
আলোক সাগৰ নামটো শুনিছেনে ? বেছিভাগৰে উত্তৰ হ'ব নাই শুনা ! হয় বহুতেই শুনা নাই আৰু এনেদৰে নাম নুশুনাকৈয়ে পৰিৱেশ ৰক্ষাৰ বাবে সদায়ে যুঁজ দি আহিছে বহুজনে। তাৰে ভিতৰৰ এগৰাকী লোক হৈছে আলোক সাগৰ।
দিল্লীৰ আই আই টিৰ পৰা ইলেক্টনিকেল ইঞ্জিনিয়াৰিং বিভাগত স্নাতক লৈ আমেৰিকাৰ হিউষ্টন ইউনিৰ্ভাৰচিটিৰ পৰা আলোক সাগৰে পি এইচি ডি উপাধি লাভ কৰিছিল। ইয়াৰ পাছতে তেওঁ দিল্লীৰ আই আই টিত শিক্ষক হিচাৰে যোগদান কৰিছিল আলোক সাগৰে। মাহিলী লাখ টকাৰ দৰমহা পোৱা আলোকে এটা বিলাসী জীৱন কটাব পাৰিলেহেতেন, কিন্তু এনে নহ'ল। আলোক সাগৰে আই আই টিৰ চাকৰি এৰি গুছি গৈছিল মধ্যপ্ৰদেশ বেতুল জিলাৰ মৰুভূমি সদৃশ আদিবাসীলোকৰ বাসস্থান কৌছামাও গাঁৱলৈ। নিজৰ শৈক্ষিক সকলো ডিগ্ৰী গোপনে ৰাখি তেওঁ তাতে থাকিবলৈ ল'লে এটা জুপুৰীত। উচিত শিক্ষাৰ পৰা বঞ্চিত গাঁৱৰ ছাত্ৰ-ছাত্ৰীক আলোকে বিজ্ঞান পঢ়াবলৈ ল'লে আৰু লগতে আৰম্ভ কৰিলে গছ ৰোৱাৰ এক আন্দোলন।
লগতে পঢ়ক-
বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

আলোকে গাঁৱখনৰ বিভিন্ন স্থানত ৰোপন কৰিলে বহু প্ৰজাতিৰ গছ। ১৯৯০চনৰে পৰা সেই গাঁৱখনত আলোকে ৰুইছে প্ৰায় লক্ষাধিক ভিন্ন প্ৰজাতিৰ গছ। তেওঁ ৰুৱা ফলমূলৰ গছবোৰত এতিয়া ডাল ভৰি ফল ধৰে। উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনকো শিক্ষাদান কৰিছিল এই আলোক সাগৰে। ৯০ দশকত মৰুভূমিসদৃশ গাঁৱখন এতিয়া সকলোফালে সেউজীয়া। এই কৃতিত্ব নিশ্চিতভাৱে আলোক সাগৰেই পাব। কিন্তু কোনোদিন নিজৰ পৰিচয় নিদি কেৱল সমাজ আৰু পৰিৱেশৰ বাবে কাম কৰি যোৱা আলোকক এবাৰ ধৰি নিছিল আৰক্ষীয়ে। অভিযোগ আছিল তেওঁ নক্সালবাদীৰ সৈতে সম্পৰ্ক আছে।

কিন্তু তেওঁৰ সকলো চাৰ্টিফিকেট দেখি তবধ মানিলে আৰক্ষীয়েও। লাখটকাৰ চাকৰি এৰি অহা আলোকৰ সম্পত্তি বুলিবলৈ আছে দুটা কুকুৰ, এখন চাইকেল আৰু এটা ভঙা জুপুৰী। আলোক সাগৰে বিগত ৩০বছৰে মানুহক বুজাই দিলে যে, পৰিৱেশৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছা থাকিলে কিদৰে মৰুভূমিতো গঢ় দিব পাৰি সেউজীয়া অৰণ্যৰ।
লগতে পঢ়ক-
Share your comments