1. অন্যান্য

মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাই পোৱা মহিলা বা পৰিয়ালে ভৱিষ্যতে কোনো বেংকৰ পৰা ঋণ ল'ব নোৱাৰিব; সংবাদমেলত হিমন্ত বিশ্বই আৰু কি ক'লে জানক -

KJ Staff
KJ Staff
Assam Chief Minister Himanta Biswa Sarma on Friday
Assam Chief Minister Himanta Biswa Sarma on Friday

   আজি মুখ্যমন্ত্রী ড° শৰ্মাই ঘােষণা কৰিলে যে দুখীয়া মহিলাৰ ঋণ ৰেহাইৰ বাবে যি প্রতিশ্রুতি দিয়া হৈছিল, সেয়া ৰূপায়ণ কৰা হ'ব। খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি এখন সংবাদ মেল আয়ােজন কৰি মুখ্যমন্ত্রীয়ে কয়- নির্বাচনৰ সময়ত প্ৰতিখন সভাতে মই দুখীয়া মহিলাক মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হ’ব বুলি কৈছিলোঁ। আমি যি কৰিব লাগে দুখীয়া আৰু আৰ্তজনৰ বাবে কৰিব লাগিব। প্রথম কথা আমাৰ লক্ষ্য দুখীয়া আৰু আৰ্তজন। আমি কোনাে ধনী মানুহৰ লােন ৰেহাইৰ কথা কোৱা নাছিলোঁ আৰু এয়া উচিতাে নহয়।

   মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰা অনুসৰি চৰকাৰে মুখ্যতঃ তিনিটা শিতানত ঋণ ৰেহাইৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। সেই অনুসৰি যিসকল মহিলাই মাইক্র’ ফাইনেঞ্চৰ ঋণ লৈছে, নিয়ম অনুসৰি ঋণ ওভতাই দি আছে, তেনে ঋণ গ্রহণ কৰাসকলক চৰকাৰে ৰেহাই নিদি ২৫ হাজাৰ টকা উদগনিমূলক ধন হিচাপে ওভতাই দিব। অর্থাৎ এইসকল মহিলাই চৰকাৰৰ ঋণ ৰেহাই বিচৰা নাই। তেওঁলােকে নিজৰ সামর্থ্য অনুযায়ী ঋণ বেংকক আদায় দি আছে। দ্বিতীয় শিতানত যিসকলে ঋণ ঘূৰাই দি আছিল, কিন্তু নতুন চৰকাৰ অহাৰ লগে লগে ঋণৰ কিস্তি দিয়া নাই, তেওঁলােকে যদি লােন ঘূৰাই দিব বিচাৰে, তেতিয়া তেওঁলােকক উদগনি ধন দিয়াৰ লগতে অভাৰ ডিউ হৈ থকা ধনাে চৰকাৰে ঘূৰাই দিব। তৃতীয় শিতানত চৰকাৰে সেইসকল মহিলাৰ ঋণ ওভতাই দিব, যিসকলে ভৱিষ্যতে কোনাে ধৰণৰ ঋণ নলয়।

আৰু পঢ়ক- Eggs of the Sun Mango: বাংলাদেশত কৰা হৈছে বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি 'সূর্যডিম'

    মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰি কয়— যেতিয়া কোনাে মহিলাক ঋণ মাফ কৰি দিম, তেওঁৰ নামটো বেংকত এন পি এ হিচাপে গুচি যাব। ফলত সেই মহিলাগৰাকী বা তেওঁৰ পৰিয়ালে ভৱিষ্যতে আৰু কোনাে লােন ল'ব নােৱাৰে। এনে অৱস্থাত এইসকল মহিলাই এই বিষয়টো নিজে চিন্তা কৰি চাব লাগিব। তেওঁলােকৰ সকলাে ঋণ চৰকাৰে ৰেহাই দিব কিন্তু বেংকত তেওঁলােক এন পি এ বুলি স্বীকৃত হ’ব। এনে অৱস্থাত এই মহিলাসকলে চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ ঋণ লােৱাৰ ক্ষেত্ৰত বাধা আহি যাব। প্রথম দুটা শিতানৰ ক্ষেত্ৰত চৰকাৰৰ কোনাে ধৰণৰ চৰ্ত নাথাকিব। কিন্তু সমুদায় ঋণ ৰেহাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে এলানি নীতি-নিয়মৰ মাজেৰে যাব বিচাৰিছে। যদি কোনােবা চৰকাৰী কৰ্মচাৰীৰ পত্নীয়ে ঋণ লৈছে, তেন্তে এই ঋণ ওভতাই দিয়াৰ প্রশ্নই নুঠে৷ একেদৰে কাৰবাৰ ঘৰত যদি এখন বিলাসী গাড়ী আছে, তেন্তে তেওঁক কিয় লােন ঘূৰাই দিম? কোনবােৰ দুখীয়া লােক, তাৰ সূত্ৰৰ ক্ষেত্ৰত কিছু এৰা-ধৰা হ'ব পাৰে। কিন্তু সামর্থ্যবান লােকৰ ঋণ ৰেহাই দিয়া যে নহয় সেয়া স্পষ্ট।

আৰু পঢ়ক- কীট নিয়ন্ত্রণ: আপুনি প্রাকৃতিকভাৱে এনেদৰে ঘৰতে নীমস্ত্র বনাই খেতিপথাৰৰ পোক নিয়ন্ত্রণ কৰিব পাৰে

    উল্লেখ্য যে মাইক্র' ফাইনেঞ্চৰ ঋণ আদায়ৰ ক্ষেত্ৰত বিত্তীয় প্রতিষ্ঠানসমূহে ঋণদাতাৰ ওপৰত চলাই অহা আতিশয্য ৰােধৰ বাবে চৰকাৰে ইতিমধ্যে এখন আইন প্রণয়ন কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই আজি উক্ত আইনৰ প্ৰসংগ উত্থাপন কৰি কয় যে ইতিমধ্যে ৰাজ্যপালে এই আইনত অনুমােদন জনাইছে আৰু ইয়াক অতি সােনকালে বলৱৎ কৰা হ’ব। আইনখন কাৰ্যকৰী হলে কোনাে মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানে এগৰাকী মহিলাক তিনিটাতকৈ অধিক ঋণ দিব নােৱাৰে। এই ঋণৰ পৰিমাণ ১.২৫ লাখতকৈ অধিক হ’ব নােৱাৰে। তদুপৰি বিত্তীয় প্রতিষ্ঠানৰ কোনাে এজেন্টে ঘৰলৈ গৈ মহিলাগৰাকীক ঋণ আদায়ৰ ক্ষেত্ৰত আতিশয্য চলাব নােৱাৰে।

   মুখ্যমন্ত্ৰীয়ে কয়— গড় হিচাপত একোগৰাকী মহিলাৰ বিপৰীতে প্রায় ৫২ হাজাৰ টকাৰ ঋণ আছে। চৰকাৰে ২২ লাখ মহিলাক ঋণ ৰেহাই দিব বিচাৰিলে এই মহিলাসকল এন পি এত গুচি যাব আৰু ভৱিষ্যতে কোনাে ধৰণৰ ঋণ নাপাব। ঋণ মাফ কৰাটো এটা পলিটিকেল ষ্টেটমেন্ট আছিল। চৰকাৰ হিচাপে এই ঘােষণা আমি কৰা নাছিলোঁ। মােৰ কথা হ’ল যিসকলে ভাবে যে মই আৰু ভৱিষ্যতে ঋণ নলওঁ, তেওঁলােকক আমি ঋণ ৰেহাই দিম। কিন্তু তেওঁলােকক ভৱিষ্যতে হয়তাে বেংকে আন ঋণ নিদিব।

উৎস - দৈনিক জনমভূমি

আৰু পঢ়ক- আপুনি প্রয়োজনতকৈ অধিক শকত নেকি? এসপ্তাহৰ ভিতৰতে আপোনাৰ অলাগতিয়াল চর্বি আৰু ওজন কমাওক; জানক কেনেকৈ
English Summary: assam govt to provide incentive waive off options for microfinance loans

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.