1. অন্যান্য

ৰাষ্ট্রসংঘত ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে প্রস্তাৱ গৃহীত; ভোট নিদিলে ভাৰতে

KJ Staff
KJ Staff
UNO symbol (photo Credit: Google)
UNO symbol (photo Credit: Google)

   ম্যানমাৰৰ সামৰিক শাসকক অস্ত্র.ক্ৰয়ত বাধা প্রদানৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে উত্থাপন কৰা প্ৰস্তাৱত ভােটদান কৰাৰপৰা ভাৰত বিৰত থাকে। গণতান্ত্রিকভাবে নির্বাচিত চৰকাৰক আঁতৰাই দেশখনৰ সামৰিক বাহিনীয়ে শাসন নিজৰ হাতলৈ নিয়া কার্যৰ গােলকীয় বিৰােধ তথা দেশখনত পুনৰ গণতান্ত্রিক ব্যবস্থা প্রৱর্তনৰ সমৰ্থনত এই প্রস্তাব উত্থাপন কৰা হৈছিল। খচৰা প্ৰস্তাৱত ভাৰতৰ দৃষ্টিভংগী প্রতিফলিত হােৱা নাই বুলি উল্লেখ কৰি মতদানৰপৰা ভাৰত বিৰত থাকে।

   ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰাষ্ট্রদূত টি এছ তিমূর্তিয়ে কয়— ‘উত্থাপিত প্রস্তাৱত আমাৰ দৃষ্টিভংগী প্রতিফলিত হােৱা যেন লগা নাই। আন্তঃৰাষ্ট্ৰীয় পক্ষই ম্যানমাৰ সন্দৰ্ভত শান্তিপূর্ণ সমাধানৰ পােষকতা কৰি আহিছে। আৰু আমি এই কথাৰ পুনৰাবৃত্তি কৰিব বিচাৰিছোঁ যে ম্যানমাৰৰ চুবুৰীয়া দেশক এই প্রস্তাৱত অংশীদাৰ কৰি গঠনমূলক আৰু পৰামর্শমূলক দৃষ্টিভংগী গ্ৰহণ কৰা উচিত।'

  ভাৰতৰ উপৰি ৩৫খন দেশে ভােটদানৰপৰা বিৰত থাকে। অৱশ্যে ১১৯খন দেশৰ ভােটৰ ভিত্তিত প্রস্তাৱটো গৃহীত হয়। এই প্রস্তাৱ সর্বসম্মতিক্রমে গৃহীত হ'ব বুলি আশা কৰা হৈছিল যদিও মূৰকত বেলাৰুছে ইয়াৰ বাবে ভােটগ্রহণ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে। সেইমর্মে অনুষ্ঠিত ভােটগ্রহণত ১১৯খন দেশে প্রস্তাৱৰ পক্ষত ভােট দিয়ে। ভাৰত চীন, ৰুছিয়াসহ ৩৬খন দেশে ভােটদানৰপৰা বিৰত থাকে। এই প্রস্তাৱ গৃহীত কৰি ৰাষ্ট্ৰসংঘই দেশখনৰ সামৰিক শাসকৰ কাৰ্যক নিন্দা কৰে

English Summary: 119 states votes against the military emperor on UNO

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.