1. অন্যান্য

বান অহাৰ পূৰ্বে আপাতকালীনভাৱে কি কি সামগ্ৰী মজুত ৰাখিব?

KJ Staff
KJ Staff

জলন্ত সমস্যা বানৰ সময়ত অসমৰ প্ৰায় সংখ্যক কৃষিজীৱি লোকেই  বৃহৎ ক্ষতি সন্মুখীন হ'বলগীয়া হয় । বহু লোকে খেতি মাটিৰ লগতে ঘৰ-বাৰীও হেৰুৱাবলগীয়া হয় । বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি এই সময়ছোৱা বান পীড়িত লোকৰ বাবে অতি প্ৰত্যাহ্বানমূলক ।

বানৰ সৈতে মকাবিলা কৰিব পৰাকৈ প্ৰত্যেক গৰাকী লোকেই আগতীয়া সাৱধানতা লোৱাৰ অতি প্ৰয়োজন । বিশেষকৈ বানৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ মজুত কৰাটো অতি প্ৰয়োজন । ই সাম্ভাব্য দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ পৰা আপোনাক ৰক্ষা কৰিব ।

বান অহাৰ পূৰ্বে আপোনাৰ কৰিবলগীয়া

  • তিনিদিন জোৰাকৈ ( প্ৰত্যেক গৰাকী লোকৰ বাবে প্ৰতিদিনে ৪ লিটাৰকৈ) খোৱা পানী আৰু সহজে বেয়া নোহোৱা খাদ্য-সামগ্ৰী মজুত কৰি ৰাখিব ।
  • পিন্ধা কাপোৰ আৰু প্ৰতিজন ব্যক্তিৰ বাবে এযোৰকৈ জোতা আৰু চেণ্ডেল, এখনকৈ কম্বলৰ ব্যৱস্থা কৰা ।
  • জৰুৰীকালীনভাৱে স্বাস্থ্য যতম লোৱাৰ বাবে চিকিৎসাৰ সা-সঁজুলি আৰু ঔষধ-পাতি মজুত কৰি ৰাখিব ।
  • জৰুৰীকালীন ভাৱে ব্যৱহৃত সামগ্ৰী যেনে ৰেডিঅ', টৰ্চলাইট, বেটাৰী আদি ব্যৱস্থা কৰিব ।
  • অতিৰিক্ত গাড়ী চাবি, ক্ৰেডিট কাৰ্ড, টকা-পইচা, ট্ৰভেলাৰ্ছ চেক আদি প্ৰয়োজুন অনুসৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব বা লগত ৰাখিব ।
  • শিশু, মহিলা, বয়োজ্যেষ্ঠ বা বিকলাংগ ব্যক্তিৰ প্ৰয়োজনীয় বিশেষ সামগ্ৰীৰ লগত ৰাখিব । লগতে এযোৰ চশমা মজুত ৰাখিব ।
  • পৰিয়ালৰ অত্যাৱশ্যকীয় নথি-পত্ৰ আদি পানীত তিতিব নোৱাৰাকৈ এটা টোপোলাত বান্ধি ৰাখক ।

লগতে পঢ়কঃ বাৰিষাৰ বেমাৰৰ পৰা গৰু-ম'হক ৰক্ষা কৰিবলৈ ল'বলগীয়া প্ৰাথমিক যতন

English Summary: Important emergency measures before floods in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.