1. News

বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Lloyds appoints Chirantan Barua as CEO of insurance businesses
Lloyds appoints Chirantan Barua as CEO of insurance businesses

যি সময়ত ৰাজ্যত অসমীয়া ভাষাক আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ক ক্ৰমান্বয়ে এলাগী কৰি অনা হৈছে, সেই সময়তে নামৰূপ মডেল স্কুলত অসমীয়া মাধ্যমত প্রাথমিক শিক্ষা গ্রহণ কৰা যোৰহাটৰ এজন অসমীয়া যুৱকে লণ্ডনস্থিত বিশ্বখ্যাত কোম্পানী লয়ড গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে নিযুক্তি পাইছে।

লগতে পঢ়ক-

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

বিশ্বত অসমীয়াগিৰি দেখুৱাই দিয়া লয়ডৰ বেংকিং গ্রুপৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী বিষয়া চিৰন্তন বৰুৱাই এণ্টনিঅ' লঞ্জেৰ স্থানত নিযুক্তি লাভ কৰিছে। ইয়াৰ পূৰ্বে বৰুৱা এইচ এছ বি চি নামৰ আন এটা বিশ্বখ্যাত কোম্পানীৰ ষ্টেটেজি বিভাগৰ গ্ল’বেল হেডৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

অসমীয়া মানুহক এতিয়াও জংঘলী বুলি ভাবি থকা এইজন অসমীয়াই এতিয়াই একাধিক বৃহৎ বহুজাতিক কোম্পানীক পথ দেখুৱাই থকাই নহয়, বিশ্বৰ বজাৰত ফেৰ মাৰিব পৰাকৈ সক্ষম কৰি তুলিছে। উল্লেখযোগ্য যে যোৰহাটৰ প্ৰাক্তন সাংসদ ৰাজেন্দ্ৰ নাথ বৰুৱাৰ নাতি তথা যোৰহাট নগৰৰে তৰুণৰাম ফুকন পথৰ এসময়ৰ বাসিন্দা চিৰন্তন বৰুৱাৰ প্ৰতিভা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত আৰু এইজন অসমীয়াৰ যোগ্যতাক বাঘা বাঘা আন্তঃৰাষ্ট্ৰীয় অর্থনীতিবিদে সন্মান জনাবলৈ বাধ্য হৈছে। এখন বিদেশী কাকতত দিয়া এক সাক্ষাৎকাৰত লয়ডছৰ বেংকিং গ্রুপৰ গ্ৰুপ মুখ্য কাৰ্যবাহী চার্লি নানে কৈছে যে চিৰন্তন বৰুৱা বিশ্বৰ ফাইনেন্স ছেক্টৰৰ এক সম্পদ।

গতিকে তেওঁৰ দৰে এজন প্ৰতিভাধৰক লয়ডে মুখ্য কাৰ্যবাহীৰূপে পোৱাটো পৰম সৌভাগ্য। বীমা ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশত এক সুকীয়া পৰিচয়েৰে জিলিকি থকা লয়ডছ কোম্পানী এজন অসমীয়াৰ নেতৃত্বত কিমান দূৰ আগবাঢ়ি যাব পাৰে, সেয়া সময়ে ক'ব। কিন্তু এটা লণ্ডনস্থিত বহুজাতিক কোম্পানীয়ে বৰুৱাৰ যোগ্যতাক দিয়া এই সন্মানে নিশ্চিত ৰূপত প্ৰতিজন অসমীয়াকে গৌৰৱান্বিত কৰিছে।

লেখক- কংকণ বৰঠাকুৰ

লগতে পঢ়ক- 

অসম মিলেট মিছন কি? অসমৰ কোনকেইখন জিলা সামৰি লোৱা হৈছে এই মিছনৰ অধীনত?

English Summary: Lloyds appoints Chirantan Barua as CEO of insurance businesses

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.