1. News

আমাৰ স্বাভিমান, অসমৰ গৌৰৱ এশিঙীয়া গঁড়, আজি "বিশ্ব গঁড় দিৱস"

Pranita Chutia
Pranita Chutia
আমাৰ স্বাভিমান, অসমৰ গৌৰৱ এশিঙীয়া গঁড়, আজি "বিশ্ব গঁড় দিৱস"
আমাৰ স্বাভিমান, অসমৰ গৌৰৱ এশিঙীয়া গঁড়, আজি "বিশ্ব গঁড় দিৱস"

আমাৰ স্বাভিমান, অসমৰ গৌৰৱ এশিঙীয়া গঁড়। বিশ্বৰ বুকুত অসমক এক সুকীয়া পৰিচয় দিছে এটা খৰ্গৰ গঁড়ে। এই আপুৰুগীয়া প্ৰাণীবিধৰ আজি দিৱস। গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে প্ৰতি বছৰে ২২ ছেপ্তেম্বৰত পালন কৰা হয় "বিশ্ব গঁড় দিৱস"।

এই বছৰ বিশ্ব গঁড় দিৱসৰ দ্বাদশ বাৰ্ষিকী।

আফ্ৰিকা আৰু এছিয়াত পোৱা পাঁচোটা প্ৰজাতিৰ গঁড় উদযাপন কৰিবলৈ এই দিৱস পালন কৰা হয়।

এই দিনটোৰ লক্ষ্য হৈছে গঁড়ৰ বিপদজনক পৰাজয়ৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

সমগ্ৰ বিশ্বত পাঁচ প্ৰজাতিৰ গঁড় আছে।

পাঁচটা প্ৰজাতিৰ গঁড়ৰ ভিতৰত আছে:

  1. Greater one horned এটা শিঙৰ গঁড়।
  2. Sumatran সুমাত্ৰান,
  3. Black ক'লা,
  4. White বগা আৰু
  5. Javan rhinos জাভান গঁড়।

   এই বছৰৰ বিশ্ব গঁড় দিৱসৰ বিষয়বস্তু হৈছে (Five Rhino Species Forever) পাঁচটা গঁড়ৰ প্ৰজাতি চিৰদিনৰ বাবে।

বিশ্ব গঁড় দিৱস ২০২১ ৰ বিষয়বস্তু আছিল (Keep the 5 Alive) ৫ প্ৰজাতি  জীয়াই ৰখা।

দক্ষিণ আফ্ৰিকাৰ World wildlife fund অৰ্থাত বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF) এ ২০১০ চনত প্ৰথম ঘোষণা কৰিছিল বিশ্ব গঁড় দিৱস। উদ্দেশ্য আছিল, বিশ্বৰ বিলুপ্তপায়ী প্ৰাণী হিচাপে চিহ্নিত হোৱা গঁড়ৰ সংৰক্ষণ কৰা।

 তেতিয়াৰ পৰা প্ৰতি বছৰে, বেচৰকাৰী সংগঠন, চিৰিয়াখানা, প্ৰকৃতিপ্ৰেমী, সচেতন লোক আৰু সমগ্ৰ বিশ্বৰ বন্যপ্ৰাণী গোটবোৰ একত্ৰিতভাবে বিশ্ব গঁড় দিৱস পালন কৰি আহিছে।

এটা শিঙৰ গঁড়ৰ সংখ্যা অসমত সৰ্বাধিক। যিয়ে কেৱল অসমকেই নহয়, বিশ্বৰ বুকুত সমগ্ৰ ভাৰতবৰ্ষক গৌৰৱান্বিত কৰে। উৰাং, মানস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় চাবলৈ ভিৰ কৰেহি দেশী-বিদেশী পৰ্যতক।

সকলোলৈ শুভ বিশ্ব গঁড় দিৱস, Happy World Rhino Day to all.

লগতে পঢ়কঃ আজি বিশ্ব বাঁহ দিৱস

English Summary: World Rhino Day

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.