1. অন্যান্য

ভীমকলৰ উপকাৰিতা বিষয়ে জানো আহক।

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ভীমকলৰ উপকাৰিতা
ভীমকলৰ উপকাৰিতা

ভীম কল অতি পুষ্টিকৰ আৰু ঔষধি গুণেৰে ভৰা ফল। ভীম কলৰ কলাখাৰ, কলপচলা , কলফুল , কল, কলৰ বাকলি , পাত , কাণ্ডৰ পৰা ওলোৱা পানী, শিপা আদি সকলো অংশই ঔষধি গুণেৰে ভৰপুৰ। অধিক পুষ্টি গুণেৰে ভৰা ভীম কলক শিশু খাদ্য হিচাবেও ব্যৱহাৰ কৰা হয়। ভীম কলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট , আইৰণ , কেলছিয়াম , ফাইবাৰ , পটাছিয়াম , ভিটামিন আদি উপাদান থাকে। পকা ভীম কল চৰ্বত কৰি খালে পেট ঠাণ্ডা কৰাৰ লগতে দেহৰ পুষ্টি সাধন কৰে। পিত্ত ৰোগীৰ বাবে কেঁচা ভীম কলৰ ৰস অতি উপকাৰী। গ্ৰহণী ৰোগত পকা ভীম কল গুটিৰে সৈতে খালে উপকৃত হয়।

পকা ভীম কলৰ গুটি চেকি গাখীৰ , গুড়েৰে শিশুক খোৱালে স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে শৰীৰত শক্তি পায়। গৰমত প্ৰস্ৰাৱৰ সমস্যা হলে পকা ভীম কল তিয়াই খচি সেই পানী খালে উপকৃত হয়। ভীম কলৰ শিপাৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। শিশুৰ পয়া লগা সমস্যাত গৰু গাখীৰৰ লগত একেৰাহে কেইদিন মান পকা ভীম খোৱালে সুফল পোৱা যায়। শিশুক ভীম কলৰ গুটি আঁতৰাই অথবা খাদ্যত মিহলাই খুৱালে শিশুৱে অধিক পুষ্টি লাভ কৰে। শিশুৰ পৰা বৃদ্ধ লৈকে সকলোৰে বাবে ভীম কল এক সুষম আহাৰ ।

লগতে পঢ়ক-

বিদেশত বাঢ়িছে ভাৰতীয় আলুৰ চাহিদা, ১০ বছৰত ৮.৬ গুণ ৰপ্তানি বৃদ্ধি

শেহতীয়াকৈ মাজুলিৰ পৰা ইন্দুকল্প ভৰালীয়ে ভীম-ভিটা নামৰ এবিধ ভীমকলৰ পৰা শিশুখাদ্যও প্ৰস্তুত কৰিছে। ই যথেষ্ট সমাদৰ লাভ কৰিছে উপভোক্তাৰ পৰা। বৰ্তমান ‘ভীম ভিটা’ উৎপাদনৰ বাবে মাজুলীৰ বিভিন্ন স্থানৰ পৰা নিজা এজেন্টৰ জৰিয়তে প্ৰতিদিনে ৫০০০ৰ পৰা ৬০০০ ভীমকল আহে 'সৃষ্টি ইণ্ডাষ্ট্ৰীয়েল প্ৰডাক্টছ'লৈ।

উদ্যোগটোত মেচিনৰ সহায়েৰে দৈনিক পাচঁজন স্থায়ী কৰ্মচাৰীয়ে ‘ভীম ভিটা’ উৎপাদনৰ কাম কৰে। লগতে সময় অনুযায়ী ১০ৰ পৰা ১৫ জনলৈ অস্থায়ী কৰ্মচাৰীয়ে কাম কৰে। বৰ্তমান প্ৰতিমাহে ৪০০ গ্ৰামৰ প্ৰায় ১০,০০০ বটল ‘ভীম ভিটা’ প্ৰস্তুত কৰি আহিছে উদ্যোগটোৱে। উজনি অসমৰ লখিমপুৰ, ধেমাজিৰ পৰা ধৰি গোলাঘাট, যোৰহাট, শিবসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লিডু ঢলালৈকে উপলব্ধ তথা বহুল জনপ্ৰিয় মাজুলীৰ পৰা উৎপাদিত শিশুখাদ্যবিধ। 

লগতে পঢ়ক- 

প্ৰধানমন্ত্ৰীৰ দীপাৱলীৰ উপহাৰঃ ৭৫,০০০ যুৱক-যুৱতীলৈ চাকৰি

English Summary: Benifit of the Bhim banana

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.