
নগাঁৱৰ এগৰাকী দূৰদৰ্শী ব্যক্তি। যি গৰাকী ব্যক্তিয়ে আজিৰ পৰা ৩০ বছৰ আগতে সাঁচি গছক লৈ সপোন দেখিছিল। সাঁচি গছৰ মূল্য বুজি তেওঁ নিজে আৰম্ভ কৰিছিল সাঁচি গছ ৰোপনৰ কাম। তেওঁ নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ আইনুল ইছলাম বক্সি। ৩০ বছৰ আগতে নগাঁও জিলাৰ চালনাৰ অতি ভিতৰুৱা অঞ্চল শালবাৰীত প্ৰায় ৩৫ বিঘা মাটিত তেওঁ ৰোপন কৰিছিল সাচিঁ গছৰ বাগান। সেই বাগানৰ এজোপা গছৰ আজিৰ মূল্য আজিৰ তাৰিখত হৈছেগৈ লাখ টকা।
সেই গছ সমূহ তেওঁ কোনো বেপাৰীক বিক্ৰী নকৰি ছালনাত খুলি লৈছে সাঁচী গছৰ পৰা তেল প্ৰস্তুত কৰা এক বৃহৎ কাৰখানা। এই কাৰখানত দৈনিক তৈয়াৰ কৰা হয় অগৰুৰ তেল। এই তেল লাখ-লাখ টকা মূল্যত বিক্ৰী হয় আন্ত:ৰাষ্ট্ৰীয় বজাৰত। এই কাৰখানাত বহু কেইজন নিবনুৱা যুৱকক সংস্থাপন দিয়াৰ কথাও জানিবলৈ দিয়ে তেওঁ।
লগতে পঢ়ক-
মেহগণি গছ ৰোপনৰ লাভালাভবোৰ জানেনে!

তেওঁৰ এই সম্পূৰ্ণ কাৰ্য সম্পাদন কৰে BAKSH AGROTECH LLP নামৰ কোম্পানীৰ যোগেদি। ইয়াৰ উপৰিও তেওঁ আৰম্ভ কৰিছে পাছাউলি নামৰ আন এক সুগন্ধিৰ খেতিও। এই ব্যৱসায়ৰ যোগেদি তেওঁ লাভবান হৈছে বুলি জানিবলৈ দিয়ে। লগতে তেওঁ কোনো লোকে প্ৰশিক্ষণ গ্ৰহন কৰিব বিচাৰিলে বিনা খৰছত তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে।

আইনুল ইছলাম বক্সি বৰ্তমান এজন সফল ব্যৱসায়ী। আৰু বহুজনৰ আদৰ্শ। সম্প্ৰতি সাঁচি গছৰ ব্যৱসায়ৰে আন্তৰাষ্ট্ৰীয় বজাৰ দখলৰ চেষ্টা অব্যাহত ৰাখিছে ব্যৱসায়ীগৰাকীয়ে।
লগতে পঢ়ক-
Share your comments