1. অন্যান্য

তেল অবিহনে ছাগলীমাংসৰ ৰন্ধন প্রণালী শিকক -

KJ Staff
KJ Staff
Mutton curry recipes
Mutton curry recipes

উপকৰণঃ

 পঠা মাংস ৫০০ গ্রাম, মাংসৰ চর্বি ৭৫ গ্রাম, কেঁচা হালধি ২০ গ্রাম, পিঁয়াজ ১০০ গ্রাম, আদা ১৫ গ্রাম, নহৰু ১৫ গ্রাম, কেঁচা জলকীয়া ৫–১০টামান, সিজোৱা আলু ৫০ গ্রাম, নিমখ জুতি অনুযায়ী, পানী ৪০০ মিলি লিটাৰমান৷

প্রণালী ঃ

 মাংসখিনি জোখৰ টুকুৰা কৰি ধুই টানকৈ চেপি ল’ব৷ মাংসৰ চর্বিখিনিও ধুই ল’ব৷ টুকুৰা কৰিব৷ কেঁচা হালধিৰ বাকলি আঁতৰাই ধুই ল’ব৷ পিঁয়াজৰ বাকলি আঁতৰাই ধুই টুকুৰা কৰিব৷ আদাৰ বাকলি আঁতৰাব৷ নহৰুও গুচাব৷ আদা, নহৰু আৰু কেঁচা হালধি মিহিকৈ বটি ল’ব৷ কেঁচা জলকীয়া দুই ভাঙি ল’ব৷ এটা ডাঙৰ চৰিয়াত মাংস আৰু চর্বিখিনি ল’ব৷ আদা, নহৰু আৰু হালধি বটা মিলাই মথি মথি সানিব৷ কেইমিনিটমান সানি পিঁয়াজখিনি মিলাই পুনৰ ভালদৰে সানিব৷ ৩০–৪০ মিনিটমান টানকৈ ঢ়াকোন বন্ধ কৰি থ’ব৷ এটা ডাঠ কেৰাহীত ২০০ মিলিলিটাৰ পানী ঢ়ালিব৷ পানী গৰম হ’লে মাংসখিনি কেৰাহীত দিব৷ নিমখ মিলাব৷ টানকৈ ঢ়াকনি বন্ধ কৰি ১৫ মিনিটমান সিজিব দিব৷ ঢ়াকন খুলি সময়ে সময়ে লৰাব৷ জলকীয়া মিলাব৷ যেতিয়া মাংসৰ পানী শুকাব আৰু মাংসখিনি প্রায় সিজি উঠিব, বাকী থকা পানীখিনি গৰম কৰি কেৰাহীত দিব৷ সিজোৱা আলুখিনি ভাঙি মাংসত মিলাব৷ যেতিয়া মাংস ভালদৰে সিজি উঠি পাগ উঠিব, জুই বন্ধ কৰিব৷ ধুনীয়াকৈ সজাই গৰমে গৰমে মাংসৰ জোলৰ জুতি লওক৷

English Summary: Oilless mutton curry recipes in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.