1. অন্যান্য

Business Idea 2022: পিয়াঁজৰ পেষ্ট তৈয়াৰ কৰি ঘৰৰ পৰাই কৰক লাখ টকা উপাৰ্জন

KJ Staff
KJ Staff
Trading Onion Paste

গ্ৰীষ্মকালত, বহুলোকে ঘৰত বহি ব্যৱসায় আৰম্ভ কৰি ভাল ফল কৰিছে। যদি আপুনি বতৰ অনুসৰি আপোনাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেনেহ'লে আপুনি আপোনাৰ ঘৰৰ পাকঘৰৰ সৈতে সম্পৰ্কিত এই ব্যৱসায় আৰম্ভ কৰি লাভজনক উপাৰ্জন কৰিব পাৰে।

পিয়াঁজ হৈছে প্ৰতিটো ঘৰত ব্যৱহৃত পাচলি । যেতিয়া বজাৰত পিয়াঁজৰ মূল্য বৃদ্ধি হয় । গতিকে ই পাকঘৰৰ পৰা নাইকিয়া হৈ যায় । আনকি বজাৰত, পিয়াজৰ সৈতে সম্পৰ্কিত সকলো সামগ্ৰীৰ মূল্য অতি দ্ৰুতগতিত বৃদ্ধি হয় ।

ভাৰতীয় বজাৰত পিয়াঁজৰ পেষ্টৰ চাহিদা আটাইতকৈ বেছি । এনে পৰিস্থিতিত, যদি আপুনি পিয়াঁজ পেষ্টৰ ব্যৱসায় আৰম্ভ কৰে, তেন্তে ই আপোনাৰ বাবে লাভজনক ব্যৱসায় হিচাপে প্ৰমাণিত হ'ব ।

পিয়াঁজৰ পেষ্টৰ মূল্য

আপুনি আপোনাৰ বাজেট অনুসৰি পিয়াঁজ পেষ্টৰ ব্যৱসায় সৰুকৈ আৰম্ভ কৰিব পাৰে । খাদী ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিছনে (KVIC) সহজে তৈয়াৰ কৰা পিঁয়াজৰ পেষ্টৰ ওপৰত এটা প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছে ।

এই প্ৰতিবেদন অনুসৰি, আপুনি এই ব্যৱসায়টো ৪.১৯ লাখ টকাত সহজে আৰম্ভ কৰিব পাৰে । ইয়াৰ বাবে, আপোনাক চৰকাৰৰ মুদ্ৰা আঁচনিৰ পৰা ঋণৰ সুবিধাও প্ৰদান কৰা হয়, যাতে পিঁয়াজৰ ব্যৱসায়ত আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়।

এই ব্যৱসায়ত, আপুনি ফ্ৰাইং পেন, অটোক্লেভ ষ্টীম কুকাৰ, ডিজেল ফাৰ্নেচ, বীজাণুমুক্তকৰণ টেংক, সৰু বাচন, মগ, কাপ আদিৰ বাবে ১ লাখ টকাৰ পৰা ১.৭৫  লাখ টকালৈ ব্যয় কৰিব লাগিব । কে.ভি.আই.চি.-ৰ পদ্ধতি গ্ৰহণ কৰি, আপুনি এবছৰত প্ৰায় ১৯৩ কুইন্টাল পিঁয়াজ পেষ্ট উৎপাদন কৰিব পাৰে । যদি পেষ্টৰ প্ৰতি কুইন্টালত ৩ হাজাৰ টকাকৈ  গণনা কৰা হয়, তেন্তে এই পেষ্টৰ মূল্য বজাৰত ৫.৭৯  লাখ টকালৈকে হ'ব ।

পিয়াঁজৰ পেষ্টৰ পৰা লাভ

যদি আপুনি পিয়াঁজ পেষ্ট মাৰ্কেটিঙৰ পৰা বজাৰত বিক্ৰী কৰালৈকে কঠোৰ পৰিশ্ৰম কৰে, তেন্তে আপুনি এবছৰত প্ৰায় ৭.৫০ লাখ টকাত পেষ্ট বিক্ৰী কৰিব পাৰে । আপোনাৰ মুঠ ব্যয় ১.৭৫ লাখ টকালৈকে হ'ব আৰু লাভ বাৰ্ষিক ১.৪৮ লাখ ভিতৰত থাকিব ।

লগতে পঢ়কঃ Broccoli Farming:লাভজনক উৎপাদনৰ বাবে আপুনি কেনেদৰে কৰিব ব্ৰ'কলি খেতি?

English Summary: Business Idea 2022:Earn lakhs of rupees from home by trading onion paste

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.