1. অন্যান্য

অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়লৈ জাননী; মেট্রিক, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সম্পর্কত গোচৰত কেইবাখনো ৰাজ্যলৈ এই জাননী প্রেৰণ কৰা হৈছে

KJ Staff
KJ Staff

   মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত (হায়াৰ ছেকেণ্ডাৰী) পৰীক্ষা বাতিল কৰাৰ অনুৰােধ জনায় ৰাজ্যৰ একাংশ শিক্ষার্থীয়ে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰাৰ পাছতেই আজি আদালতে এই সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰিছে। 

   ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু দীনেশ মহেশ্বৰীৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠখনে অসমৰ লগতে পঞ্জাব, ত্ৰিপুৰা আৰু অন্ধ্রপ্রদেশে এতিয়ালৈকে দ্বাদশ শ্রেণীৰ চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত কোনাে চূড়ান্ত সিদ্ধান্ত গ্রহণ নকৰাত উদ্বিগ্নতা ব্যক্ত কৰাৰ লগতে ৰাজ্যকেইখনলৈ জাননী জাৰি কৰিবলৈ নির্দেশ দিয়ে। আনহাতে, এই সন্দৰ্ভত অহা ২১ জুনত পুনৰ শুনানী গ্রহণ কৰা হ'ব বুলি প্রকাশ কৰে ন্যায়ালয়ে।

   মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্রস্তুতি চলােৱাৰ সময়তে ৰাজ্যৰ একাংশ ছাত্র-ছাত্রীয়ে উক্ত পৰীক্ষা বাতিল কৰিবলৈ অনুৰােধ জনায় উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰিছিল। শিক্ষার্থী সকলে প্ৰকাশ কৰিছিল যে অহা ১ জুলাইৰ পৰা অসমত কভিড পজিটিভিটিৰ হাৰ কমি যাব যে তাৰ কোনাে নিশ্চয়তা নাই। কভিড পজিটিভিটি এনে এক বিষয় যি ২৪ ঘণ্টাৰ ভিতৰতে পৰিৱর্তন ঘটিব পাৰে। তদুপৰি চি বি এছই, চি আই এছচি ইআদিৰ দৰে ব’র্ডেকৰনাৰ বাবেই পৰীক্ষা বাতিল কৰিছে। কিন্তু ইয়াৰ বিপৰীতে অসমত মেট্রিক আৰু উচ্চমাধ্যমিক চূড়ান্ত পৰীক্ষা পাতিবলৈ চৰকাৰে যাে-জা চলাইছে।

গুৰত্বপূর্ণভাৱে কালি ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱেশনাই বুলি উল্লেখ কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ানহ'ব বুলি ঘােষণা কৰিছে। ইয়াৰ বিপৰীতে দুদিনৰ আগলৈকে ৰাজ্যৰ শিক্ষা মন্ত্রী ড° ৰণােজ পেগুৱে ৰাজ্যখনত কভিড-১৯ পৰিস্থিতি উন্নত হলেই মট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি প্রকাশ কৰিছিল। মন্ত্রীজনৰ এনে মন্তব্যৰ পাছতেই যােৱা মঙলবাৰে ৰাজ্যৰ একাংশ ছাত্র- ছাত্রীয়ে পৰীক্ষা বাতিল কৰিবাবেন্যায়ালয়ত আৱেদন দাখিল কৰাৰ পাছত আদালতে এই সন্দৰ্ভত আজি জাননী জাৰি কৰা কাৰ্য বিশেষ লক্ষণীয় হৈ পৰিছে।

English Summary: Supreme court send notice to assam govt along with tripura Andra Pradesh and punjab regarding hslc examination

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.