1. সফল কাহিনী

সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই কঢ়িয়াইছে আশাৰ বতৰা

KJ Staff
KJ Staff
সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই কঢ়িয়াইছে আশাৰ বতৰা
সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই কঢ়িয়াইছে আশাৰ বতৰা

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ড (NABARD) ৰ অৰ্থসাহায্যত অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই উদ্যান শস্যৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ কৃষক সকলৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে৷ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত দুখন গাঁৱ খাটৰবাৰী আৰু কালচেনী৷ পোন্ধৰশ জনসংখ্যাৰে পৰিপূৰ্ণ গাঁৱ দুখনৰ এশ গৰাকী কৃষকৰ ১০০০ বিঘা মাটিত উদ্যান শস্যৰ খেতি কৰিবলৈ মনস্থ কৰি স্বেচ্ছাসেৱী সংগঠন গ্ৰাম্য বিকাশ মঞ্চই কৃষকক জীৱন-জীৱিকাৰ সন্ধান দিবলৈ প্ৰয়াস কৰিছে৷

সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পটোৰ জৰিয়তে গাৱঁ দুখনৰ প্ৰতিঘৰ পৰিয়ালৰ কৃষি অৰ্থনীতি টনকিয়াল কৰা আৰু কৃষিকাৰ্যত পুৰনি পদ্ধতিৰ বিপৰীতে আধুনিক কৃষি বিজ্ঞান প্ৰযুক্তিৰ কৌশল অৱলম্বন কৰি কৃষকৰ আয় দুগুন কৰাৰ লক্ষ্য বান্ধি লৈছে৷ সমন্বিত উদ্যান শস্যৰ খেতিৰ প্ৰতি গাঁৱ দুখনৰ দুই শতাধিক কৃষকেও সহাৰি দিছে৷ অলপতে উদ্যান শস্যৰ কাৰনে ২২ টা কৃষক পৰিয়ালৰ মাজত বিভিন্ন প্ৰজাতি ফলমূল ঔষধি গছৰ পুলি বিতৰন তথা ৰোপন কৰা হয়৷ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীয়ে শুভাৰম্ভ কৰে৷

প্ৰকল্পটোৰ দ্বাৰা উদ্যানশস্যৰ খেতি কৰিবলৈ প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সা-সুবিধা কৃষকৰ উন্নত প্ৰশিক্ষণৰ দিহা, উন্নত প্ৰজাতিৰ গছপুলি ৰোপন, কৃষকৰ শ্ৰমৰ মূল্য, কৃষি পথাৰৰ চৌহদত বেৰ দিয়া, জৈৱিক সাৰ যোগান ধৰা ৰ উপৰিও কৃষিপথাৰত জলসিঞ্চনৰ উপযুক্তভাৱে ব্যৱস্থা কৰিবলৈ ইতিমধ্যেই কাম হাতত লৈ প্ৰকল্পটোৰ কাৰনে নিৰ্বাচন কৰা খেতিমাটিত জলসিঞ্চনৰ দিহা কৰিছে৷ জানিব পৰা মতে ২০২১ চনত পোন প্ৰথমৰ বাৰৰ কাৰনে গাঁৱ দুখনৰ কৃষক সকলক একগোট কৰি এখন পথাৰ পৰিকল্পনা সমিতি গঠন কৰা হৈছে৷ পতাই বড়োক সভাপতি আৰু হিমাক্ষী বড়োক সম্পাদকৰ দায়িত্ব দি বৰ্তমান প্ৰকল্প কামত সকলোৱে আত্মনিয়োগ কৰিছে৷

