 
            পতংগখা দ্যক ( Entomophagy)ৰ ৰূপত দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰত চহকী অসম, অৰুণাচলপ্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম; এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেৱাংকৰি, উঁই, এৰিপলু, আমৰলি পৰুৱা, মৌ-মাখি আৰু বৰলক খাদ্য হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয় ।
অসমত খাদ্য ৰূপত ব্যৱহৃত কিছুমান পতংগ প্ৰজাতি-
- 
আমৰলি টোপ- আমৰলি পৰুৱাৰ কণী আৰু অপত্য পলুবোৰ সংগ্ৰহ কৰি তেলত দি পিয়াঁজৰ সৈতে ভাঁজি পৰিবেশন কৰা হয়। জনবিশ্বাসমতে, গৰু বিহুৰ দিনাখন আমৰলি পৰুৱা খালে বছৰটোলৈ মানুহে সু-স্বাস্থ্য পোৱাৰ উপৰিও সৰুআইকে ধৰি অন্যান্য ৰোগৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে। 
- 
উঁইচিৰিঙা-মাটিত থকা উঁইচিৰিঙাৰ গাতবোৰ চিনাক্ত কৰি খান্দি উলিওৱা হয়। সংগ্ৰহ কৰা উঁইচিৰিঙাৰ পাখি গুচাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। 
- 
মেজাংকৰি-এই পতংগবিধ অসমৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত খুবেই জনপ্ৰিয়। ইঁহতক জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। 
- 
উঁই-পাখিহীন আৰু পাখিযুক্ত উভয়ধৰণৰ উঁইক প্ৰয়োজন সাপেক্ষে পাখি গুছাই পৰিবেশন কৰা হয়। 
- 
মৌ-মাখি আৰু বৰল-মৌৰ চাক বা বৰলৰ বাঁহ সংগ্ৰহ কৰি কেঁচাই বা পগাই উভয়ধৰণে পৰিবেশন কৰিব পাৰি। ইহঁতৰ অপত্যস্তৰবোৰ, যেনে:-পলু আৰু লেটাক বাঁহটো পুৰি তাৰ পৰা পৃথক কৰি কেঁচাই খাব পাৰি। লোকবিশ্বাসমতে, মৌ আৰু বৰলৰ কিছুমান ঔষধি গুণ আছে। প্লীহাৰোগ নাশক, বাত বিষ নাশক আৰু দৃষ্টি শক্তি বৃদ্ধিকাৰক হিছাপে এইবোৰৰ গুৰুত্ব আছে। 
- 
লিংকাৰি- অসমৰ বড়ো আৰু মিচিংসম্প্ৰদায়ৰ মাজত লিংকৰি বিশেষভাবে জনপ্ৰিয়। পুখুৰী আৰু খালৰ পৰা লিংকৰি সংগ্ৰহ কৰি জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। 
- 
ফৰিং- ফৰিঙৰ পাখি গুছাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। তিৱা সম্প্ৰদায়ৰ মাজত ফৰিং বহুলভাৱে সমাদৃত। 
- 
এৰী পলু- আহোম আৰু মিচিঙকে ধৰি অসমৰ বহুকেইটা সম্প্ৰদায়ৰ মাজত এৰিৰ পলু আৰু লেটা খাদ্যৰূপত বহুলভাৱে সমাদৃত। এৰিৰ পলু আৰু লেটাক কেঁচাই, সিজাই বা তেলত ভাঁজি পৰিবেশন কৰা হয়। 
| পতংগ | প্ৰ’টিন (গ্ৰাম) | চৰ্বি (গ্ৰাম) | শৰ্কৰা (গ্ৰাম) | কেলছিয়াম (মি.গ্ৰা.) | লোহা (মি.গ্ৰা.) | 
| জেৱাংকৰি | ১৯.৮ | ৮.৩ | ২.১ | ৪৩.৫ | ১৩.৬ | 
| আমৰলি পৰুৱা | ১৩.৮ | ৩.৫ | ২.৯ | ৪৭.৮ | ৫.৭ | 
| এৰিপলুৰ লেটা | ৯.৬ | ৫.৬ | ২.৩ | ৪১.৭ | ১.৮ | 
| উঁইচিৰিঙা | ১২.৯ | ৫.৫ | ৫.১ | ৭৫.৮ | ৯.৫ | 
| উঁই | ১৪.২ | 0 | 0 | 0 | ৩৫.৫ | 
| সৰু ফৰিং | ২০.৬ | ৬.১ | ৩.৯ | ৩৫.২ | ৫.০ | 
| ডাঙৰ ফৰিং | ১৪.৩ | ৩.৩ | ২.২ | ২৭.৫ | ৩.০ | 
| উৰহ | ১৪.২ | ০ | ০ | ০ | ০ | 
| গুবৰুৱা | ১৭.২ | ৪.৩ | ২.০ | ৩০.৯ | ৭.৭ | 
(প্ৰতি ১০০ গ্ৰাম ওজনত)
Source-Wikepedia
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments