1. অন্যান্য

এজোপা আপেল গছে বনাই দিব কোটিপতি! এটাৰ দাম ৬০০ টকা!

Mrigakshi Phukan
Mrigakshi Phukan
Black diamond apple
Black diamond apple

আপুনি কেতিয়াবা এটা ক'লা আপেলৰ বিষয়ে শুনিছে নেকি? যদিহে শুনা নাই তেন্তে আপুনি জানি আচৰিত হ’ব যে ৰঙা আৰু সেউজীয়া আপেলৰ উপৰি এবিধ ক'লা ৰঙৰ আপেলো আছে। ইয়াক ব্লেক ডায়েমণ্ড আপেল বুলি কোৱা হয়।

'লা আপেল ক'ত পোৱা যায়?

ক'লা আপেল অতি বিৰল প্ৰজাতিৰ। সকলো ঠাইতে ইয়াক পোৱা নাযায়। পিছে  ক'লা আপেলৰ বিষয়ে বহুলোকে নাজানে বাবেই কৃষকসকল এই প্ৰকাৰৰ আপেল খেতি কৰিবলৈ আগ্ৰহী। কিন্তু ভাৰতৰ সকলো ঠাইত ইয়াৰ খেতি সম্ভৱ নহয়। কিয়নো ইয়াৰ বাবে এক নিৰ্দিষ্ট প্ৰকাৰৰ জলবায়ুৰ প্ৰয়োজন। তিব্বতৰ পাহাৰত ইয়াৰ খেতি কৰা হয়। ভূটানত এই প্ৰকাৰৰ আপেলক 'হুয়া নিয়ু' বুলি কোৱা হয়। এটা চীনা কোম্পানী ডাণ্ডং টিয়ালুও শ্বেং নং ই-কমাৰ্চ ট্ৰেডে ইয়াক ৫০ হেক্টৰ ভূমিত খেতি কৰে। ইয়াত আপেল কিলো হিচাপে পোৱা নাযায়। প্ৰতিটো আপেলৰ হিচাপত ইয়াক বিক্ৰী কৰা হয়।

'লা আপেলৰ মূল্য

প্ৰতিটো ক'লা আপেলৰ মূল্য (black diamond apple price) হৈছে ৫০ ইউৱান অৰ্থাৎ প্ৰায় ৬০০ টকা।

'লা আপেল খোৱাটো সুৰক্ষিত নে?

ইয়াৰ ৰঙৰ বাবে সন্দেহ হোৱাটো স্বাভাৱিক। দেখিলে এনে লাগিব, আমি ইয়াক খাব পাৰোঁ বা নোৱাৰোঁ! উত্তৰটো হ'ল যে ই ৰঙা বা সেউজীয়া আপেলৰ দৰেই সুৰক্ষিত। ক'লা আপেল আন সাধাৰণ আপেলৰ দৰেই সম্পূৰ্ণ স্বাস্থ্যকৰ। ক'লা আপেলত দ্ৰৱণীয় আঁহ অধিক থাকে, যি কলেষ্টেৰল হ্ৰাস কৰে আৰু কাৰ্ডিওভাস্কুলাৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। তদুপৰি, এইবোৰত অদ্ৰৱণীয় আঁহ থাকে, যি হজম হোৱাত সহায় কৰে। ক’লা আপেলত যথেষ্ট পৰিমাণৰ ভিটামিন চি, ভিটামিন এ আৰু লগতে পটাছিয়াম আৰু লৌহ পদাৰ্থ থাকে।

'লা হীৰাৰ আপেলৰ বিষয়ে আন কিছুমান তথ্য

  • বাহিৰৰ পৰা ক'লা আপেলটো ইমান মসৃণ আৰু ধুনীয়া যে ইয়াৰ উজ্জ্বলতা বহু দূৰৰ পৰা দেখা যায়।
  • এই আপেলটো বহুলভাৱে উপলব্ধ নহয়। ইয়াৰ উৎপাদন অত্যন্ত সীমিত।
  • এজোপা সাধাৰণ আপেল গছ পৰিপক্ক হ'বলৈ ৪ৰ পৰা ৫ বছৰ সময় লাগে, আনহাতে এজোপা ক'লা আপেল গছ পৰিপক্ক হ'বলৈ ৮ বছৰ সময় লাগে।
  • ইয়াৰে মাত্ৰ ৩০% গছহে ক’লা আপেল উৎপাদন কৰিবলৈ সক্ষম।

ব্লেক ডায়মণ্ড আপেলক চীনা ভাষাত gāla guǒ বুলি কোৱা হয়। ই হুয়ানিউ আপেলৰ পৰিয়ালৰ এক বিৰল প্ৰজাতি যাক তিব্বতীয় অঞ্চল নাইংচিত খেতি কৰা হয়। নামটোৱে ক’লা বুজায় যদিও আপেলটো কাঢ়া বেঙুনীয়া ৰঙৰ আৰু ভিতৰৰ অংশ বগা। ইয়াৰ এই ৰং অঞ্চলটোৰ ৩,৫০০ মিটাৰতকৈ অধিক উচ্চতাৰ বাবে হয়। দিন আৰু ৰাতিৰ মাজত তাপমাত্ৰা অধিক উঠা-নমা হয়, যাৰ বাবে আপেলবোৰ যথেষ্ট অতিবেঙুনীয়া পোহৰৰ সংস্পৰ্শলৈ আহে। যি ডাঠ ছালৰ বাবে অনুকূল। বহুতো কৃষকে ফল উৎপাদন কৰিবলৈ অনিচ্ছুক, কিয়নো ক'লা আপেল গছবোৰ পৰিপক্ক হ'বলৈ আঠ বছৰ পৰ্যন্ত সময় লাগিব পাৰে।

লগতে পঢ়কঃ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু বিপননৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতাসমূহ

English Summary: Black diamond apple

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.