২০২১ চনত এপ্ৰিলত আৰম্ভ হোৱা সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প সম্পৰ্কত গ্ৰাম্য বিকাশ মঞ্চৰ প্ৰাঞ্জল চক্ৰবৰ্ত্তীয়ে কয় যে ই এখন ফলপ্ৰসূ আঁচনি৷ এই আঁচনিৰ দ্বাৰা কৃষক সকলক উদ্যান শস্যত গুৰুত্ব দিয়া হৈছে যাতে কৃষক সকলে পৰম্পৰাগত খেতিৰ পৰিবৰ্তে একেদৰা মাটিত কম খৰছত দুগুন উৎপাদনৰ বাট মুকলি কৰি পথাৰো আমাৰ,  বজাৰো আমাৰ শ্লোগানক সাৰ্থক ৰূপ দিব পৰা যায়৷ এই প্ৰকল্পটো ছয় বছৰ ধৰি চলিব৷ প্ৰকল্পটোৰ প্ৰাৰম্ভিক পৰ্যায়ত খাটৰবাৰী, কালচেনী গাৱঁৰ দুইশ কৃষক পৰিয়ালক সামৰি উদ্যান শস্যৰ খেতিৰ জৰিয়তে এই পৰিয়াল সমূহৰ  জীৱন ধাৰনৰ মানদণ্ড উন্নত কৰা আৰু আৰ্থসামাজিক ক্ষেত্ৰত কৃষক সকলক নিজৰ ভৰিত থিয় দিবলৈ প্ৰয়াস কৰা হৈছে৷ প্ৰথম পৰ্যায়ত ৭২ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ১০৮ গৰাকী কৃষকক  ডেৰবিঘাকৈ মাটি কালিত উদ্যান শস্যৰ খেতি কৰিবলৈ মনস্থ কৰিছে৷ সমন্বিত জনজাতি প্ৰকল্পৰ অধীনত ২০ গৰাকী ভূমিহীন পৰিয়ালক সামৰি হাঁহ - কুকুৰা আৰু গাহৰি পালনৰ দিহা কৰি উন্নত প্ৰজাতিৰ গাহৰি যোগান ধৰা খাদ্য সামগ্ৰী গাহৰি পালনৰ গড়াল নিৰ্মান কৰি দিছে৷ যাতে পৰিয়াল কেইটাই পশুধন পালন কৰি ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ লগতে গ্ৰাম্যঅৰ্থনীতিত এক আশাপ্ৰদ সফলতাৰে নিজৰ  জীৱন-জীবিকাৰ সন্ধান পাব পাৰে৷

গ্ৰাম্য বিকাশ মঞ্চৰ তৰফৰ পৰা প্ৰথম পৰ্যায়ত ৭২ গৰাকী আৰু দ্বিতীয় পৰ্যায়ৰ ১০৮ গৰাকী  কৃষকক সামৰি উদ্যান শস্য ক্ৰমে উন্নত অমৰাৱতী  প্ৰজাতি ১২০০০ জোপা  আম,  এল -৪৯ প্ৰজাতিৰ ৮০০০ জোপা মধুৰী আম, ৮০০০ জোপা অসম লেমন (নেমু)সৰ্বমুঠ ২৮০০০ জোপা গছপুলি ৰোপন কৰি প্ৰতিপালন কৰিবলৈ কৃষক সকলক প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে৷ ইতিমধ্যেই প্ৰথম পৰ্যায়ৰ গছপুলি ৰোপনৰ দিহা কৰি প্ৰতিপালন কৰাত ব্যস্ত হৈ পৰিছে গ্ৰাম্য বিকাশ মঞ্চ আৰু নিৰ্বাচিত কৃষক সকল৷ সমান্তৰালভাৱে এই ৭২ গৰাকী কৃষক পৰিয়ালৰ মাজতে দুটাকৈ উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিবলৈ দিয়া হৈছে৷ তদুপৰি প্ৰকল্পটোৰ অধীনস্থ দুইশ পৰিয়ালকে হাঁহ কুঁকুৰা পালনৰ দিহা কৰা হৈছে৷ ইপিনে দুইশ পৰিয়ালৰ উদ্যান শস্যৰ লগতে আন আন খেতি কৰিবলৈ উন্নত মানদণ্ডৰ উপযুক্ত পৰিমানৰ সাৰ সহ বীজ যোগান আৰু কৃষক সকলক এক্সপোজাৰ ভ্ৰমনৰো দিহা  কৰিছে গ্ৰাম্য বিকাশ মঞ্চই৷ গছপুলি সমূহৰ প্ৰতিপালন কৰিবলৈ জৈৱিক পদ্ধতিৰে সম্পূৰ্ণ আধুনিক কৃষি প্ৰযুক্তিৰ আধাৰত ছয় বছৰৰ লক্ষ্য বান্ধি প্ৰকল্পটোৰ সফলতাত আন এক ব্যৱস্থা কৰা হৈছে৷

