1. অন্যান্য

KISAN RAIL : কম খৰচত ৰে’লেৰে কৃষক উৎপাদিত সামগ্ৰীসমূহ বহি:ৰাজ্যলৈ কিদৰে নিব কৃষকে !

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কিষাণ ৰে'ল
কিষাণ ৰে'ল

কৃষি জাগৰণ অসমে সদায় কৃষকসকলক খেতিৰ কৰিবলৈ উদগণি, উতসাহ আৰু নতুন প্ৰজন্মক কৃষিৰ মাজত লুকাই থকা সম্ভাৱনাক অৱগত কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু খেতি কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা সময়তে আমাক বহুজনে জনায় যে পথাৰত উতপাদিত ফচল বিক্ৰি কৰিবলৈ বজাৰৰ অভাৱ। বা মধ্যভোগীক কম দামত ফচলসমূহ বিক্ৰি কৰিবলগীয়া হয়। ইয়াৰ মাজতে বহু কৃষকে বাৰীৰ শাক-পাচলি বজাৰৰ অভাৱত গৰু-ছোৱালীক খোৱাব লগীয়া হয় নাইবা গছতে পুৰঠ হৈ গেলি যায়। কিন্তু একেসময়তে এনেদৰে বজাৰৰ অভাৱত নষ্ট হৈ যোৱা শাক-পাচলি বা সামগ্ৰীসমূহ বহি:ৰাজ্যসমূহত অভাৱৰ বাবে অত্যধিক দামত ক্ৰয় কৰে গ্ৰাহকে।

এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতীয় ৰে'লুৱৈ কৃষকসকলৰ দ্বাৰা উৎপাদিত গাখীৰ, মাংস আৰু মাছকে ধৰি পচনশীল সামগ্ৰীৰ পৰিবহণৰ বাবে কিষাণ ৰে'ল সেৱা অব্যাহত ৰাখিছে। এই কিষাণ ৰে'লে কৃষকক বজাৰ আৰু দূৰৱৰ্তী গ্ৰাহকৰ সৈতে সংযোগ কৰি কৃষি খণ্ডত উপাৰ্জন বৃদ্ধি কৰা। বৰ্তমান আগৰতলা, ডিমাপুৰ, চাংচাৰী, নিউ গুৱাহাটী, যোৰহাট টাউন, আজাৰা, তিনিচুকীয়া, ভাংগাৰ দৰে স্থানসমূহ এন এফ আৰত 'কিষাণ ৰে'লৰ দ্বাৰা সামৰি লোৱা হৈছে। এই কিষাণ ৰে'লসমূহে দেশৰ বিভিন্ন স্থানৰ বজাৰলৈ কৃষিজাত সামগ্ৰীসমূহ কম খৰচত পৰিবহন কৰাত সহায় কৰে।

কিষাণ ৰে'লত কেনেদৰে বুকিং কৰিব কৃষকে :

যিসকল কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী বহিঃৰাজ্য বা আন বজাৰলৈ নিব বিচাৰে তেওঁলোকে আঁচনিখনৰ অধীনত আবেদন কৰিব পাৰে। নাইবা কৃষকসকলে ওচৰৰ ৰে’ল ষ্টেচনলৈ গৈ এই সন্দৰ্ভত ৰেল বিষয়াৰে কথা পাতি টিকেট কৰিব পাৰে।  আৰু কিষাণ ৰেল সন্দৰ্ভত সবিশেষ তথ্য লাভ কৰিব পাৰিব।

লগতে পঢ়ক- 

এই জাতৰ মধুৰি পুলিৰ বাবে উল্লিখিত নম্বৰত ফোন কৰক

কিষাণ ৰে’লৰ সুবিধাসমূহ-

  • কিষাণ ৰেলৰ জৰিয়তে, কৃষকসকলে উচিত মূল্য পাবলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰী ভাল বজাৰলৈ বিতৰণ কৰিব পাৰে।
  • কিষাণে তেওঁলোকৰ সামগ্ৰীবোৰ পোনপটীয়াকৈচহৰ অঞ্চল বা দাবী কৰা এলেকাত বিক্ৰী কৰিব পাৰে।
  • ৰেফ্ৰিজেৰেটৰ সংযুক্ত ডবাৰ জৰিয়তে পচনশীল কৃষিজাত সামগ্ৰী সময়মতে বজাৰত বিক্ৰি কৰিব পাৰে।
  • সামগ্ৰীবোৰ কিষাণ ৰে'ল সেৱাৰ দ্বাৰা কম খৰচ আৰু দ্ৰুত পৰিবহণৰ জৰিয়তে বিক্ৰি কৰিব পাৰিব।

উল্লেখ্য যে আমাৰ গ্ৰাম্য কৃষকসকলে বহু সময়ত নিজৰ উৎপাদিত শস্য বজাৰৰ অভাৱত বিক্ৰি কৰিব নোৱাৰে বা কম কম দামতে বিক্ৰি কৰিব লগা হয়। কিন্তু আমাৰ বহু খেতিয়কে কিষাণ ৰে'লেৰে সামগ্ৰীসমূহ বহিঃৰাজ্য বা আন ঠাইৰ বজালৰৈ নি বিক্ৰি কৰিব পাৰে এই বিষয়ে নাজানে। যাৰবাবে বজাৰ অভাৱত বহু সময়ত লোকচানৰ সন্মুখীন হৈ আহিছে আমাৰ কৃষকসকল। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহিব যে ঘৰৰ ইমান কম শাক-পাচলি এখিনি ৰে’লে নি দূৰত বিক্ৰি কৰিবলৈ গলে কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰে হ’ব। তাৰবাবে কৃষকসকলে কেইবাজনো কৃষক একলগ হৈ ওচৰ-পাজৰ এই কৃষিজাত সামগ্ৰীসমূহ সংগ্ৰহ কৰি একেলগে দূৰৰ বজাৰলৈ নিব লাগে। ইয়াৰ পূৰ্বে আপুনি বিক্ৰি কৰিবলৈ নিয়া সামগ্ৰীসমূহ ক’ত আৰু কাক বিক্ৰি কৰিব তাৰ পূৰ্বৰ পৰিকল্পনা কৰিব লাগিব। সম্প্ৰতি এই কামসমূহ কৰি আছে FPO অৰ্থাত কৃষক উতপাদক গোটসমূহে। দূৰৰ গ্ৰাহক আৰু বজাৰৰ বিষয়ে জানিবলৈ কৃষক উতপাদক গোটসমূহৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। লগতে এইবিষয়ে ফোনযোগে সবিশেষ জানিবলৈ এই 1800 180 1551 নম্বৰত কল কৰিব। যদি আমাৰ লেখাটোৱে আপোনাক অকণমান হ’লেও সহায় কৰিছে বুলি অনুভৱ কৰে পেজটো লাইক কৰিব।

লগতে পঢ়ক- 

ঘৰৰ বাৰীতে কৰা নেমুৰে খেতিৰে উপাৰ্জন দিলোৱাৰ হুছেইন তাপাদাৰৰ

English Summary: KISAN RAIL A BOON FOR FARMERS

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.