এতিয়া চহৰে-নগৰৰ লগতে বহু গ্ৰামাঞ্চলত বান্দৰ উপদ্ৰৱৰ পৰা ৰক্ষা নোপোৱা হৈছে সাধাৰণ ৰাইজ। ইয়াৰ বাবে অৱশ্যে আমি মানুহেই যে দায়ী সেই কথা স্বীকাৰ কৰিব লাগিব। প্ৰতিদিনে হাবি-জংঘলবোৰ কাটি আমি খেতি কৰিবলৈ লৈছো, ঘৰ বনাবলৈ লৈছো। হাবি-জংঘলবোৰ কটাৰ ফলত বান্দৰৰ লগতে বন্য জীৱ-জন্তু থকা অঞ্চলসমূহ কমি আহিছে ফলত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বহু সময়ত জীৱ-জন্তুসমূহৰ আগমন ঘটে ফলত মানুহ আৰু বনৰীয়া জীৱ-জন্তুৰ মাজত সংঘাত সৃষ্টি হৈছে।
বনাঞ্চলৰ অন্য জীৱ-জন্তুৰ তুলনাত বান্দৰ সৈতে মানুহৰ সংঘাতে বৰ্তমান সময়ত তীব্ৰ ৰূপ ধাৰণ কৰিছে। বহু অঞ্চলত বান্দৰৰ বাবে কৃষকে, বা চহৰীয়া লোকে ঘৰত জলকীয়া পুলি এটা, বেঙেনা এজোপা ৰুৱ নোৱৰা পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ ৰুলেই বান্দৰে দুই এখিলা পাত হওঁতেই শেষ কৰে। কিন্তু আজি এই আলোচনাত আমাৰ পাঠকসকলক জনাম যে বান্দৰৰ উপদ্ৰৱ থকাৰ পাছতো বিশ্বনাথ জিলাৰ ৬ যুৱকে ৩৫ বিঘা মাটিত কেৰেলা, জিকা, কোমোৰা, তিয়ঁহ আদিকে ধৰি বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰিছে। তেওঁলোকৰ কি যাদু আছে যে বান্দৰৰ বাবে মানুহে জলকীয়া পুলি এটা ৰুৱলৈ নোৱৰা অঞ্চলত ৩০-৩৫ বিঘা মাটিত খেতি কৰি আছে।
লগতে পঢ়ক-
Monkey and Squirrel Problem: কেৰ্কেটুৱা ,বান্দৰ আৰু আমাৰ গ্ৰাম্য অৰ্থনীতি ....
বিশ্বনাথ জিলাৰ এই ৬ যুৱকে ২০১৯ চনতে বান্দৰ সমস্যাক প্ৰত্যাহ্বান জনাই বিগত ৫ বছৰে খেতি কৰি আহি আছে। তেওঁলোকে সৌৰ শক্তি চালিত এটা ঝটকা মেচিন কৃষি পথাৰত সংযোগ কৰি সেই বৃহত পৰিমাণৰ কৃষিভূমিত দীৰ্ঘদিন ধৰি খেতি কৰি আহিছে। তেওঁলোকে প্ৰথমে ইউটিউবত এই বান্দৰ খেদা মেচিনৰ সন্ধান কৰি মেচিনটোৰ সৈতে চিনাকী হয়।পৰৱৰ্তী সময়তে তেওঁলোকে ফিলিপকাৰ্টৰ এই মেচিনটো ক্ৰয় কৰে। ৫ বছৰ পূৰ্বে তেওঁলোকে এই মেচিনটো ১৪ হাজাৰ টকাত ক্ৰয় কৰিছিল। আপোনালোকক জনাও যে ৩৫ বিঘা মাটিত জেওঁৰা মাৰিবলৈ প্ৰতি দুবছৰত প্ৰায় ৫০ হাজাৰ ওচৰা-ওচৰি টকাৰ প্ৰয়োজন হ’ব। কিন্তু তেওঁলোকে মাত্ৰ ১৪ হাজাৰ টকা খৰচ কৰিয়েই বিগত ৫ বছৰে বান্দৰ আৰু গৰু ছাগলীৰ পৰা নিজৰ কৃষি পথাৰখন সুৰক্ষিত কৰি ৰাখিছে।
বহুসময়ত আমাৰ বহু ব্যক্তিয়ে বান্দৰ থকা অঞ্চলত খেতি কৰিব নোৱাৰি বুলি এক অভিযোগ উত্থাপন কৰি আহিছে। এই মেচিনটো সংস্থাপন কৰি কিন্তু বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলতো খেতি কৰিব পাৰি। এই মেচিনটোৰ এটা যোগাত্মক দিশ হ’ল যে এই মেচিনটোৱে দিয়া ঝাটকাই বান্দৰ বা অন্য জীৱ-জন্তুৰ বিশেষ ক্ষতি নহয়। বৰঞ্চ ওফৰাই পঠিয়াব। ভয় খাব। মৰি নাযায়।
বান্দৰৰ পৰা শস্য ৰক্ষাৰ এই উপায়টো ভিডিঅ আকাৰে চাবলৈ তলৰ লিংকটোত ক্লিক কৰক- https://www.youtube.com/watch?v=AAnbHpetkZo
                    
                    
                    
                    
                                        
                                            
                        
                        
                        
                        
Share your comments