1. উদ্য়ানশস্য়

জালুকৰ খেতি সম্পৰ্কে আজিও গঞা ৰাইজৰ নাই কোনো ধ্যান-ধাৰণা

RAHUL ALI
RAHUL ALI
বাৰীত তামোল পানৰ লগতে কৰক জালুকৰ খেতি
বাৰীত তামোল পানৰ লগতে কৰক জালুকৰ খেতি

মছলা জাতীয় শস্যৰ খেতি পৰিকল্পিতভাৱে কৰি এগৰাকী নিবনুৱা যুৱক বা যুৱতীয়ে অতি সহজে সংস্থাপনৰ বাট মোকলাব পাৰে। সাধাৰণতে অতি কম সংখ্যক লোকেহে মছলা জাতীয় শস্যৰ খেতি কৰাৰ বাবে আগ্ৰহী হোৱা দেখা যায়। কিয়নো মছলা জাতীয় শস্যৰ খেতি সম্পৰ্কত আমাৰ গ্ৰাম্য সমাজৰ জ্ঞানৰ পৰিসৰ কম। তথাপি আজি এচাম কৃষক মছলা জাতীয় খেতি, যেনে- জালুক, আদা, হালধি, পিয়াজ, নহৰুৰ খেতিত নিমগ্ন হোৱা দেখা গৈছে।

ইয়াৰ ভিতৰত জালুকৰ খেতি সকলোৱে কৰিব নোৱাৰে। এইবিধ শস্যৰ খেতি সন্দৰ্ভত আমাৰ গঞা ৰাইজৰ বিশেষ কোনো ধ্যান-ধাৰণাও নাই। তথাপি এই শস্যবিধৰ অৰ্থনৈতিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰৰ একাংশ লোকে ব্যৱসায়িক দৃষ্টিৰে এই খেতিবিধ আৰম্ভ কৰা দেখা গৈছে।

মন কৰিবলগীয়া কথাটো হ’ল, জালুকৰ খেতি কৰাৰ বাবে অসমৰ মাটি আৰু জলবায়ু অতি উপযোগী। জৈৱ পদাৰ্থ থকা সকলো মাটিয়েই এই খেতিৰ বাবে উপযোগী। কিন্তু মাটিডৰাৰ পৰা পানী ওলাই যোৱা সুবিধা থাকিব লাগিব। জালুকৰ পুলি উৎপাদন কৰাৰ বাবে ইয়াৰ গা-গছৰ কটা অংশ ৰোৱা হয় মাৰ্চ মাহত। শিপাৰে সৈতে পুলি ৰোৱাৰ সময় হ’ল মে’ আৰু জুন।

জালুকৰ গা-গছ তামোল আৰু মদাৰ গছত সহজে বগাব পাৰে। অসমৰ মানুহৰ ঘৰে ঘৰে পাণ-তামোলৰ বাৰী আছে। পাণ-তামোলৰ দৰে সহজে জালুকৰ খেতি লগাব পাৰি। জালুক গছৰ গুৰিত যাতে পানী জমা নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জহকালি ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে। খৰাং বতৰত পানী যোগান ধৰি জীপাল কৰি ৰাখিব লাগে। গছবোৰত উপযুক্ত পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল। জালুকৰ পুলি ৰোপণৰ পৰা ৩-৪ বছৰৰ ভিতৰত ফল দিবলৈ আৰম্ভ কৰে।

জালুকৰ গুটিবোৰ পৈণত হোৱাৰ সময়ত কমলা বৰণীয়া হয়। তেতিয়া শস্যবোৰ চপাব লাগে। সাধাৰণতে ঠাৰিৰে সৈতে জালুকৰ থোপাবোৰ ছিঙি আনি উতলোৱা পানীত এক মিনিট সময় ৰাখিব লাগে। তাৰ পিছত ৰ’দত ৫-৬ দিনৰ পৰা এসপ্তাহ শুকুৱাই ঠাৰিবোৰ আঁতৰ কৰি দিব লাগে।

জানিব পৰা মতে, এজোপা গছৰ পৰা শুকান জালুক প্ৰায় ২ কিলোগ্ৰাম সংগ্ৰহ কৰিব পাৰি। এনেদৰে এবিঘা মাটিত জালুকৰ খেতি কৰি কেইবা হাজাৰো টকা অৰ্জন কৰিব পাৰি। জালুকৰ অৰ্থনৈতিক চাহিদা অতি বেছি। ইয়াক প্ৰধানত: মছলা হিচাপে ব্যৱহাৰ কৰা হয়।

তদুপৰি ইয়াৰ যথেষ্ট ঔষধি গুণো আছে। দেশৰ ঔষধ কোম্পানী বা উদ্যোগ ক্ষেত্ৰত জালুকৰ ব্যৱহাৰ মন কৰিবলগীয়া। জালুকৰ গুৰি হাইজা, অৰ্শ, পানী লগা, বুকুৰ বিষ, হাপানি, মেলেৰিয়া ৰোগ, কুকুৰীকণা আদি ৰোগৰ দৰবত অন্যতম উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

সম্প্ৰতি জালুকৰ খেতি তামুলপুৰৰ ভিন্ন প্ৰান্তত সুলভ হোৱা দেখা গৈছে। অঞ্চলটোৰ বহু লোকে তামোলৰ বাৰীত দুই-এডাল, আন কোনোৱে দহ-পোন্ধৰডাল পৰ্যন্ত জালুকৰ পুলি লগাই নিজৰ ঘৰুৱা ব্যৱহাৰৰ বাবে জালুকৰ উৎপাদন ভাল হোৱালৈ চাই এই খেতি ব্যৱসায়িকভাৱে কৰাৰ সুযোগ আছে বুলি সংশ্লিষ্ট লোকসকলে মত প্ৰকাশ কৰিছে।

লগতে পঢ়ক-পাগলাদিয়া পাৰত কৃষি বিপ্লৱ আলায়াৰন আবাদাৰী কৃষিপাম সমবায় সমিতিৰ

                                                                                                              উৎপল ডেকা, তামুলপুৰ

ফোন- ৯৯৫৪৬৪০৯৯৫

English Summary: Black Pepper Farming! a Profitable Business for Farmers

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.