অসমৰ কৃষিখণ্ড পিছুৱাই থকাৰ মূলতে বৰ্তমান সময়ত অসমৰ উদঙীয়া গৰুসমূহক জগৰীয়া কৰিব পাৰি। এই বিষয়টোক লৈ আজিলৈকে বৰ বেছি আলোচনা হোৱা নাই। প্ৰকৃততে অসমৰ কৃষকৰ বাবে খৰাং বা বানপানীত কৈ কোনোগুণে কম নহয় উদঙীয়া গৰু। কাৰণ খৰাঙৰ বাবে কৃষকে খেতি কৰিব নোৱাৰে, বানপানীয়ে কৰা খেতিডৰা একেদিনাই নষ্ট কৰি গুচি যায়। থিক একেদৰে আমাৰ খেতিয়কসকলে খৰালী কালত গৰুৰ বাবে খেতি কৰিবলৈ ভয় কৰে লগতে খেতি কৰিলেও অকণমান অমনোযোগিতাৰ বাবে কৃষকৰ বছৰ পৰিশ্ৰম এদিনতে শেষ কৰে উদঙীয়া গৰুৱে।
অসমৰ খেতিয়কসকলে ৰবিশস্যৰ খেতিৰ প্ৰতি গুৰুত্ব নিদিয়াৰ মূলতে উদঙীয়া গৰুৰ সমস্যা। জেওৰা মাৰি ৰবিশস্যৰ খেতি কৰিবলৈ গ’লেই বহু টকাৰ খৰচ পৰে। ভাল হ’লেতো থিকেই যদি শস্য ভাল নহয় তেন্তে কেৰেলাতকৈ গুটি দিঘল হয়। অসমৰ প্ৰতিজন ব্যক্তিয়ে লক্ষ্য কৰিলে দেখিব যে খৰালি কালত অসমৰ পথাৰসমূহ খালি হৈ পৰি থাকে। কিন্তু বাৰিষাকালত নাথাকে। কাৰণ এটাই বাৰিষা কালত গৰুৰ সমস্যা নথকাৰ বাবেই অকণমান মাটি এৰি নিদিয়াকৈ খেতিয়কে খেতি কৰে। কিন্তু খৰালি কালত জেওৰা নিদিয়াকৈ জলকীয়া পুলি এটা ৰুৱলৈয়ো সাহস নকৰে। ইফালে বাৰিষাৰ ধান খেতিতকৈ অধিক লাভাৱান্বিত হয় ৰবিশস্যৰ খেতিত। কিন্তু অসমৰ খেতিয়কে এই খেতিসমূহ কৰিবলৈ সাহ নকৰে কেৱল উদঙীয়া গৰুৰ বাবেই। যাৰবাবে অসমে ৰবিশস্য বা শীতকালীন শস্যসমূহৰ বাবে অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। অথচ কিন্তু এই বিষয়টোক অসমৰ খেতিয়কসকলে, অসম চৰকাৰৰ কৃষিবিভাগে, কৃষক সংগঠনে এবাৰলৈ ভাৱি চোৱা নাই। আমাৰ এই কৃষি জাগৰণ মি়ডিয়া গ্ৰুপৰ তৰফৰ যতমানে চেষ্টা কৰি থকা হৈছে যদিও চৰকাৰ তথা কৃষক ৰাইজৰ চকু খুলিব পৰা নাই।
দেখা যায় অসমৰ পৰম্পৰাগত গো-পালনে অসমৰ কৃষকসকলক কিবা উপকাৰ কৰিছে বুলি ভৱাৰ স্থল বৰ বেছি নাই। কিন্তু গোৱৰ বাবে অৰ্থাৎ সাৰৰ বাবে আৰু হালবাবৰ বাবে গৰু বাহিৰে গত্যন্তৰ নাই। শেহতীয়াকৈ টেক্টৰ, পাৱাৰটিলা আহিছে যদিও অসমৰ অধিকাংশ কৃষকে গৰুৱে হাল বায়। ইয়াৰ বাহিৰে অসমৰ পৰম্পৰাগত গো-পালকসকলৰ কিবা লাভ হৈছে বুলি ধৰিব পৰা নাযায়। কিন্তু ক’ব লাগিব যে অসমৰ খেতিয়ক সমাজে বিপদে-আপদে ঘৰৰ গৰুটো বিক্ৰিয়েই সমস্যা সমাধান কৰে, লৰাটোক কলেজত নাম লগাই দিবৰ বাবে ঘৰৰ গৰু এটা বিক্ৰি কৰে। কিন্তু তাৰ বাবেই আমি উদঙীয়া গৰুৰ সমস্যাটোক গা-এৰা দিলে নহ’ব। উদঙীয়া গৰুৰ বাবেই অসমৰ মানুহে সকলো সুবিধা থকাৰ স্বত্তেও সৰিয়হ খেতি কৰিবলৈ ভয় কৰে, বুটমাহ, মটৰমাহ, আলুখেতি আদি ভিন্ন ধৰণৰ শীতাকালীন খেতিসমূহ কৰিবলৈ সাহস নকৰে। যদি এই খেতিসমূহ অসমৰ খেতিয়কসকলে বাৰিষা কালৰ ধান খেতিৰ দৰে কৰিব পৰা হ’লে অসমৰ সাৰুৱা ভূমিত উৎপাদিত শস্যই জগত জিনিব পাৰিলেহেঁতেন।
কিন্তু ইয়াৰ বিপৰীতে আজি অসমে খাদ্যৰ বাবে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। অসমত বুটমাহ, আলু, দাইলৰ চাহিদা কথা সকলোৱে জানে। এই শস্যসমূহ শীতকালীন শস্য। কিন্তু এই শস্য অসমৰ কৃষকে কৰিব নোৱাৰে কেৱল উদঙীয়া গৰুৰ বাবে। যাৰবাবে এই শস্যবোৰৰ বাবে অসমে গুজৰাট, হাৰিয়ানা, পাঞ্জাৱ আধিৰ দৰে ৰাজ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। দেখা গৈছে অসমৰ কৃষকসকলে কেৱল ধান খেতি কৰাৰ বাহিৰে অন্য শস্যসমূহৰ খেতি কৰিব নোৱৰা বাবে কৃষকৰ অৱস্থা দিনদিনে বেয়া হৈ গৈছে। যাৰবাবে খেতিয়ক দেউতাকৰ অৱস্থা নাইকীয়া অৱস্থাটো দেখাৰ পাছত খেতিয়কসকলৰ সন্তানে খেতিৰ বৃত্তিটোৰ প্ৰতিও অনিহা দেখা গৈছে।
লগতে পঢ়ক- গৰুৰ বাবেই ৫০ বছৰ পিছুৱাই আছে অসমৰ কৃষিখণ্ড!