1. অন্যান্য

পথাৰত কাম কৰি থকাৰ অৱস্থাত বজ্ৰপাত মাৰিলে কি কৰিব ?

KJ Staff
KJ Staff

বাৰিষাৰ সময়ছোৱাত বজ্ৰপাত আৰু বিজুলী ঢেৰেকণিৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে ।  পথাৰত কাম কৰি থকাৰ অৱস্থাত বজ্ৰপাত পৰি খেতিয়কৰ মৃত্যু খবৰ প্ৰায়ে পাই থাকো ।  গতিকে  বজ্ৰপাত আৰু বিজুলী ঢেৰেকণিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কিছুমান সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ।

বজ্ৰপাত হৈছে ঢেৰেকনিৰ সময়ত উৎপন্ন হোৱা এক দৃশ্যমান প্ৰাকৃতিক আধান য'ত প্ৰচণ্ড শব্দ আৰু দৃশ্যমান পোহৰৰ লগতে অন্য ধৰণৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ নিৰ্গত হয় । বজ্ৰপাতে চৌপাশৰ বায়ুক ৫৮০০০ ডিগ্ৰী ফাৰেনহাইট মানলৈ উত্তপ্ত কৰে । ক্ষীপ্ৰ আৰু চৰম উত্তাপত বায়ু বিস্ফোৰিত আৰু প্ৰসাৰিত হৈ প্ৰচণ্ড শব্দ তৰংগ হিচাপে সকলো দিশত বিয়পি পৰে । মনত ৰাখিব বজ্ৰপাত সকলো ঢেৰেকনি সময়তে সংঘটিত হয় ।

পথাৰত কাম কৰি থকাৰ অৱস্থাত বজ্ৰপাত মাৰিলে কি কৰিব ?

  • পানী, ওখ ঠাই, মুকলি ঠাই, গছ, খুঁটা বা ধাতবীয় বস্তুৰ পৰা আঁতৰত থাকিব ।
  • বনভোজ গৃহ বা অসুৰক্ষিত খোলা গৃহত আশ্ৰয় লোৱাৰ পৰা বিৰত থাকিব ।
  • মাটিত দীঘল দি শুই নিদিব । কাৰণ মাটিত দীঘল দি পৰিলে আপোনাৰ বজ্ৰপাতৰ পৰা ক্ষতি হোৱা আশংকা বহু বেছি হয় ।
  • যদি আপুনি নাওঁ বাই বা সাঁতুৰি আছে, তেন্তে মাটিলৈ আহক আৰু তৎক্ষণাত নিৰাপদ আশ্ৰয় বিচাৰি লওক ।
  • দীঘল বস্তু যেনে- স্তম্ভ, জেওৰা, টেলিফোনৰ খঁটা আৰু বিজুলী লাইনৰ পৰা আঁতৰি থাকক ।
  • আপুনি যদি ট্ৰেক্টৰ চলাই তাকে তেন্তে বিজুলী ঢেৰেকনি মৰা লগে লগেই ট্ৰেক্টৰখনৰ ৰখাই আশ্ৰয় স্থানলৈ যাওক ।

লগতে পঢ়কঃ Bird Flu H3N8 : মানুহৰ দেহত ধৰা পৰিছে মাৰাত্মক বাৰ্ড ফ্লুৰ নতুন চাপ

English Summary: Precautions to be taken during lightning

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.