কৃষক সকলক প্ৰশিক্ষণৰ কাৰনে প্ৰয়োজনীয় প্ৰশিক্ষণ কৃষিবিজ্ঞান কেন্দ্ৰ ,কৃষি বিভাগ, উদ্যান শস্যৰ সৈতে জৰিত কৃষি বিজ্ঞানী সকল , নাৰ্বাডৰ বিষয়া সকলে সকলো প্ৰকাৰৰ প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়াৰ উপৰিও গ্ৰাম্য বিকাশ মঞ্চই উপযুক্ত কৃষিবিজ্ঞানী নিযুক্তি দি সকলো প্ৰকাৰৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে৷  সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পটোৰ সফল ৰূপ দিবলৈ জলসিঞ্চনৰ প্ৰয়োজন৷ জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ স্থানীয় শিল ডোং বান্ধ সমিতিৰ সহায় অনস্বীকাৰ্য৷ সভাপতি সম্পাদক ক্ৰমে নেৰচন বসুমতাৰী আৰু গকুল বড়ো সহিতে গাঁৱ দুখনৰ জলসিঞ্চন ব্যৱস্থা উন্নত কৰাৰ কাৰনে গ্ৰাম্যবিকাশ মঞ্চই আন এক ঐতিহাসিক কাম হাতত লৈ প্ৰকল্পটোক স্বকীয় ৰূপ দিবলৈ সামৰ্থবান হৈছে ৷ কিয়নো নাগ্ৰীজুলি বজাৰৰ এলেকাৰ মাজেৰে অৰঙা নামৰ এখন উপনৈ বৈ আহিছে৷ এই উপনৈ খনকে সমল হিচাপে লৈ গাঁৱ পৰিকল্পনা সমিতি আৰু শিল ডোং বান্ধ সমিতি আৰু কৃষক সকলৰ সহায় সহযোগিতাত জলসিঞ্চনৰ দিহা কৰিবলৈও সক্ষম হয়৷

সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই কঢ়িয়াইছে আশাৰ বতৰা
সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই কঢ়িয়াইছে আশাৰ বতৰা

অৰঙা এখন উপনৈ নাগ্ৰীজুলি বজাৰৰ ওচৰৰ পৰা বৈ আহি অৰঙা বান্ধৰ পাছফালে থকা  ৰাজহ পুখুৰীৰ ভুমুক আনহাতে কলেজৰ পূৱ ফালে  বেৰাডোং ভুমুকৰ পানী আৰু ওচৰতে থকা  ইটাভাটাৰ (পাগলানদী) পৰা বৈ অহা ভুমুকৰ পানী, নাগ্ৰীজুলি  চাহ বাগানৰ চাৰি নং লাইনৰ কাষৰ পৰা বেলখুটি ভুমুকৰ পাঁচটাকৈ  জলাশয়ে  সৃষ্টি কৰা  শিল ডোং বান্ধটোৱে কৃষক ৰাইজৰ জলসিঞ্চনৰ একমাত্ৰ ভৰসাৰ থলী আছিল৷ ১৯৬২ চনতৰে পৰা শিল ডোং ৰ পানী কৃষক সকলে লাভ কৰিছিল৷ কিন্ত দিন বাগৰাৰৰ লগে লগে শিল ডোংটোৰ পৰা বছৰৰ সকলো সময়তে পানী পাবলৈ কৃষক সক্ষম হোৱা নাছিল৷ বছৰত কেবাবাৰো মেৰামতি কৰিহে কিবাকৈ পানী যোগান ধৰি৷মাত্ৰ এটা খেতি কৰিয়েই কৃষক সকল ক্ষান্ত আছিল৷

