
মৃৎ শিল্প অসমৰ এক অন্যতম কুটিৰ শিল্প। ই গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ অন্যতম আহিলা। অতি প্ৰাচীন কালৰে পৰা অসমত মৃৎ শিল্পৰ প্ৰচলন আৰু আদৰ বিদ্যমান। পুৰণি কালত মাটিৰ পাত্ৰ অসমীয়া লোকৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰী আছিল। নিত্য ব্যৱহাৰ্য প্ৰায় প্ৰতিটো সামগ্ৰীৰ চাহিদা মৃৎ শিল্পই পূৰণ কৰিছিল। পুৰণি কালত ভাত ৰন্ধা চৰু, কলহ, টেকেলি, চৰিয়া আদি প্ৰয়োজনীয় সামগ্ৰী মাটিৰ পৰাই তৈয়াৰ কৰা হৈছিল। বৰ্তমান সময়ত ইয়াৰ প্ৰচলন হ্ৰাস পাইছে যদিও বিভিন্ন ক্ষেত্ৰত মাটিৰ পাত্ৰৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়।
বিয়া, পূজা, শ্ৰাদ্ধ আদি বিভিন্ন অনুষ্ঠানত আজিও ভিন্ন ক্ষেত্ৰত মাটিৰ পাত্ৰৰ প্ৰয়োজন। মাটিৰ চাকি, বিয়াত লগা ঘট ,কলহ, বাটমালা, কুমাৰৰ চৰু, কুমাৰৰ টেকেলি আদি বৰ্তমান সময়ত বিয়া-সবাহ, পূজা আদিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। তাৰোপৰি দৈ বনাবলৈ টেকেলি, কলহ, মাটিৰ চাকি, ধূপদানি, মাটিৰ পুতলা আদি সামগ্ৰী আজিও অসমত প্ৰচলিত। এই সামগ্ৰীসমূহ সহজলব্ধৰ লগতে কম খৰচী।
কিন্তু, সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজত দ্ৰুত পৰিবৰ্তন আহিল। বিশ্বায়ণৰ লেলিহান শিখাই চৌপাশ চানি ধৰিলে, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতি হ’ল, প্লাষ্টিক আৰু ধাতুৰ ভিন্ন সামগ্ৰীৰে বজাৰ ভৰি পৰিল। মানুহে ৰঙচঙীয়া বস্তুৰ প্ৰতি আকৰ্ষিত হ’ল, মানুহে মাটিৰ পাত্ৰ ঠুনুকা বুলি অবহেলিত কৰা হ’ল। যাৰ বাবে আজি মাটিৰ পাত্ৰৰ চাহিদা কমি আহিল। মৃৎ শিল্পীসকলে উপযুক্ত বজাৰৰ পৰা বঞ্চিত হ’ব লগা হ’ল। তাৰোপৰি আৰ্থিকভাবে দুৰ্বল এই শিল্পীসকলৰ বহুতে এতিয়া আন কামত মনোবিশেষ কৰিবলৈ বাধ্য হৈছে।
কিন্তু, ইয়াৰ বিপৰীতে আন্তৰাষ্ট্ৰীয় বজাৰত লক্ষ্য কৰিলে দেখিবলৈ পাও চীনাসকলে আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি মাটিৰে উন্নত সামগ্ৰী তৈয়াৰ কৰি বিশ্বৰ বজাৰ দখল কৰিছে। ইয়াৰ বিপৰীতে আমাৰ অসমত এতিয়াও আওপুৰণীয়া পদ্ধতিকে খামোচ মাৰি ধৰি থকাৰ বাবে শিল্পটোৰ উন্নত হোৱা নাই আৰু যুৱ-প্ৰজন্মৰ মাজত ইয়াৰ প্ৰতি অনিহা ভাবৰ জন্ম হৈছে। যাৰ বাবে এই শিল্পটোৰ অবস্থা দিনক দিনে বেয়া হৈ গৈছে আৰু এনেদৰে থাকিলে হয়তু এদিন কালৰ সোঁতত হেৰাই যাব। গতিকে, এই শিল্পটোক বচোবাৰ দায়িত্ব এতিয়া সকলোৰে আহি পৰিছে।
চৰকাৰে এই ক্ষেত্ৰত বিশেষ উদ্যোগ লোৱাৰ প্ৰয়োজন। অতি সোনকালে চৰকাৰে এই উদ্যোগটিৰ প্ৰতি সু-দৃষ্টি দিয়ক আৰু আধুনিক পদ্ধতি অসমৰ মৃৎ-শিল্পত প্ৰয়োগ কৰক। তাৰোপৰি, আমাৰ যুৱ-প্ৰজন্ময়ো এই শিল্পটোৰ প্ৰতি আগ্ৰহী হোৱা উচিত আৰু আধুনিক পদ্ধতিত মনোবিশেষ কৰা উচিত। যুৱ-প্ৰজন্ম এই শিল্পত জড়িত হ’লে শিল্পটো জীয়াই থকাৰ লগতে বহুতো নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম-সংস্থাপনৰ সুবিধা পাব।
লগতে পঢ়ক-গোবৰৰ পৰা কৰিব পৰা ২০ টা গ্ৰাম্য ব্যৱসায়িক ধাৰণা!
লেখকঃ ধৰ্মেন্দ্ৰ বৰুৱা (সংগৃহীত প্ৰবন্ধ)
Share your comments