বানপানী শেষ হোৱাৰ পিছত পথাৰত বালি বা পলস পৰে আৰু মুখ্য ধান খেতিড্ৰা ধ্বংস হয়। কিন্তু এনে সংকটকালত কৃষকে হতাশ নহৈ মাটিৰ আৰ্দ্ৰতা (Moisture) আৰু বৰষুণৰ প্ৰকোপলৈ লক্ষ্য ৰাখি বিকল্প বাম খেতিৰ পৰিকল্পনা কৰিব লাগে। ভাদ মাহত পানী শুকোৱাৰ পিছত পথাৰখন ১-২ বাৰ হাল বাই কম দিনতে হোৱা শস্য বাছনি কৰিব লাগে। এই পৰ্যায়ত পালেং, মূলা, আৰু ধনিয়া আদিৰ খেতি কৰাটো অতি লাভজনক। বীজ সিঁচাৰ মাত্ৰ ৪০ ৰ পৰা ৪৫ দিনৰ ভিতৰত এই শাকবোৰ চপাব পৰা যায়। যিহেতু এই সময়ত বজাৰত শাক-পাচলিৰ নাটনি থাকে, সেয়ে আগতীয়া খেতি হিচাপে এইবোৰৰ চাহিদা বহুত বেছি হয় আৰু কৃষকে অধিক বজাৰ মূল্য লাভ কৰিবলৈ সক্ষম হয়।
দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্ৰমিক কৃষি পদ্ধতি
আহিন মাহৰ শেষৰফালে সেই একেডোখৰ মাটিতেই পুনৰ ভালদৰে চাহ কৰি, পৰ্যাপ্ত পৰিমাণে গোবৰ বা পচন সাৰ প্ৰয়োগ কৰি দ্বিতীয়বাৰৰ বাবে লাই, লফা, পালেং, ধনিয়া আৰু মূলা আদিৰ বীজ সিঁচিব লাগে।
ঠিক একে সময়তে, পথাৰৰ শাকখিনি ডাঙৰ হৈ থকাৰ মাজতে বেলেগ এটুকুৰা ওখ মাটিত কবি, বিলাহী, বেঙেনা, জলকীয়া আৰু ব্ৰুকলি আদিৰ পুলি তৈয়াৰ (Seedbeds) কৰি ল’ব লাগে। যেতিয়া দ্বিতীয়বাৰৰ লাই-লফা আদি শাকবোৰ চপাই বজাৰলৈ পঠিওৱা হ’ব, তেতিয়া খালী হোৱা মাটিডোখৰ আঘোণ মাহৰ আৰম্ভণিতে পুনৰ ভালদৰে হাল-কোৰ মাৰি প্ৰস্তুত কৰিব লাগে। এই তৃতীয় পৰ্যায়ত পূৰ্বতে প্ৰস্তুত কৰি ৰখা বন্ধাকবি, ফুলকবি, ওলকবি, ব্ৰুকলি, বিলাহী আৰু বেঙেনাৰ পুলিবোৰ শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। এই পৰিকল্পনা অনুসৰি কাম কৰিলে মাঘ মাহৰ ভিতৰত শস্যখিনি বজাৰত বিক্ৰীৰ বাবে তৈয়াৰ হৈ উঠে।
নদীপৰীয়া অঞ্চলৰ বিশেষ খেতি আৰু মিশ্ৰিত কৃষি
নদীপৰীয়া পলসুৱা অঞ্চলবোৰত শাক-পাচলিৰ উপৰি পিয়াজ আৰু নহৰুৰ খেতি কৰিলে আশাতীত লাভ কৰিব পাৰি। পিয়াজৰ ক্ষেত্ৰত পুলি ৰোপণ কৰিব পাৰি নাইবা মাটি চাহ কৰি গুটি ছটিয়াই মৈয়াই দিও খেতি কৰিব পাৰি। নহৰুৰ শস্যকাল যিহেতু প্ৰায় ৫ মাহ, সেয়েহে আহিন-কাতি মাহৰ ভিতৰত নহৰুৰ ফুটাবোৰ বীজ হিচাপে ৰোপণ কৰিব লাগে। খৰালি কালত (পুহ-মাঘ মাহত) পানীৰ যোগান কম থকা বাবে এই শস্যবোৰত প্ৰচুৰ পৰিমাণে গোবৰ সাৰ ব্যৱধান অনুসৰি প্ৰয়োগ কৰা উচিত।
