1. অন্যান্য

কৃষি বিভাগৰ বীজ লাভ কৰা কৃষকে খেতি নকৰিলে ৰুজু হ'ব গোচৰঃ ৰণজিৎ দাস

PANKAJ KHANIKAR
PANKAJ KHANIKAR

শীতকাল আৰম্ভ হোৱাৰ লগে লগেই ৰাজ্যৰ কৃষকসকলক ৰৱিশশ্যৰ খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন পৰিকল্পনা হাতত লৈছে। ৰবিশস্যৰ বতৰ অহাৰ লগে লগে কৃষকসকলৰ মাজত বীজ বিতৰণ আৰু ঠাইবিশেষে ৰবিশস্য বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ প্ৰশিক্ষণ প্ৰদান অব্যাহত ৰাখিছে ৰাজ্যৰ কৃষি বিভাগে। নিসন্দেহে ৰাজ্যৰ কৃষিখণ্ডৰ বাবে ভাল খবৰ।

কিন্তু দুর্ভাগ্যজনকভাবে বহু কৃষককে বহু ক্ষেত্ৰত এই আঁচনিসমূহৰ সুফল লাভ কৰাৰ চেষ্টা কৰা নাই কিম্বা লাভ কৰিব পৰা নাই। তদুপৰি বহুসময়ত একাংশ কৃষকে চৰকাৰৰ বীজ লাভ কৰিও খেতি নকৰা পৰিলক্ষতি হয়। এই সন্দৰ্ভত শনিবাৰে বজালী জিলাৰ মুৰীয়াত কৃষি বিভাগৰ পৰা আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে কৃষি বীজ লাভ কৰা প্ৰতিগৰাকী কৃষকৰ খেতি চাবলৈ ঘৰে ঘৰে যাব লাগিব বজালীৰ দণ্ডাধীশ। বীজ লাভ কৰা যিসকল কৃষকৰ ঘৰত দণ্ডাধীশে খেতি দেখা নাপায় তেওঁলোকৰ বিৰুদ্ধে বজালীৰ উপায়ুক্তই গোচৰ তৰিব লাগিব।

বজালী জিলাৰ মুৰীয়াত কৃষি বিভাগৰ পৰা আয়োজিত সভাৰ কিছু দৃশ্যাংশ
বজালী জিলাৰ মুৰীয়াত কৃষি বিভাগৰ পৰা আয়োজিত সভাৰ কিছু দৃশ্যাংশ

কৃষি আৰু কৃষক সন্দৰ্ভত কেবাটাও তাৎপর্যপূর্ণ মন্তব্য আগবঢ়োৱাৰ পিছতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সন্মুখতে একাংশ কৃষকে অদ্যপি কোনো ধৰণৰ বীজ লাভ কৰা নাই বুলি ক্ষোভ উজাৰে। ৰাইজৰ অভিযোগ শুনাৰ পিছত সভাতে কৃষি বিষয়া, কৰ্মচাৰীক মন্ত্ৰী দাসে ভৎসনা কৰে। এই ক্ষেত্ৰত অতি শীঘ্ৰে বজালি জিলা উপায়ুক্তক তাৎক্ষণিক ব্যৱস্থা ল'বলৈও নির্দেশ দিয়ে মন্ত্রী দাসে। ইপিনে আজি অনুষ্ঠিত কৃষি বিভাগৰ এই অনুষ্ঠানৰ পিছতে বজালীৰ মুখৰীয়াৰ পথাৰত মূৰত গামোচা বান্ধি Combine harvester নামৰ এখন অত্যাধুনিক ধান কটা গাড়ী চলাই মন্ত্ৰীগৰাকীয়ে নিজে ধান কটাও পৰিলক্ষিত হয়।

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ আয় দুগুণ কৰিবৰ বাবে দৃঢ়সংকল্প গ্রহণ কৰিছে। আৰু তাৰ বাবে কৃষি ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সঠিক ব্যৱহাৰৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত কৃষিকার্য সমাপন কৰাৰ উদ্দেশ্যৰেই সমগ্ৰ ভাৰতবৰ্ষত ধান কটা আৰু ধান চপোৱা সঁজুলি বিতৰণ কৰা হৈছে। আৰু অসমতো কৃষিখণ্ডক আৰু কৃষক আগুৱাই নিয়াৰ লক্ষ্যৰে কৃষি বিভাগে কাম-কাজ অব্যাহত ৰাখিছে।

লগতে পঢ়ক- 

শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম পৰিদৰ্শন কৰি উৎফুল্লিত মন্ত্ৰী অতুল বৰা

English Summary: Seeds distributed by the Department of Agriculture

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.