1. পশুপালন

বাৰিষাৰ সময়ত পশুপালক সকলে ল'বলগীয়া সাৱধানতা

KJ Staff
KJ Staff

বাৰিষা অহাৰ লগে লগে অসমৰ পশুপালক সকলৰ এটা সমস্যা হৈছে পশুধনক সুৰক্ষা প্ৰদান কৰা । এই সময়ছোৱাতে পশুধনবোৰ বিভিন্ন ৰোগত আক্ৰান্ত হয় । ইয়াৰ উপৰিও এই সময়ত পশুধনৰ মৃত্যু হোৱাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হয় ।

উল্লেখ্য যে, বাৰিষাৰ সময়ছোৱাত বানৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ পশুপালক সকলৰ পশুধনবোৰক এক সুৰক্ষিত স্থানত সংস্থাপিত কৰা । এইন সময় ছোৱাত পশুপালক সকলে তেওঁলোকৰ পশুধন খুঁটিৰ পৰা চাং বা ওখ ঠাইত ৰাখিবলগীয়া হয় । বিশেষ নদীপৰীয়া পশুপালক সকলৰ বাবে ই এক ডাঙৰ সমস্যা । তদুপৰি এই সময়ছোৱাত পশুধনৰ খাদ্যৰ অভাৱো দেখা যায় ।

এনে পৰিপেক্ষিত বাৰিষাৰ সময়ছোৱাত পশুধনক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব পাৰি সেই বিষয়ে এই শিতানত উল্লেখ কৰা হৈছে ।

বান সময়ত পশুধনক কেনেকৈ সুৰক্ষা দিবঃ

বানৰ পূৰ্বেই পশুপালক সকলে ওক ভেঁটি আৰু অস্থায়ী চাংঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰক । যাতে জৰুৰীকালীনভাৱে পশুধনবোৰৰ কোনো ক্ষতি নোহোৱাকৈ পালক সকলে অস্থায়ীভাৱে সংস্থাপিত কৰিব পাৰে ।

বানৰ সময়ছোৱাত পশুধনৰ খাদ্যৰ অভাৱ এটা ডাঙৰ সমস্যা । এই সময়ছোৱাত পশুধনসমূহক দলঘাঁহ, উলু, নল, তৰা, আম, কঁঠাল, ডিমৰু, আঁহত, শিমলু, কাঞ্চন, বাঁহগছৰ পাত, কলপাত আৰু ইয়াৰ গা-গছ সৰু সৰুকৈ কাটি খুৱাব পাৰে ।

বানৰ সময়ত পশুধনৰ বিভিন্ন ৰোগে দেখা দিয়ে । এই সময়ছোৱাত পশুধনৰ হাগনি, গ্ৰহণী, বদহজম, পেটফুলা, বিষক্ৰিয়া আৰু অন্যান্য সংক্ৰামক ৰোগৰ লক্ষণ দেখা দিয়ে । পশুপালক সকলে সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰিলে পশুধনৰ মৃত্যু হোৱাৰ সম্ভাৱনাও অধিক ।

বানৰ পাছত পশুপালক সকলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিবঃ

পশুধনৰ গোহালি বা খুঁটি, গৰাল আদি বীজাণুনাশক ঔষধেৰে পৰিষ্কাৰ কৰি বীজাণুমুক্ত কৰিব আৰু সম্পূৰ্ণৰূপে বীজাণু হোৱাৰ পাছত হে  পশুধনসমূহক খুঁটিত ৰাখিব ।

বানৰ পাছত পশুধনৰ চবকা, টেটুৰা, গলফুলা,জহৰবাত ,গাহৰি জ্বৰ (swine flue)আদি ৰোগে দেকা দিয়ে । গতিকে এই সময়ছোৱাত পশুপালক সকলে অধিক সচেতন হ'ব লাগে । এনে কোনো ৰোগৰ লক্ষণ দেখা পালে তৎক্ষণাৎ ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰি চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰক ।

বানৰ পাছত পশুধনৰ কোৱা বোৱাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব প্ৰদান কৰিব । বিশেষকৈ পশুধনক খাল-বিল লেতেৰা পানী,গেলা-পচা বস্তু,বোকা-পলস লাগি থকা ঘাঁহ-বন আদি খাবলৈ নিদিব ।