এক চতুৰ্দশ বা বুদ্ধিমত্তাৰ মিশ্ৰিত কৃষি পদ্ধতি অনুসৰি— আলু, পিয়াজ আৰু নহৰুৰ খেতিৰ মাজে মাজে পুহ-মাঘ মাহতে (ৰঙালাওৰ ক্ষেত্ৰত আঘোণৰ পৰাই) তৰমুজ আৰু ৰঙালাওৰ বীজ সিঁচি থব লাগে। পৰৱৰ্তী সময়ত যেতিয়া আলু বা পিয়াজ চপোৱা হ’ব, তেতিয়া সেই খালী মাতিতে লতাজাতীয় শস্য যেনে— তিতা কেৰেলা, মাটি তিয়ঁহ, চিৰাল, বাঙী আৰু তৰমুজ আদি সহজতে বগাব পাৰে। এই শস্যসমূহ চ’ত-বহাগ মাহৰ বসন্তকালীন বজাৰত বিক্ৰী কৰি কৃষকে বিপুল পৰিমাণৰ ধন ঘটিব পাৰে।
থলুৱা শাক-পাচলিৰ সংৰক্ষণ আৰু ঔষধি গুণ
পৰম্পৰাগত কৃষিৰ উপৰি অসমৰ মাটি আৰু জলবায়ু থলুৱা শাক-পাচলিৰ বাবে বৰ উপযোগী। মানৱ দেহৰ পুষ্টি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এই থলুৱা পাচলিবোৰ অনন্য। আজিকালি সচেতনতা বৃদ্ধি পোৱাৰ বাবে বজাৰত এইবোৰৰ চাহিদা বহুত বেছি। খৰালি কালত বাম খেতিৰ পথাৰত আপোনা-আপুনি অপতৃণ বা বন হিচাপে গজি উঠা শাক যেনে— জিলমিল, খুতৰা, মালভোগ, বন জালুক, দ্ৰোণ শাক, বৰ মানিমুনি, সৰু মানিমুনি আদি ভিটামিন আৰু ঔষধি গুণেৰে ভৰপূৰ। তদুপৰি ৰঙালাওৰ আগো এবাৰ উৎকৃষ্ট পাচলি। এই জিলমিল, খুতৰা বা দ্ৰোণ আদিৰ গুটিবোৰ যদি চ’ত-বহাগ মাহতে কৃষকসকলে সংগ্ৰহ কৰি ছটিয়াই থৈ দিয়ে, তেন্তে পিছৰ বছৰ আঘোণ-পুহ-মাঘ মাহত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈয়ে পথাৰত হাবিৰ দৰে প্ৰচুৰ শাক গজি উঠিব, যিয়ে পৰিয়ালৰ পুষ্টিসাধন কৰাৰ লগতে বজাৰত বিক্ৰী কৰি অতিৰিক্ত অৰ্থ আনি দিব।
সামৰণি
বানপানীয়ে অসমৰ কৃষকৰ মেৰুদণ্ড ভাঙি পেলায় যদিও প্ৰকৃতিয়ে থকা খৰালি কালৰ সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰিলে হেৰুৱা ধন পুনৰ বুটলি আনিব পৰা যায়। সঠিক পৰিকল্পনা, বতৰৰ আগজাননী আৰু পৰ্যায়ক্ৰমিক বহুমুখী কৃষি পদ্ধতিৰ জৰিয়তে অসমৰ কৃষক সমাজে জলবায়ু পৰিৱৰ্তনৰ এই প্ৰত্যাহ্বানক নেওচি নিশ্চিতভাৱে সফলতাৰ নতুন পথ গঢ়িব পাৰিব।
Share your comments