1. সফল কাহিনী

বগৰী খেতিৰে স্বাৱলম্বী বৰপেটাৰ আদৰ্শবান কৃষক জাহাংগীৰ আলী

KJ Staff
KJ Staff
Apple Ber
Apple Ber

বগৰী খেতি কৰি নিজৰে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা এজন আদৰ্শবান খেতিয়ক হ’ল জাহাংগীৰ আলী। বৰপেটা জিলাৰ কলগাছিয়াৰ নিকটৱৰ্তী বলাইপথাৰ গাঁৱৰ বাসিন্দা এইজন আদৰ্শবান খেতিয়কে এবিঘা মাটি ১৫০০ টকাত লীজত লৈ গুৱাহাটীৰ এখন নাৰ্চাৰীৰপৰা ৯০ টা বগৰী গছৰ পুলি ১৭০ টকাকৈ ক্ৰয় কৰি আনি তাত ৰোপণ কৰে।

পুলি ক্ৰয়ৰপৰা আৰম্ভ কৰি সাৰ-পানী, জালসহ মুঠ ৩০ হাজাৰ টকা ব্যয় হোৱা এই বগৰী খেতিডৰাৰপৰা আলীয়ে আশাপ্ৰদ উৎপাদন কৰিবলৈ সক্ষম হৈছে। তেওঁ উৎপাদন কৰা বগৰীসমূহ খেতিৰপৰাই বেপাৰীসকলে কিলোৱে প্ৰতি ৬০ টকাকৈ ক্ৰয় কৰি আছে। বৰ্তমানলৈ তেওঁ ৫০০ কিলোগ্ৰাম বগৰী বিক্ৰী কৰিছে আৰু এহাজাৰ কিলোগ্ৰাম বিক্ৰী কৰাৰ লক্ষ্য ৰাখিছে।

বৰ্তমান ৩ লাখ টকা উপাৰ্জন কৰা আলীয়ে শেষ পৰ্যন্ত ৯ লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। সম্পূৰ্ণভাৱে নিজৰ পকেটৰ ধন খৰচ কৰি সাৰ-পানী যোগান ধৰি খেতি কৰা জাহাংগীৰ আলীয়ে চৰকাৰৰ ফালৰপৰা কোনো ধৰণৰ সহায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে।

আলীৰ বগৰী খেতিৰ সফলতা দেখি গাঁওখনৰে বহু খেতিয়কে আগন্তুক সময়ত এই খেতি কৰাৰ সপোন ৰচনা কৰা বুলি জানিবলৈ দিছে। কম খৰচত অধিক উৎপাদন তথা ব্যতিক্ৰমী খেতি কৰি স্বাৱলম্বী হোৱা জাহাংগীৰ আলীক ভূয়সী প্ৰশংসা কৰিছে গাঁওবাসীয়ে।

(সংগৃহীত প্ৰবন্ধ)

লগতে পঢ়ক-মাখানা খেতিৰে মালামাল কৃষক, হাৰদোইত লাখ টকা উপাৰ্জন!

English Summary: Barpeta Apple Ber farmer Jahangir Ali Success Story

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.