পশুধনৰ বাবে সংগ্ৰহ কৰা থলুৱা ঘাঁহ-বন ,পাত আদি পৰিষ্কাৰ পানীৰে ধুই শুকুৱাই খুৱাব। পশুধনৰ পেলুজাতীয় ৰোগৰ অৱস্থিতি ধৰা পৰিলে তাৎক্ষণিকভাৱে পশু চিকিৎসকৰ পৰামৰ্শ লৈ পেলুৰ ঔষধ খুৱাব।

চবকা ৰোগত আক্ৰান্ত পশুধনৰ প্ৰতিকাৰ আৰু সতৰ্কতামূলক ব্যৱস্থাঃ

চবকা ৰোগ হৈছে এবিধ বিষাণু (ভাইৰাছৰ)ৰ পৰা হোৱা পশুধনৰ সংক্ৰামক ৰোগ । ই অতি কম সময়ৰ ভিতৰত পশুধনৰ মাজত বিয়পিব পাৰে ।

প্ৰথমে জ্বৰ হয়,মুখৰ পৰা লেলাউতি ওলায় । ইয়াৰ পাছত দাঁতৰ আলু,জিভা আৰু ঠেঙৰ দুই খুৰাৰ মাজত পানীজোলা ওলায় । পানী জোলাবোৰ ফাটি ঘা হয় আৰু খাব নোৱাৰা হয় । গতিকে এই ৰোগৰ প্ৰতি অধিক সতৰ্ক হ'ব পশুপালক সকল ।

সতৰ্কতামুলক ব্যৱস্থা আৰু প্ৰতিকাৰ:

  • নিৰোগী পশুধনসমুহক প্ৰতিষেধক ছিটা দিয়াব লাগে । প্ৰথম ছিটা চাৰি মাহ আৰু দ্বিতীয় ছিটা আঠ মাহ বয়সত দিয়াব লাগে।তাৰ পিছত ছয় মাহৰ অন্তৰে অন্তৰে দিয়া উচিত।
  • বাৰিষা বতৰ আৰম্ভ হোৱাৰ আগতে এই ৰোগৰ প্ৰতিৰোধক ছিটা দিয়াব লাগে।
  • লক্ষণসমুহ দেখা পালে ততালিকে ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰিব।
    ৰোগৰ নমুনা পশু চিকিৎসকৰ জৰিয়তে সংগ্ৰহ কৰি ৰোগ নিৰুপণ পৰীক্ষাগাৰলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব।
  • ৰোগত আক্ৰান্ত পশুধনসমুহক চলা-ফুৰা বন্ধ কৰি বীজাণুনাশক ঔষধেৰে গোহালি পৰিষ্কাৰ কৰি ৰাখিব।
  • ৰোগত আক্ৰান্ত অঞ্চলৰ পৰা পশুখাদ্য ,ঘাঁহ-বন,দানা পানী,খেৰ আদি সংগ্ৰহ নকৰিব।
  • লেলাউতি আৰু মল-মুত্ৰৰে মিহলি হোৱা ঘাঁহ-বন,দানা-পানী,খেৰ আদি ভালদৰে পুতি বা পুৰি পেলাব।
  • ঘাবিলাক সম্পুৰ্ণ ভাল নোহোৱালৈকে পশুধনসমুহক জিৰণি দিব আৰু সহজে খাব পৰা কোমল ঘাঁহ-দানা দিয়াৰ ব্যৱস্থা কৰিব।
  • দাঁতৰ আলু আৰু জিভাৰ ঘাবোৰত অলপ ফিটকিৰি গুড়িৰ লগত অলপ গ্লিচাৰিন মিহলাই লগালে সোনকালে শুকুৱায়।
  • খুৰাৰ ঘাবোৰত এক শতাংশ পটাছ মিশ্ৰণৰ পানীৰে ধুৱাব। ঘাঁবোৰত পোক লাগিলে তাৰ্পিন তেল ব্যৱহাৰ কৰিব পাৰে।
  • স্বাস্থ্য ৰক্ষাৰ বাবে পোহনীয়া পশুধনক সময়মতে বিভিন্ন মহামাৰী ৰোগৰ প্ৰতিষেধক ছিটা দিয়াওক।
  • উপযুক্ত পৰামৰ্শ আৰু চিকিৎসাৰ বাবে ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰক।

লেখকঃ ডা:মাখন চন্দ্ৰ গগৈ

লগতে পঢ়কঃ  কৃত্ৰিম গো-প্ৰজনন পদ্ধতি সম্পৰ্কে-

English Summary: How to Care of Animals in Rainy Season

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.