উল্লেখযোগ্য যে নাগ্ৰীজুলি বাগানৰ ফেক্টৰীৰ পূৱ দিশৰ পৰা এটা বিশেষ ভুমুকৰ পৰা বৰলীয়াৰ সৃষ্টি হৈছে৷ ইপিনে শিলডোং ৰ দুটাকৈ বান্ধেৰে  কিছু পানী  বৰলীয়া নদীৰ মিলিত হোৱাত কৃষক সকল বৰ সমস্যাত পৰিছিল৷ এনদেৰে শিলবান্ধৰ পানীৰ কোনো সংৰক্ষন হোৱা নাছিল৷ ফলত শিল ডোংৰ পানী কৃষকে বছৰৰ বাৰমাহে লাভ কৰা নাছিল ৷ উদ্যান শস্যৰ প্ৰকল্পৰ জৰিয়তে এই বেলি এই শিলবান্ধৰ দুঠাইৰ  ডোংৰ ভঙা অংশ গ্ৰাম্য বিকাশ মঞ্চই ৰাইজৰ সহযোগত  পুনৰ নিৰ্মাণ কৰি  দিয়াত পুনৰ যেন শিলডোং বান্ধৰ পানীৰে খাটৰবাৰী, কালচেনী গাঁৱৰ খেতিপথাৰে প্ৰাণ পাই উঠিছে ৷ শাখা নলাবোৰেৰে পানী পথাৰত নিবলৈ ইতিমধ্যেই গ্ৰাম্য বিকাশ মঞ্চই শ্ব’লাৰ পদ্ধতিৰে জলসিঞ্চনৰ দিহা কৰি পথাৰত কৃষকক পানী যোগানৰ ব্যৱস্থা কৰিছে৷ গাঁৱ পৰিকল্পনা সমিতিৰ সভাপতি পতাই বড়োৱে কয় যে আমি শিলবান্ধৰ পানী আগতে এনেদৰে ধৰি ৰাখিব পৰা নাছিলো৷ এই বেলি স্থানীয় গাঁৱ দুখনৰ ডোংবান্ধ সমিতিৰ  কৃষক সদস্য সকলক লগত লৈ দুঠাইত অস্থায়ী ভাৱে শিলবান্ধৰ মেৰামতি কৰি পানীখিনি সংৰক্ষণ কৰা হৈছে ফলত  পুনৰ প্ৰাণ পাই উঠা শিল ডোং বান্ধৰ চাৰিটা শাখা নলাৰে চাৰিকিলমিটাৰ যোৰা কৃষিপথাৰ সামৰি  জলসিঞ্চন ব্যৱস্থাই নতুন জীৱন লাভ কৰিছে৷

দুই শতাধিক কৃষকে এহেজাৰ বিঘা মাটিত কি বাৰিষা কি খৰালি বছৰৰ বাৰমাহে কৃষিকাৰ্যত নিমগ্ন হৈ শস্য উৎপাদনত ব্যস্ত হবলৈ সক্ষম হোৱাত এতিয়া কৃষক সকলৰ মুখত হাঁহি বিৰিঙিছে৷ গ্ৰাম্য বিকাশ মঞ্চৰ সম্পাদক দিবাকৰ ডেকাই জানিব দিয়ে যে গাঁৱ দুখনৰ মহিলা আত্মসহায়ক গোট সমূহৰ প্ৰতিও আৰ্থিক সকাহ দিবলৈ বেংকৰ ঋণ আদি দিয়াৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ সুবিধা আছে৷ এনেদৰে নাবাৰ্ডৰ অৰ্থসাহায্যত গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত ভাৰত-ভূটান সীমান্তৰ গাঁৱ দুখনৰ কৃষক সকলৰ স্বাভাৱিক জীৱন যাত্ৰাৰ মানদণ্ড উন্নত কৰাৰ মানসেৰে উদ্যান শস্যৰ দৰে খেতি কৰি কৃষক সকল ভৱিষ্যতৰ দিনবোৰত প্ৰকল্পৰ নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত কাম কৰি বিশ্বমুখী যাত্ৰাৰে  নিজ কৰ্মসংস্কৃতিৰে  একোগৰাকী কৃষক হিচপে আত্মপ্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ব৷

লগতে পঢ়ক-কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰৰ

উৎপল ডেকা, তামুলপুৰ

ফোন নম্বৰঃ ৯৯৫৪৬৪০৯৯৫

English Summary: Success story of Integrated Tribal Development Project, Baksa

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.