1. অন্যান্য

ব্যৱসায়ৰ প্ৰতি মন আছে আপোনাৰ? আৰম্ভ কৰক এই ব্যৱসায়!

RAHUL ALI
RAHUL ALI
Banana Chips Business
Banana Chips Business

এনে বহু লোক আছে যিয়ে আনৰ তলত কাম কৰাতকৈ নিজৰ স্বাধীন এটা ব্যৱসায় কৰিবলৈ অধিক আগ্ৰহী। যদি আপুনি নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, আমি আপোনাক এটা অতি লাভৱান ব্যৱসায়ৰ বিষয়ে কবলৈ গৈ আছো যিয়ে আপোনাক চাকৰিতকৈ অধিক উপাৰ্জন দিব পাৰে। এই ব্যৱসায় হৈছে কলৰ চিপচৰ ব্যৱসায়। কল চিপচ স্বাস্হ্যৰ বাবে ভাল। একে সময়তে তুলনামূলকভাৱে কলৰ চিপচবোৰ আলুৰ চিপচতকৈ অধিক সোৱাদযুক্ত। ফলস্বৰুপে এই চিপচবোৰ অধিক বিক্ৰী হোৱাৰ সম্ভাৱনা আছে।

কলৰ চিপচৰ বজাৰখন সৰু, যাৰ ফলত ডাঙৰ বেণ্ডেড কোম্পানীবোৰে এই চিপচ নবনাই।সেয়েহে কলৰ চিপচৰ ব্যৱসায়ত যথেষ্ট এটা ভাল ভৱিষ্যত আছে বুলি কব পাৰি। গতিকে আহক ব্যৱসায়টো কেনেদৰে আৰম্ভ কৰিব সেই সম্পৰ্কে কিছু কথা আলোচনা কৰো-

কলৰ চিপচ বনোৱাৰ বাবে আপোনাক এইবোৰ প্ৰয়োজন হ-

কলৰ চিপচ বনাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে কেচাঁ কল, নিমখ, খোৱা তেল আৰু অন্যান্য মচলা কিছুমান ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ যন্ত্ৰপাতি প্ৰয়োজন হয়। কিছুমান মুখ্য যন্ত্ৰ আৰু সজুঁলিৰ তালিকা নিম্নলিখিত ধৰণৰ।

  • কল সমূহ ধোৱাৰ বাবে টেংক আৰু ছীল মেচিন

  • পাতল পাতল টুকুৰা কৰা কটা মেচিন

  • টুকুৰাবোৰ ভাজিবলৈ মেচিন

  • মিহলি কৰা মেচিন

  • পাউচ প্ৰিণ্টিং মেচিন

  • গৱেষণাগাৰৰ সজুঁলি আদিয়েই প্ৰধান।

এই মেচিনবোৰ কৰ পৰা ক্ৰয় কৰিব?

আপুনি India Mart আৰু Alibaba  গৈ চাই এই মেচিনবোৰ ক্ৰয় কৰিব পাৰে। এই মেচিনটো ৰাখিবলৈ আপোনাক অতি কমেও ৪০০০-৫০০০ বৰ্গফুট ভূমি প্ৰয়োজন হ’ব। মেচিনসমূহ আপুনি ২৮,০০০-৫০,০০০ চকাৰ ভিতৰত লাভ কৰিব।

ব্যয়ঃ

৫০ কেজি চিপচ বনাবলৈ কমেওঁ ১২০ কেজি কেঁচা কলৰ প্ৰয়োজন হ’ব। ১২০ কেজি কেচাঁ কল আপুনি প্ৰায় ১০০০ টকাত পাই যাব। ইয়াৰ বাবে ১২ ৰ পৰা ১৫ লিটাৰ তেলৰ প্ৰয়োজন হ’ব। ১৫ লিটাৰ তেলৰ মূল্য হ’ব  ১২০ টকা প্ৰটি লিটাৰ হিচাপত ১৮০০ টকা। চিপচ ফ্ৰাইজাৰ মেচিনত ১ ঘণ্টাত ১০-১১ লিটাৰ ডিজেল তেলৰ প্ৰয়োজন হয়। ১ লিটাৰ ডিজেল ৮০ টকাকৈ হ’লে ১১ লিটাৰত প্ৰায় ৯০০ টকা। নিমখ আৰু মছলাৰ বাবে সৰ্বাধিক ১৫০ টকা। গতিকে ৫০ কেজি চিপচ বনাবলৈ ৪০০০ টকা খৰচ হব। এক কিলো পেকেটত পেকেজিং ব্যয় ব্যয় ধৰি মুঠ খৰচ ৮০ টকা হব। যিটো আপুনি সহজে অনলাইনত ১০০ টকা কেজি বিক্ৰী কৰিব পাৰে।

উপাৰ্জনঃ

যদি আমি প্ৰতি কিলোত ২০ চকা লাভৰ বিষয়ে চিন্তা কৰো, আপুনি সহজে দিনে ৪০০০ টকা উপাৰ্জন কৰিব পাৰে। যদি আপোনাৰ কোম্পানীয়ে মাহত ২৫ দিন কাম কৰে , আপুনি মাহে ১ লাখ টকা উপাৰ্জন কৰিব পাৰে।

মাৰ্কেটিংঃ

আপুনি উৎপাদিত চিপচসমূহ অনলাইন মাধ্যমেৰে যেনে-Amazon, Flipkart, Big Basket আদিত বিক্ৰী কৰিব পাৰে। তাৰোপৰি আপোনাৰ অঞ্চলত থকা খুচুৰা ব্যৱসায়ীসকলৰ তাতো বিক্ৰী কৰিব পাৰিব। নাইবা আপুনি Sales Person ৰ সহায়ত কমিচন ভিত্তিত বিক্ৰী কৰিব পাৰে।

লগতে পঢ়ক-গোবৰৰ পৰা কৰিব পৰা ২০ টা গ্ৰাম্য ব্যৱসায়িক ধাৰণা!

English Summary: Banana Chips Business

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.