1. অন্যান্য

ভাঙৰ খবৰ! ৰাজ্যৰ বিধানসভা নির্বাচনত ঘৰত বহিয়েই ভোটদান কৰিব পাৰিব! সংবাদমেল যোগে ঘোষনা কৰিলে নির্বাচন আযোগে -

KJ Staff
KJ Staff
Assam Election 2021
Assam Election 2021

 নির্বাচন আয়ােগে প্রথমবাৰৰ বাবে বিশেষ ভাৱে সক্ষম, ৮০ বছৰৰ ঊৰ জ্যেষ্ঠ নাগৰিক আৰু কভিড-১৯ আক্রান্ত বা সন্দেহযুক্ত ৰােগীৰ বাবে এইবাৰ ডাক ভােট অর্থাৎ পষ্টেল বেলটৰ ব্যৱস্থা কৰিছে। ৰাজ্যত এই ব্যৱস্থাৰ দ্বাৰা ২,৯০,২৩৮জন ৮০ৰ বয়সৰ অধিক জ্যেষ্ঠ নাগৰিক, ১,৩৩,৭৮৯ দিব্যাংগ আৰু ২৮৯জন কভিড ৰােগী উপকৃত হব। উল্লেখযােগ্য যে পূর্বতে চাকৰিয়াল, বিশেষ ভােটাৰ, নির্বাচনী দায়িত্বত থকা ভােটাৰ, অধিসূচিত ভােটাৰ আৰু যিকোনাে আইনৰ অধীনত বন্দী হৈ থকা ভােটদাতাৰ বাবে ডাক ভােটৰ সুবিধা উপলব্ধ আছিল। দিব্যাংগ ভােটাৰে আৱেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব দিব্যাংগ প্রমাণ পত্র। কভিড-১৯ ৰােগীয়ে জমা দিব লাগিব চিকিৎসকৰ প্রমাণ পত্র।

    যোৱা শনিবাৰে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই এখন সংবাদমেলযােগে কয় যে, প’ষ্টেল বেলটৰ বাবে কৰা আৱেদন নির্বাচনৰ দিন ঘােষণা কৰাৰ দিনৰ পৰা অধিসূচনা জাৰিৰ পাঁচ দিনলৈকে ৰিটার্নিং বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। ইতিমধ্যে প্রথম পর্য্যায়ৰ ভোটদানৰ বাবে জিলা সমূহত ইয়াৰ কাম আৰম্ভ হৈছে। ভােটাৰসকলৰ পৰা বি এল অ’সকলে নির্বাচনৰ অধিসূচনা জাৰি কৰাৰ ৫ দিনৰ ভিতৰত আৱেদন পত্রসমূহ সংগ্রহ কৰিব পাৰিব আৰু ৰিটার্নিং বিষয়াক জমা দিব। নির্বাচন অনুষ্ঠিত হােৱাৰ এদিন পূর্বে প'ষ্টেল বেলটৰ ভােটগ্রহণ সম্পন্ন হ'ব আৰু ভােটগ্রহণকাৰী বিষয়াই সেই তালিকা সংগ্রহ কৰিব।

এই গৰাকী মহিলাই গাখীৰ বিক্রী কৰি বছৰত এক কোটিতকৈ অধিক উপার্জন কৰে (A woman from Gujarat state earning more than 1crore per year by diary Farming)

English Summary: Election commission declared people can cast their vote from home in assam election 2021

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.