1. অন্যান্য

নিগনিৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰক এই পদ্ধতি!

KJ Staff
KJ Staff

নিগনি এন্দুৰ বৰ্গৰ আটাইতকৈ সৰু সদস্য বুলিব পাৰি। নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হ'ব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।

নিগনিয়ে প্ৰায় নিৰামিষ খাদ্য খোৱা দেখা যায়, কিন্তু প্ৰকৃততে নিগনি সৰ্বভোজী। নিগনিয়ে মৃত নিগনিৰ শ, ফল, গুটি শস্য, আৰু আকালৰ সময়ত নিজৰ নেজো খোৱা দেখা যায়। বিশেষকৈ বাৰিষাকালৰ পিছত নিগনিয়ে কৃষিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে।

 নিগনি ৰোধিবলৈ কৃষক সকলে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা আন-আন উপায় সমূহ

  • কৃষক সকলে নিগনি মৰা ঔষধ আৰু মিলেটৰ পাউডাৰৰ মিশ্ৰন প্লাষ্টিৰ পেকেটক ভৰাই গছৰ ওপৰত থৈ দিয়ে। নিগনিয়ে এই মিশ্ৰনটো খাই মৰে। কিন্তু বাৰিষা কালত এই বিহৰ ফান্দে কাম নকৰে।

  • কৃষক সকলে ভজা বাদামৰ গুড়ি, তিল, ধনীয়া আৰু নিগনি মৰা ঔষধ কাপোৰত মেৰিয়াই গছৰ ওপৰত ৰাখে। দুয়োটা পদ্ধতিয়েই ভয়ানক কাৰণ এইবোৰ খাই মৰা নিগনি খোৱা চৰাইয়ো মৰে।

  • কৃষক সকলে নিগনি ধৰা মানুহো নিয়োগ কৰিলে কিন্তু সেইবোৰো খৰচী কাৰণ এটা নিগনি ধৰাৰ বিপৰীতে নিগনি ধৰা মানুহে 25ৰ পৰা 30 টকা লয়।

অভিনৱ ফান্দৰ বিষয়ে

কৰ্ণাটকৰ টোমকুৰ জিলাৰ শ্ৰী অৰুণ কুমাৰে নিগনি ধৰাৰ বাবে পৰিবেশ বন্ধুভাৱাপন্ন ফান্দ সাজি উলিয়াইছে।

  • ফান্দটোত থকা তাঁৰডাল বাহৰ পুৰণি বাস্কেটৰ চাৰিওটা কোণ সংযুক্ত কৰি এটা প্লাষ্টিকৰ সূতাৰ লগত সংযুক্ত হৈ থাকে। প্লাষ্টিকৰ সূতাডাল নাৰিকলৰ পাতৰ লগত সংযোগ কৰা থাকে যিটো তল-ওপৰ কৰিব পাৰি। ফান্দটো বাহৰ বাস্কেটৰ ভিতৰত ৰখা হয় আৰু কূটি লোৱা নাৰিকলৰ খোলা ইয়াৰ লগত সংযোগ কৰি ৰখা হয়।

  • নিগনিবিলাক নাৰিকলৰ টুকুৰা বিলাকৰ প্ৰতি আকৰ্ষিত হৈ ফান্দৰ ভিতৰলৈ গৈ মৰে। মৃত নিগনিবিলাক উলিয়াই আনি মাটিত পুতি থোৱা হয়। এই পদ্ধতিত প্ৰায় 3-4 টা নিগনি ফান্দত পেলাই মাৰিব পৰা যায়। কিন্তু ই স্থায়ী সমাধান আগ নবঢ়ায় কাৰণ মৃত নিগনিৰ দেহৰ পৰা এবিধ ফেৰ’মন উলায় যিটোৱে আন নিগনি এই অঞ্চলত নোসোমাবলৈ সতৰ্কতাৰ ইঙ্গিত দিয়ে ফলত নিগনিবোৰ আন অঞ্চললৈ গুছি যায়।

  • শ্ৰী কুমাৰে উলিওৱা এই ফান্দটোৰ দাম ফান্দ প্ৰতি প্ৰায় 30-35 টকা.

উৎস: আইএনডিজি দল (সংগৃহীত)

লগতে পঢ়ক-সৰ্প দংশনত কি নকৰিব?

English Summary: New innovations to protect against rat infestation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.