1. সফল কাহিনী

বহিঃৰাজ্যলৈ নগৈ এই কামবোৰো কৰিব পাৰে অসমৰ যুৱ-প্ৰজন্মই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষ্ণ গগৈৰ পাণ আৰু ভোট জলকীয়া খেতি
কৃষ্ণ গগৈৰ পাণ আৰু ভোট জলকীয়া খেতি

ৰাজ্যখনত শিক্ষিত যুৱক-যুৱতী সকলক চৰকাৰী সংস্থাপনহীনতাই চিন্তিত কৰি তুলিছে। ফলত শিক্ষিত যুৱ প্ৰ্জন্মই চৰকাৰী চাকৰিলৈ বাট নাচাই বহিঃৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাট বিচাৰি ঢাপলি মেলাও পৰিলক্ষিত হৈছে। তেনে সময়তে ডিব্ৰুগড় জিলাৰ লেঙেৰী অঞ্চলৰ নহোলা গাঁৱৰ এজন শিক্ষিত যুৱকে বেংকৰ ঋণ তথা চৰকাৰী চাকৰিলৈ বাট নাচাই কৃষিকৰ্মৰ যোগেদি স্বাৱলম্বী হৈ আশাৰ বতৰ কঢ়িয়াই আনিছে।

নিজৰ বাৰীতে কুইন প্ৰজাতিৰ ভোট জলকীয়া আৰু জাতি পাণৰ খেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰা এইজন যুৱকৰ নাম কৃষ্ণ গগৈ। পোনাৰাম গগৈৰ দ্বিতীয় পুত্ৰ কৃষ্ণই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈয়ে কৃষিকাৰ্য্যত জড়িত হৈ পৰিছিল। কোনো প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈয়ে প্ৰায় এবিঘা মাটিত ২,০০০ জোপা ভোট জলকীয়া খেতি কৰি এই বছৰৰ এপ্ৰিল-মে’ মাহত বজাৰত বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। মাহে ভোট জলকীয়া বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক- 

এসময়ৰ নিৱনুৱা পল্লৱ গগৈয়ে এতিয়া দৈনিক ৩ জনক নিজৰ পামত

মাহে ভোট জলকীয়া বিক্ৰী কৰি ৩৫,০০০ টকালৈকে উপাৰ্জন কৰে গগৈয়ে’। কোনোধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ প্ৰতি কেজিত ৩৫০ টকাকৈ পাইকাৰী গ্ৰাহকসকলক যোগান যোগান ধৰি আহিছে। বৰ্তমান গগৈৰ বাৰীত শ শ ভোট জলকীয়া দেখিবলৈ পোৱা যায়। ইপিনে ভোট জলকীয়াৰ মাজে মাজে গোমধানৰ খেতি কৰিও যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

আনহাতে গগৈয়ে সাত-আঠ বছৰ ধৰি জাতি পাণৰ খেতিৰে মাহে ৩০,০০০ টকাকৈ বছৰত প্ৰায় ৩-৪ লাখ টকা উপাৰ্জন কৰি আহিছে। একাগ্ৰতা আৰু কঠোৰ শ্ৰমেৰে দিনটোৰ অধিক সময় গগৈয়ে নিজৰ বাৰীতে কাম কৰি ব্যস্ত হৈ থকাৰ উপৰি চাহখেতিটো ব্যস্ত।

লগতে পঢ়ক- 

নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী কিন্তু কি কৰিব!

English Summary: Success story (1) (1)

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.