেৰে কয়- “মই আগতে প্ৰতি বছৰে শ্ৰমৰ বাবে ৬০০০ টকা খৰচ কৰিছিলোঁ মাটি চহোৱাত। মই এতিয়া নিজেই কৰো, বিনামূলীয়াকৈ।”
তামিলনাডুৰ কৃষকসকলে মহিন্দাৰ প্ৰযুক্তিগত উন্নতি আৰু উদ্ভাৱনক তেওঁলোকৰ অবিৰত উন্নতিৰ মূল সমৰ্থক হিচাপে চিনাক্ত কৰিছে। আৰু মহিন্দ্ৰাই তেওঁলোকৰ সফলতাত জড়িত হৈ আৰু সবলীকৰণ কৰি তুলিব পৰাত গৌৰৱ অনুভৱ কৰিছে।
লগতে পঢ়ক-