1. অন্যান্য

Big Breaking: নৱ-নিযুক্ত এছ.আইলৈ ডি. জি.পিৰ সতৰ্কবাণী : প্ৰশিক্ষণকালত হেৰুৱাব পাৰে চাকৰি! ( Hima das appointed as DSP today and assam govt appointed 597 sub inspector)

KJ Staff
KJ Staff
Assam govt appointed sub inspector newly in assam police
Assam govt appointed sub inspector newly in assam police

গুৱাহাটী : আজি সৰুসজাইত আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন দৌৰবিদ হিমা দাসক DSP আৰু অসম আৰক্ষীৰ নৱনিযুক্ত উপ পৰিদর্শক সকলক নিযুক্তিপত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।

  নিযুক্তি-পত্ৰ প্ৰদান কৰাৰ পূৰ্বেই আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উপ-পৰিদৰ্শকসকলক সতৰ্কবাণী কৰি দিয়ে যে প্ৰশিক্ষণৰ সময়ত নৱনিযুক্ত উপ পৰিদর্শক সকলক বিশেষ পৰীক্ষা লোৱা হব। এই পৰীক্ষাত কোনো বিষয়াই অনুর্তীর্ণ হ'লে চাকৰি হেৰুৱাব পাৰে। অর্থাৎ আজি উপ-পৰিদৰ্শক হিচাপে যোগদান কৰা প্রার্থী সকলৰ চাকৰি প্রশিক্ষণ শেষ নোহোৱালৈ নিশ্চয়তা নাই।

আৰু পঢ়ক- গাখীৰ বিক্রী কৰিবলৈ কৃষকে ক্রয় কৰিলে হেলিকপ্টাৰ! অবিশ্বার্য্য যেন লাগিলেও এয়াই সত্য

   আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে সংস্কৃত শ্লোকৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰীক উচ্চ প্ৰসংশা কৰে। তেওঁ লগতে কয় যে, ‘এইবাৰেই সৰ্বাধিক অসম আৰক্ষীত উপ আৰক্ষী নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে যিসকলে উপ-পৰিদৰ্শকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰশিক্ষণলৈ গৈছিল তেওঁলোকৰ শতাধিকে প্ৰশিক্ষণৰ মাজত লোৱা পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল। তাৰ পাছত তেওঁলোকৰ প্ৰশিক্ষণৰ কাল ৬মাহ বৃদ্ধি কৰিবলগীয়া হৈছিল।

  সেয়ে এইবাৰ যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি হ’ব নোৱাৰে, তাৰ বাবেই এনে ব্যৱস্থা লোৱা হব বুলি জনায় আৰক্ষী প্রধান গৰাকীয়ে। উল্লেখযোগ্য যে ডিজিপিৰ হাতত এনে বিশেষ ক্ষমতা থাকে। সেই ক্ষমতাৰে তেওঁলোকৰ ওপৰত ডিজিপিয়ে ব্যৱস্থা ল’ব বুলি কয়। 

 গুৰত্বপূর্ণ ভাৱে এইবাৰ নিযুক্তি লাভ কৰা উপ পৰিদর্শকসকলক প্ৰথমবাৰৰ বাবে ‘North-East police academy’ত প্ৰশিক্ষণ দিয়া হ’ব বুলিও অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে উক্ত ভাষণত উল্লেখ কৰে।

কৃষি বিভাগত বৃহৎ নিযুক্তি 2021 – 1837 খালী পদৰ বাবে বিজ্ঞাপন মুকলি

English Summary: Assam police appointed sub inspector 597 newly today and hima das became DSP

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.