1. অন্যান্য

সৰ্প দংশনত কি নকৰিব?

KJ Staff
KJ Staff
Snake Bite
Snake Bite

১। ভয় নকৰিব, শংকাৰ বাতাবৰণ গঢ়িবলৈ চেষ্টা নকৰিব আৰু লৰচৰ নকৰিব। খোজ কাঢ়িবলৈ বা দৌৰিবলৈ নিদিব, এনে কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি হ’ব। ৰোগীক এটি স্হানত বহাই দিব।

২। কটা-চিঙা নকৰিব। দংশিত স্হানৰ পৰা মুখেৰে বিহ Suck  কৰাৰ চেষ্টা নকৰিব।

৩। বেজ বা গাৱলীয়া চিকিৎসা কৰিবলৈ নাযাব, গতিকে সময় নষ্ট নকৰি তৎক্ষণাত চিকিৎসালয়লৈ যাব। চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ফলত এটি প্ৰাণ বাচি উঠিব। চিকিৎসালয়ত এণ্টিভেনম নাথাকিলেও চিকিৎসকে আপোনাক জনাব পাৰিব এণ্টিভেনম ক’ত পোৱা যাব।

৪। সাধাৰণতে দেখা যায় যে সাপে খোটা ভৰি বা হাতখন কাপোৰ, ৰচী-তাঁৰ আদিৰে অত্যাধিক তানকৈ বান্ধ দিয়ে। এইটো ব্যৱস্হা আচলতে ৰোগীজনৰ বাবে মাৰাত্মক হ’ব পাৰে। কাৰণ অত্যাধিক তানকৈ বান্ধ দিয়াৰ ফলত ৰক্ত সঞ্চালন সমূলি বন্ধ হৈ ৰোগীজনৰ হাত বা ভৰিখন চিৰদিনৰ বাবে বিকল হৈ পৰিব পাৰে। আৰু লগতে আঙুঠি-খাৰু থাকিলে খুলি দিব লাগে।

৫। সাপে কামোৰা ঠাই টুকুৰা নুধুব, এনে কৰিলে হেঁচা খাই দেহৰ ৰক্ত সঞ্চালন বৃদ্ধি হ’ব পাৰে। লগতে আপোনাৰ অমূল্য সময় নষ্ট হ’ব পাৰে। ৩০-৬০ মিনিট সময় ৰোগীৰ বাবে সোণালী সময়। সেয়েহে সময়ৰ অপব্যৱহাৰ নকৰি ৰোগীক চিকিৎসালয়ত আৰু যিমান পাৰি কম সময়ৰ ভিতৰত চিকিৎসকৰ ওচৰ চপা উচিত।

বিষাক্ত সৰ্প দংশনত কি কি হ পাৰেঃ

১। দংশন কৰা ঠাই টুকুৰা লগে লগে দৃষ্টিগোচৰ নহ’ব পাৰে।

২। কামোৰা ঠাই টুকুৰাৰ পৰা ৰক্তক্ষৰণ অসহ্য বিষ। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, কটা ঘাৰ পৰা তেজ ওলোৱা, প্ৰস্ৰাৱত তেজ ওলোৱা।

৩। মূৰৰ বিষ হোৱা, পেটৰ বিষ হোৱা, খাদ্য গিলাত অসুবিধা।

৪। চকুৰ পতা ওলমি যোৱা অথবা ভালকৈ দৃষ্টিগোচৰ নোহোৱা।

সৌৰভ বৰকটকী

অসম চৰকাৰৰ বঁটা প্ৰাপ্ত প্ৰাক্তন অবৈতনিক

বন্য প্ৰাণী ৱাৰদেন তথা সৰ্পবান্ধৱখ্যাত

ফোনঃ ৭০০২০৯৬৬২১

লগতে পঢ়ক-কম বিনিয়োগেৰে আৰম্ভ কৰক এই স্বদেশী ব্যৱসায়-

English Summary: What not to do with snake bite?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.