1. News

মেহগণি গছ ৰোপনৰ লাভালাভবোৰ জানেনে! সৱিশেষ জানিবলৈ এতিয়াই ফোন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ৰঙা চন্দন, সাঁচিগছৰ দৰেই এবিধ অতি মূল্যবান গছ মেহগণি। মেহগণি গছৰ চাল, পাত, শিপা, ফল একোৰে পেলনি নাযায়। অৱশ্যে মেহগণি গছৰ কাঠহে আটাইতকৈ মূল্যৱান। কাৰণ মেহগণি কাঠ জাহাজ, ভূমিকম্প প্ৰতিৰোধী ঘৰ, বাদ্যযন্ত্ৰ, বন্দুকৰ কুন্দা আৰু আভিজাত্য লোকৰ ঘৰত থকা বিভিন্ন ধৰনৰ আচবাব, ফাৰ্নিচাৰ আদিত ব্যৱহাৰ কৰা হয় ৷ ই ওজনত কম হয়, পানী পালেও নপচে আৰু ঘূনেও নাখায় ৷ এইবিধ কাঠত কোনো ৰং পলিচ দৰকাৰ নহয়৷  মেহগনি কাঠৰ নিজৰ প্ৰাকৃতিক ৰঙেই যথেষ্ট।

বৰ্তমান মেহগণি কাঠৰ বজাৰ মূল্য প্ৰতি ঘন ফুটত ২৫০০ টকাৰ পৰা ৪০০০টকা ৷  এই বিধ গছ ভাৰতত ৮০-১oo ফুট পৰ্যন্ত হয় ৷ বিদেশত ই ১০০ফুটৰ পৰা ২০০ ফুট পৰ্যন্ত হয়। এইবিধ গছ ৫o ডিগ্ৰী উষ্ণতা ছেলচিয়াছ পয্যন্ত জীয়াই থাকিব পৰা ক্ষমতা আছে। মেহগণি গছে আন কোনো গছক অপকাৰ নকৰে আৰু এই বিধ গছ যি কোনো ঠাইত ৰুৱ পাৰি। মেহগণি গছৰ আশে পাশে মহ মাখি সাধাৰণতে নাহে। আপোনালোক জানি আচৰিত হ’ব যে ইয়াৰ পাতৰ পৰাই মহ খেদোৱা কইল তৈয়াৰ কৰা হয়।

লগতে পঢ়ক- 

এবিঘা মাটিত খেতি কৰি ২-৩ মাহতে ৬০ হাজাৰ টকা কেনেকৈ ইনকাম কৰিব!

মেহগণি গছৰ বাগান
মেহগণি গছৰ বাগান

এই গছত এবাৰ ৰোৱা পাছত কোনোধৰণৰ সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই। গছৰ শিপা আৰু সৰি যোৱা গছৰ পাতে নাইট্ৰজেন তৈয়াৰ কৰি লয় গতিকে ইয়াক কোনো সাৰৰ প্ৰয়োজন নহয় ৷ এই গছৰ তলত ধানখেতিৰ বাদে সকলো খেতি কৰিব পাৰি ৷ এই বিধ গছৰ তলৰ অংশত দাল নাথাকে, ই লেংলেঙীয়া আৰু ওখ হয় ৷ যিকোনো মাটিতে মেহগণি খেতি কৰিব পাৰি ৷  মেহগনি গছৰ ফল বিধক Sky fruit বুলি কয় ৷ ফল পাচঁ বছৰত এবাৰ লাগে আৰু সেই ফল পাঁচৰ পৰা সাত কেজি পৰ্যন্ত হয়। ১ কেজি ফলৰ দাম ১০০০/৩০০০ টকা। এই গছ পুৰঠ হয় ১৫ পৰা ২০ বছৰত ৷ মেহগণি গছৰ পুলি বিঘা প্ৰতি ১৫০/৩০০ লগাব পাৰি।এই মেহগণি গছ আমাৰ চাহ বাগানত ছেদ ট্ৰি হিচাবে লগাব পাৰে আৰু চাহ বাগানৰ মাটি দৰা সাৰুৱা মেহগনি গছে সাৰুৱা কৰি ৰাখে। লগতে চাহ বাগানখন মহৰ উপদ্ৰপৰ পৰা ৰক্ষা কৰে।

উল্লেখ্য যে এই মেহগনি গছে আপোনাক ১৫/২০বছৰত কোটি টকাৰ অধিকাৰী কৰিব৷ ইতিমধ্যে নামনি অসমৰ ধুবুৰী, গোসাঁইগাওঁ, গোৱালপাৰা জিলাত ইয়াৰ ৰুপণ ১০বছৰত ভৰি দিছে৷ গোলাঘাট জিলাৰ উদ্যোগী তথা চাহ খেতিয়ক নেপোল শইকীয়াই মেহগণি খেতি কৰা দেখিবলৈ পোৱা গৈছে। নেপোলো শইকীয়া ডাঙৰীয়াই বৰপথাৰ পাভজান চাহ বাগিচা আৰু কমাৰবন্ধা অঞ্চলত মেহগণি গছ ৰোপণ কৰা দেখা পোৱা গৈছে। গতিকে উজনি অসমত এইবিধ গছৰ খেতি কৰি লাভান্বিত হ’ব পাৰিব ৷ লগতে পাঠকসকলক জনাও যে আগ্ৰহীসকলে এই ৮৬৩৮২-৪১৭২৮ নম্বৰত যোগাযোগ কৰি পুলি সংগ্ৰহ কৰাৰ লগতে সকলো বিতং তথ্য জানিব পাৰিব।

লগতে পঢ়ক- 

ধান দোৱা পথাৰসমূহত শেহতীয়াকৈ কৰিব পাৰিব এই শাক-পাচলিসমূহৰ খেতি

English Summary: Benifit of the Mehgoni cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.